এখন চিঠিৰ কথাৰে (ইন্দ্ৰনীল গায়ন)

এখন চিঠিৰ কথাৰে

মৰমৰ
অৰুন্ধতী,
তোমাৰ চিঠিখন পাই সঁচাই ভাল লাগিল, তোমাক সেই আনন্দৰ কথা মই কিদৰে ব্যক্ত কৰিম এই চিঠিখনৰ জৰিয়তে ভাবিব পৰা নাই, এক কথাত কওঁ বৰ্তমানৰ যুগত তুমি ই-মেইল, ফোন, নাইবা, ফেচবুকৰ পৰিৱৰ্তে মোলৈ বুলি এখন চিঠি লিখিছা, জানানে? আজিকালি আমাৰ গাঁওবোৰতো আগৰ দৰে চিঠিৰ প্ৰচলন নোহোৱাৰ দৰে হৈ পৰিছে। চিনাকি ডাকোৱালজনক লগ পালে প্ৰায়ে সুধোঁ…. দাদা চিঠি আছে নেকি মোৰ নামত? কিয় সুধোঁ জানানে, অলপ হ’লেও আশা আছিল মই তোমালৈ বুলি লিখা চিঠিখনৰ উত্তৰ পাম বুলি।
চিনাকি ডাকোৱালজনে প্ৰায়ে কয়, ভাইটি আজিকালি চাকৰিৰ নিযুক্তি পত্ৰ, প্ৰৱেশ পত্ৰ, চৰকাৰী নথি পত্ৰৰ,
লগতে বিভিন্ন ধৰণৰ কাগজ পাতিহে আমি কঢ়িয়াই আনো, আগৰ দিন নাই… সেইবোৰ এতিয়া অতীত হ’ল, আজি কালি মানুহবোৰ যিহে ব্যস্ত ঘৰৰ কাষতে থাকিও মাত এষাৰ নোপোৱাৰ দৰে , ক’ত চিঠি লিখাৰ সময়।
হয়তো, ডাকোৱাল জনে ঠিকেই কৈছিল, তথাপিও মই বাট চাই ৰৈছিলো!! কিন্তু আজি তুমি মোলৈ পঠোৱা চিঠিখনে সেই কথাবোৰ যেন পাহৰাই পেলালে, অতীত হৈ পৰা বুলি কোৱা চিঠিখনৰ সেই লেফাফাটোৰ প্ৰতি যেন মই এক তীব্ৰ আকষৰ্ণ অনুভৱ কৰিছিলো !!
বাৰু, এতিয়া চিঠিৰ মূল কথালৈ আহোঁ……..
প্ৰথমে, তোমাক অভিনন্দন জনাইছো, এতিয়া তুমি অৰুন্ধতীৰ পৰা ডঃ অৰুন্ধতী নামেৰে পৰিচিত হ’লা !!
সঁচাকৈয়ে মই খুবেই সুখী অনুভৱ কৰিছো, মই সকলোকে ক’ব পাৰিম, মোৰ লগত একেলগে পঢ়া অৰুন্ধতী এতিয়া ডঃ অৰুন্ধতী হ’ল !! বেয়া পাইছা নেকি…. এনেকৈ কৈ থকাৰ বাবে, মই জানো তুমি এইবোৰ বৰ এটা ভাল নোপোৱা, তথাপি, মই যে তোমাৰ বিশেষ বন্ধুজন…. মোৰ হয়তো সেইখিনি অধিকাৰ আছে…?
কি ভাবিছা অসমলৈ অহাৰ কথা!! নে.. বাংগালোৰতে ?
মইয়ো জানো ইয়াত আমি এতিয়াও বাহিৰৰ ৰাজ্যবোৰৰ তুলনাত অলপ হ’লেও যেন ক’ৰবাত পিছ পৰি ৰৈছো, কিন্তুকিয়..? আমি জানো জানিবৰ ইচ্ছা কৰিছো ইয়াৰ কাৰণ প্ৰতি বছৰেই হাজাৰ হাজাৰ শিক্ষাৰ্থী ইয়াৰ পৰা উচ্চ শিক্ষাৰ বাবে বাহিৰৰ ৰাজ্যসমূহলৈ ঢাপলি মেলে !! তুমিও হয়তো ইয়াৰ বিপৰীত নাছিলা !! এৰা, সকলোৱে নিজৰ কেৰিয়াৰটোৰ বাবে, জীৱনটোত কিবা এটা কৰিবৰ বাবে চেষ্টা কৰিবই !! নাইবা, মাক দেউতাকৰ উচ্চাকাংক্ষাৰ সপোনবোৰৰ প্ৰতি সন্মান জনাই নিজৰ সপোনবোৰ চেপি খুন্দি নিজৰ মাজতেই আবদ্ধ কৰি ৰাখে, কাৰণ, প্ৰথমে যে মা-দেউতাৰ সপোন, তাৰ পিছত হে নিজৰ…আমনি লাগিছে চাগৈ নহয় !!
মোৰ এই দীঘলীয়া বেছি বেছি যেন লগা কথাবোৰ পঢ়ি !!
ৰ’বা কিবা এটা থাকি গ’ল, তুমি আগৰ চিঠিখনত সুধিছিলা? তুমি আগৰদৰে এতিয়াও লিখানে তোমাৰ অনুভৱবোৰ…..সেইবাবেই আজি বহুদিনৰ মূৰত তোমাৰ বাবে কিবা এটা লিখিলো……
!!এৰাঁসূতিৰ সিপাৰেদি উকি মাৰি পাৰ হৈ যায় এমুঠি সান্নিধ্যৰ স্মৃতি !!
…… কেতিয়াবা নিৰ্লিপ্ত হৈ পৰো, সেই দৃষ্টিত, যেন অৰ্থহীন, উদ্দেশ্যহীনভাবে হ’লেও পুনৰ আকৌ ঘূৰি চাওঁ…….
কোনোবা এটা প্ৰান্ততঃ এটি গভীৰ সন্ধিয়া…..
অন্ততঃ
এবাৰলৈ হ’লেও কথা পাতিম………….
তোমাৰ বেছি সময় নলওঁদেই, হয়তো তোমাৰ দৰকাৰী কামৰ বাবে উলাই যাব লগীয়াও থাকিব পাৰে।
আজিলৈ আহিছো…….
তোমাৰ চিঠি পোৱাৰ আশাৰে…..
ইতি
তোমাৰ মৰমৰ বন্ধু
অনিৰ্বাণ
১৭/৮/২০১৩

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!