এঘণ্টাৰ গল্পটো ( কেইট চ’পিনৰ ইংৰাজী গল্প “The story of an hour”ৰ অসমীয়া অনুবাদ) মূলঃ কেইট চ’পিন অনুবাদঃ নিংকু নিশা নেওগ

মিচেছ মেলাৰ্ডে দীৰ্ঘদিন ধৰি হৃদযন্ত্ৰৰ অসুখত ভুগি থকাৰ কথা সকলোৱেই জানে। সেয়ে তেওঁৰ স্বামীৰ মৃত্যুৰ খবৰটো তেওঁক জনাওঁতে সকলোৱে বিশেষ সাৱধানতা অৱলম্বন কৰিছে।

মিচেছ মেলাৰ্ডৰ ভনীয়েক জ’চলীনে প্ৰকৃত খবৰটো তেওঁক জনাবলৈ শংকা কৰি অলপ ভঙা ভঙাকৈ জনালেহি। তাইৰ কথাখিনি কওঁতে বাৰে বাৰে খোকোজা লাগিছে। তথাপিও মিচেছ মেলাৰ্ডৰ কাৰণে কথাখিনি বুজাত কোনো অসুবিধা নহ’ল। সেইখিনি সময়ত তেওঁৰ স্বামীৰ বন্ধু ৰিছাৰ্ডচ তেওঁৰ একেবাৰেই ওচৰতে ৰৈ আছিল। ৰিছাৰ্ডছে বাতৰিকাকতৰ অফিচত ওলোৱা ৰেল দুৰ্ঘটনাত নিহত হোৱাসকলৰ তালিকাৰ প্ৰথমতেই ব্ৰেণ্টলি মেলাৰ্ডৰ নামটো দেখিয়েই উধাতু খাই আহি ওলাইছে। তেওঁ ইমান খৰধৰকৈ আহিল যে খবৰটোৰ নিশ্চয়তা জানিবলৈ দ্বিতীয়খন মেইল আহি পাওঁতে যিমানখিনি সময়ৰ প্ৰয়োজন হয় সিমানহে পলম কৰিলে। তাৰ পিছতেই কোনো আবেগ আৰু সংবেদনা অনুভৱ নকৰাকৈ দুঃখবৰটো সকলোকে জনালেহি।

সাধাৰণতে এনেকুৱা এটা দুঃখবৰ পালে অন্য মহিলাসকলে যিদৰে বাস্তৱ সত্যক গ্ৰহণ কৰিব নোৱাৰি অস্থিৰ হৈ পৰে, মিচেছ মেলাৰ্ডে কিন্তু ইমান ডাঙৰ খবৰটো শুনাৰ পিছতো তেনেকুৱা আচৰণ নকৰিলে। তেওঁ মাত্ৰ এক মুহূৰ্তৰ বাবে আবেগ সম্বৰণ কৰিব নোৱাৰি ভনীয়েকক সাৱতি উচুপি উঠিল। কিন্তু দুখৰ বা-মাৰলীজাক শাম কটাৰ পিছতেই তেওঁ স্বাভাৱিকভাৱেই নিজৰ কোঠাৰ দিশে অগ্ৰসৰ হ’ল। নিজৰ কোঠালৈ যাওঁতে তেওঁ সতৰ্ক হ’ল যাতে কোনেও তেওঁক অনুসৰণ নকৰে।

কোঠাৰ ভিতৰত তেওঁ এখন আৰামী চকীত খোলা খিৰিকীখনৰ সন্মুখা- সন্মুখিকৈ আৰাম কৰি বহি ল’লে। লাহে লাহে তেওঁ কোঠাৰ ভিতৰত নিজৰ মাজতেই ডুব যাবলৈ ধৰিলে। তেওঁৰ অৱশ শৰীৰটো ভাগৰে এফালৰ পৰা চেপি খুন্দি আনিবলৈ ধৰিলে। তেওঁৰ কিয় জানো এনেকুৱা লাগিবলৈ ধৰিছে শৰীৰৰ এই ভাগৰে অলপ পিছত তেওঁৰ আত্মাটোও গিলি পেলাব।

