এখন বিয়া আৰু অসমৰ স্বাৰ্থ (বিশ্বজিৎ সূত্ৰধৰ)
The present national interest of Assam, i.e. marriage of Kareena and Saif Ali Khan. আমি খাব নোপোৱাসকলৰ বাবে এই বিশাল বিয়াখন দূৰৰ পৰাই চাবলগীয়া বিয়া৷ অসমৰ আন কোনো সমস্যা নাই, সেই বাবেই গুৱাহাটী গ্ৰন্থমেলাত অসমীয়াৰ বৌদ্ধিকতাৰ প্ৰদৰ্শনি পতাসকলৰ বাবে এই বিয়াখন বৰ গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ ছইফহঁতে এজনী এৰি কেইদিনমান পিছত আন এজনী আনিব আৰু আমি সেই ফটোবোৰ জাতীয় সম্পদ হিচাপে ছেয়াৰ কৰিম, পাৰিলে সংৰক্ষণ কৰি ৰাখিম৷ অসমীয়া চিনেমা জাহালে-খাহালে গ’ল তাতে কি হ’ল, হিন্দী চিনেমাৰ থাৰ্ডক্লাছ অভিনেতা-অভিনেত্ৰীসকল আছে নহয়! বৰ্তমান অসমৰ নতুন প্ৰজন্মৰ প্ৰতিভাসকল হৈ পৰিছে Exhibitionist. তেওঁলোকৰ যিমান প্ৰতিভা তাতকৈ নিজকে বেছি প্ৰতিভাশালী হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে এতিয়া মাৰাথান আৰম্ভ হৈছে৷ অসমৰ ৱেব মিনিষ্টাৰজনে পতা গুৱাহাটী গ্ৰন্থমেলাৰ এইবাৰ নাম দিয়া হৈছিল সাহিত্য উত্সৱ (বোধহয়)৷ তাত কিমান সাহিত্য হ’ল নাজানো, কিন্তু সাহিত্যৰ নামত এখন প্ৰতিভাৰ প্ৰদৰ্শনী কিন্তু ভালকৈয়ে হোৱা বুলি গ’ম পালো৷ আমি যিসকলে সৰু মোফচলত বাস কৰো, আমাৰ বাবে তেনে বৌদ্ধিক কচৰত কৰাতো সম্ভৱ নহয়৷ মাজে মাজে ভাবো আমিও বোধহয় সুযোগ পালে তেনে প্ৰদৰ্শনবাদীয়েই হ’লোহেতেন৷ অলপতে মোক এজন বন্ধুৱে ক’লে যে অসমৰ অনুবাদজগতত গজগজীয়া হৈ পৰা এজন অনুবাদকে বোলে বিদেশী ভাষাৰ বহু কিতাপ অনুবাদ কৰিছে৷ প্ৰকৃততে তেওঁ বৰ বেছি ইংৰাজী নাজানে৷ কিন্তু বাংলা ভাষাত থকা দখলৰ সহায়ত তেওঁ বাংলাৰ পৰা তেনে কিতাপ অনুবাদ কৰে, আৰু প্ৰচাৰ কৰে যে তেওঁ সকলোবোৰ কিতাপ ইংৰাজীৰ পৰাহে অনুবাদ কৰিছে৷ এসময়ত আমাৰ ভাষাত ত্যাগৰ সাহিত্য আছিল৷ আপোনালোকে অম্বিকাগীৰিৰ ‘মোৰ জীৱনৰ ধুমুহাৰ এচাতি(?)’ নামৰ কিতাপখন নিশ্চয় পঢ়িছে৷ ভাবিলে আচৰিত হওঁ কি শক্তিৰ বলত তেওঁ ইমান ত্যাগ স্বীকাৰ কৰিব পাৰিছিল৷ আপোনালোকে ব্ৰজ শৰ্মাৰ ‘বিপ্লৱী’ পঢ়ক৷ দেখিব কি এক বিৰল ত্যাগী আছিল সেইজন লোক৷ বেণুধৰ শৰ্মাৰ আত্মজীৱনী পঢ়ক, দেখিব এসময়ত অসমীয়া ভাষা-সাহিত্যৰ নামত সেইজনে কি ত্যাগ কৰিছিল৷ এইসকলৰ কোনোজনেই সোণৰ চামুচ লৈ জন্ম গ্ৰহণ কৰা নাছিল, কিন্তু দেশ আৰু জাতিৰ নামত তেওঁলোকে বৈষয়িক জীৱনৰ বহুতখিনি বস্তু ত্যাগ কৰিছিল৷ আজি অসমীয়া মধ্যবিত্ত ইণ্টেলিজেন্সিয়াই সাহিত্যৰ মাজেৰে দেশক সেৱা নকৰে, সহজাৰ্থত তেওঁলোকে সাহিত্য সেৱা নকৰে, সাহিত্যৰ নামত সেৱা কৰে গ্লেমাৰক- হয় এইবাৰ গ্ৰন্থমেলাৰ বাতৰিবোৰ পৰ্যবেক্ষণ কৰি মই ভালকৈ অনুভৱ কৰিছো যে সাহিত্যিক হিচাপে নিজৰ নামটো চৰকাৰী তালিকাত অন্তৰ্ভূক্ত কৰিবলৈ যেন এছাম নতুন প্ৰজন্মৰ লেখক-লেখিকাৰ হুৱাদুৱা লাগিছিল৷ বহু কেইজন প্ৰবীণ সাহিত্যিকৰ কথা বাৰু নকওঁৱেই৷ মই শেষ সিদ্ধান্তলৈ আহিছো, স্তাৱকৰ গালৈ শিল দলিয়াব নালাগে, সিহঁতক পুতৌৰ দৃষ্টিৰে চাব লাগে৷ ষোড়শ লুই মৰিল, কিন্তু স্তাৱক এতিয়াও মৰা নাই৷ এইদল স্তাৱকৰ বাবে বহুত গুৰুত্বপূৰ্ণ কথা হ’ল কৰিনা আৰু চইফৰ বিয়াখন৷ কিমধিকমিতি….