এগৰাকী নাৰীৰ প্ৰেমত পৰিবলৈ – মূল: কে. সচ্চিদানন্দন, অনুবাদ : উৎপল দত্ত

 

এগৰাকী নাৰীৰ প্ৰেমত পৰা মানে

তেওঁক পাষাণ মুক্ত কৰাৰ ☼

মূৰৰ পৰা ভৰিলৈ, মৰম কৰি কৰি

অভিশাপত গোট মৰা তেওঁৰ তেজক

এটা সপোনৰে উৰু কৰি দিয়া।

 

এগৰাকী নাৰীৰ প্ৰেমত পৰা মানে

তেওঁৰ এলান্ধু লগা দিনবোৰক

সলনি কৰি দিয়া গান গোৱা এটা চৰাইলৈ

যিয়ে উশাহ লয় সৰগৰ পুষ্পৰেণুৰ।

 

এগৰাকী নাৰীৰ প্ৰেমত পৰা মানে

মেঘ আন্ধাৰ আকাশৰ তলত

ধুমুহাই সাৰি নিয়া সাগৰত নাও মেলি দিয়া

এখন নতুন দেশৰ সন্ধানত।

এটা তুলসী পুলি তুলি নিয়া

নিজৰ চোতালৰ পৰা এক অচিন সমুদ্ৰ তটলৈ

ৰোপণ কৰা তাত

 

এগৰাকী নাৰীৰ প্ৰেমত পৰা মানে

তোমাৰ মাংসপেশীৰ কাঠিন্য সলনি কৰি লোৱা

ফুলৰ কোমলতাৰ লগত ۩

মুক্ত কৰা নিজকে বৰ্ম আৰু মুকুটৰ পৰা,

নগ্ন, অতিক্ৰম কৰা আৰু এখন আকাশ

অন্য এটা গ্ৰহৰ, অন্য এটা জলাশয়ৰ

আৰু বতাহৰ বাবে এৰি দিয়া দেহৰ সকলো মঙহ।

 

এগৰাকী নাৰীৰ প্ৰেমত পৰা মানে

সুতীক্ষ্ন তৰোৱালেৰে মচি দিয়া তেওঁৰ

দেহৰ সমগ্ৰ প্ৰাচীন দাগ

আৰু কলিজাটো হেচি ধৰা তৰোৱালৰ ধাৰত

যেতিয়ালৈকে নিগৰি শেষ নহয় তোমাৰ সকলো তেজ

 

মই এগৰাকীও নাৰীৰ প্ৰেমত পৰিব নোৱাৰিলোঁ।

 

■■■

 

☼ অহল্যাৰ কাহিনী। গিৰীয়েক বিশ্বামিত্ৰৰ শাপত তেওঁ শিল হৈ গৈছিল। পিছত ৰামৰ স্পৰ্শই তেওঁক পুনৰ মানৱী জীৱন দিয়ে।

۩ পঞ্চপাণ্ডৱৰ আটাইতকৈ শক্তিশালী ভীমক দ্ৰৌপদীয়ে ‘সৌগন্ধিকা’ ফুল আনিবলৈ পঠিয়াইছিল আৰু বহু বাধা অতিক্ৰম কৰি তেওঁ কামটো সম্পূৰ্ণ কৰিছিল।

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!