তেওঁ বহি থকা ঠাইৰ পৰাই সন্মুখৰ মুকলি ঠাইখিনিলৈ মন কৰিলে। তেওঁ দেখিলে তাত থকা গছবোৰৰ মুধচত নৱ বসন্তৰ নৱ জীৱনে কোঁহ মেলা আৰম্ভ কৰিছে। সেইখিনিৰ পৰা এঢলীয়া হোৱা ৰাস্তাৰ তলৰ ফালে ফুটপাথৰ অস্থায়ী দোকানী এজনে গ্ৰাহকক আকৰ্ষিত কৰিবৰ বাবে ডাঙৰ ডাঙৰকৈ চিঞৰি আছে। কিছু দূৰত অচিনাকি কোনোবা এজনে গাই থকা গানৰ সুৰ এটাৰ কিছুমান খণ্ড-কথা চেতনা হেৰুৱাই তেওঁৰ কৰ্ণকুহৰত প্ৰতিধ্বনিত হৈছেহি। তেওঁৰ নিজৰ ঘৰৰ চিলিঙত থকা এজাক ঘৰচিৰিকায়ো কিচিৰ-মিচিৰ কৰি কোৰ্হাল কৰি আছে।

তেওঁ বহি থকা খিৰিকীৰেই দেখা পালে নীলা আকাশখনত ভাঁহি ফুৰা বগা বগা অলেখ ডাৱৰৰ টুকুৰা। সিহঁতক দেখিলে এনেকুৱা লাগে কিবা এটা ফুৰ্তিত সিহঁতে যেন ইফালৰ পৰা সিফাললৈ মুক্ত মনেৰে উৰি ফুৰিছে, এটুকুৰাই আনটুকুৰাৰ লগত মনৰ কথা পাতিছে আৰু খোজত খোজ মিলাই পশ্চিম আকাশৰ ফালে ধাৱমান হৈছে।

তেওঁ আৰামী চকীখনতে অলপ আউজি ভালকৈ বহি শৰীৰটো সম্পূৰ্ণকৈ এৰি দিলে। এনেতে বুকুৰ পৰা উজাই অহা এটা শোকৰ উচুপনিয়ে তেওঁৰ ডিঙিটো সোপা মাৰি ধৰিলেহি আৰু তেওঁ কান্দোনত ভাঙি পৰিল। গভীৰ টোপনিত থকা এটা শিশুৱে সপোন দেখি কান্দি উঠাৰ পিছত পুনৰ শুই পৰাৰ দৰেই তেওঁ উচুপি থাকিল।

তেওঁ মন কৰিলে তেওঁতো এতিয়াও গাভৰু হৈয়েই আছে। তেওঁৰ ধুনীয়া আৰু শিশুৰ দৰে শান্ত মুখখনত পৰিবলৈ ধৰা বলিৰেখাবোৰে তেওঁৰ সৌন্দৰ্য লাঘৱ কৰাৰ সলনি তেওঁৰ ব্যক্তিত্বত আধিপত্য আৰু মনোবল জিলিকাই তুলি ৰূপত ৰহণহে লগাইছে। কিন্তু তেওঁৰ সেই সৌন্দৰ্যৰ সলনি এতিয়া এযোৰ অনুজ্জ্বল শেঁতা চকুহে আছে যি অথনিৰে পৰা নীলা আকাশৰ ডাৱৰবোৰ একেলেথাৰিয়ে থৰ হৈ চাই আছে। তেওঁৰ সেই উদাস দৃষ্টিত কোনো ধৰণৰ সৌন্দৰ্যৰ জিকমিকনি ফুটি উঠা নাই কিন্তু তাৰ সলনি এক গভীৰ বুদ্ধিমত্তা হেৰুৱাই পেলোৱাৰ চাপ স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে।

তেওঁ অনুভৱ কৰিছে কিবা যেন এক অদৃশ্য শক্তি তেওঁৰ অভিমুখে আহি আছে আৰু তেওঁ ভয়ে ভয়ে তালৈ অপেক্ষা কৰি আছে। কিন্তু কিনো সেই আচহুৱা শক্তি তাৰ বিষয়ে তেওঁ নিজেও নাজানে। হয়তো সেইয়া এক অতি সূক্ষ্ম আৰু মায়াবী শক্তি যাৰ নামাকৰণ কৰাও সম্ভৱ হৈ উঠা নাই। কিন্তু তেওঁ অনুভৱ কৰিছে বতাহত মিহলি হৈ থকা শব্দ, ৰং আৰু গোন্ধবোৰ চিৰাচিৰ কৰি কিবা এটা যেন তেওঁৰ ফালেই আগুৱাই আহিবলৈ ধৰিছে।

মিচেছ মেলাৰ্ড অলপ চিধাহৈ বহিবলৈ যত্ন কৰিলে কিন্তু অকস্মাত তেওঁ বাগৰি পৰিল। তেওঁ লাহে লাহে নিজক আচ্ছন্ন কৰি তুলিবলৈ চেষ্টা কৰা বস্তুটো চিনি পালে আৰু প্ৰতিৰোধ কৰিবলৈ অৱশ আৰু ভৰহীন হাত দুখনৰ দৰেই শক্তিহীন হৈ পৰা নিজৰ আত্মশক্তিৰে সাজু হ’ল।

যেতিয়া তেওঁ নিজকে সেই অদৃশ্য শক্তিৰ পৰা মুক্ত কৰিবলৈ সক্ষম হ’ল তেওঁৰ সামান্যকৈ মেল খাই পৰা ওঁঠযুৰিৰ পৰা এটা মৃদু ফুচফুচনি শুনা গ’ল। তেওঁ নিজৰ প্ৰতিটো শ্বাস- প্ৰশ্বাসৰ লগত বাৰে বাৰে এটা শব্দকে দোহাৰি থাকিবলৈ ধৰিলে, “মুক্ত, মুক্ত, মুক্ত!” তেওঁৰ থৰ লাগি স্তব্ধ হৈ যোৱা দৃষ্টি লৈ চকুযুৰিৰ পৰা এক ভয় ভয় ভাৱ বগুৱা বাই বাই আহিবলৈ ধৰিলে। তেওঁৰ দৃষ্টি অধিক প্ৰখৰ আৰু উৎসুকতাৰে পৰিপূৰ্ণ হৈ পৰিল। তেওঁৰ নাড়ীৰ গতি বৃদ্ধি পাবলৈ ধৰিলে আৰু ধমনীৰে প্ৰৱহমান উষ্ণ ৰক্তই তেওঁৰ শৰীৰৰ প্ৰতিটো অংগ শিথিল কৰি তুলিলে।

সেইয়া যেন এক মুহূৰ্তৰ বাবে তেওঁ অনুভৱ কৰা কিবা পৈশাচিক আনন্দৰ বহিৰ্প্ৰকাশ আছিল নেকি বুলি তেওঁ নিজকে প্ৰশ্ন কৰিবলৈও এৰা নাছিল। কিন্তু মগজুৰ পৰা লাভ কৰা এক স্পষ্ট আৰু সূক্ষ্ম অনুভূতিয়ে সেইয়া তেওঁৰ মনলৈ অহা সামান্য দুৰ্বলতাহে বুলি তেওঁক ভাবিবলৈ বাধ্য কৰিলে।


মিচেছ মেলাৰ্ডে ভালকৈয়ে জানে যেতিয়া তেওঁ স্বামীৰ আদৰৰ কোমল হাত দুখন মৃত্যুশয্যাত কোঁচ খাই থকা দেখিব তেওঁ নিজৰ কান্দোনক বাধা দি ৰাখিব নোৱাৰিব। তেওঁৰ স্বামীৰ মুখাবয়ৱলৈ মনত পেলালে, যিখন মুখেৰে তেওঁৰ স্বামীয়ে আগতে মৰমেৰে তেওঁলৈ কেতিয়াবা চাইছিলনে নাই তেওঁৰ এতিয়া মনতো নাই যদিও সেই মুখখন মৃত্যুৱে শেঁতা আৰু লৰচৰহীন কৰি পেলোৱা দেখা পালে তেওঁৰ দুখ লাগিব। কিন্তু মিচেছ মেলাৰ্ডৰ এই তিতা মুহূৰ্তটোতকৈ অধিক নিজৰ জীৱনৰ আহিবলগীয়া দিনবোৰৰ কথা মনলৈ আহিছে যিবোৰ একান্তই কেবল তেওঁৰ হ’ব। সেই কথা মনলৈ অহাৰ লগে লগেই তেওঁ ভৱিষ্যতৰ দিনবোৰক আদৰণি জনাবলৈ নিজৰ দুবাহু মেলি সাজু হ’ল।

মিচেছ মেলাৰ্ডে ভালকৈ জানে আহিবলগীয়া বৰ্ষবোৰত তেওঁৰ কাষত তেওঁৰ কাৰণে কোনোৱেই নাথাকিব। তেওঁ নিজেই নিজৰ সংগী হ’ব লাগিব। তেওঁ এনেও অন্য নাৰী আৰু পুৰুষে নিজৰ জীৱনসংগীৰ ওপৰত প্ৰবল ইচ্ছাশক্তিৰে অধিকাৰ সাব্যস্ত কৰাৰ দৰে অন্ধ ধাৰণাক কেতিয়াও প্ৰশ্ৰয় নিদিয়ে। তেওঁ যে এনেকৈ ভাৱিছে তাৰ আঁৰত থকা ভাল আৰু বেয়া দুয়োটা অভিপ্ৰায়েই অপৰাধ নহয় বুলি তেওঁ নিজকে নিজে প্ৰবোধ দিছে।

মিচেছ মেলাৰ্ডে মনত পেলাবলৈ যত্ন কৰিলে, তেওঁ দেখোন নিজৰ স্বামীক কেতিয়াবাহে ভাল পাইছিল। স্বামীক তেওঁ সদায় ভালপাব পৰা নাছিল। অৱশ্যে সেইটো কথাৰনো এই মুহূৰ্তত কি গুৰুত্ব থাকিব পাৰে? প্ৰেমক আচলতে কিহে সমাধানহীন ৰহস্য কৰি তোলে? তেওঁ নিজৰ জীৱনৰ আত্মোপলব্ধিৰ এইটো পৰ্যায়ত আহি উপনীত হৈ অনুভৱ কৰা আটাইতকৈ শক্তিশালী আবেগে হঠাতে সেইয়া চিনাক্ত কৰি পেলাইছে।

“মুক্ত, মোৰ শৰীৰ আৰু মন মুক্ত। আস্ সকলোৱেই মুক্ত।” মিচেছ মেলাৰ্ডে কোনেও নুশুনাকৈ ফুচফুচাই উচ্চাৰণ কৰিলে।
তেনেতে জ’চলীনে আহি তেওঁৰ কোঠাৰ দুৱাৰৰ সিপাৰৰ পৰা দুৱাৰখন খুলি দিবলৈ কাতৰে অনুৰোধ কৰিলেহি। “লুইছ, দুৱাৰখন খোলা। মই তোমাক কাবৌ কৰিছোঁ। তুমি এনেকৈ সোমাই থাকি নিজক অসুস্থ কৰি পেলাবা। চাওঁচোন লুইছ, ভিতৰত তুমি কি কৰি আছানো? ভগৱানৰ শপত দুৱাৰখন খুলি দিয়াহি।”
“জ’চলীন, তুমি যোৱা। তুমি ভৱাৰ দৰে মই নিজৰ কোনো অনিষ্ট কৰা নাই।” তেওঁহে জানে, তেওঁ যে এতিয়া খোলা খিৰিকীৰে জীৱনৰ অমৃত সুধা পান কৰি থকা মুক্ত মানুহ।

তেওঁৰ সন্মুখত জীৱনৰ আহিবলগীয়া দিনবোৰৰ ৰঙীন স্বপ্নই উপদ্ৰব কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ সুখী যে আহিবলগীয়া বসন্তৰ দিনবোৰ, গ্ৰীষ্মৰ দিনবোৰ.. বা আহিবলগীয়া প্ৰতিটো দিনেই এতিয়া কেৱল তেওঁৰ একান্তই নিজৰ হ’ব। তেওঁ ঘন ঘনকৈ উশাহ লৈ থকাৰ মাজতেই চুটিকৈ প্ৰাৰ্থনা কৰিলে তেওঁৰ জীৱনটো যেন সুদীৰ্ঘ হয়। তেওঁ মনত পেলালে কালিয়েইতো তেওঁ প্ৰাৰ্থনা জনাইছিল যে মানুহৰ জীৱনটো সদায় দীঘলীয়া হ’ব লাগে।

মিচেছ মেলাৰ্ড এইবাৰ বহাৰ পৰা উঠি আহি ভনীয়েকে চিঞৰি থকাৰ কাৰণে দুৱাৰখন খুলি দিলেহি। তেওঁৰ দুচকুৱে জ্বৰ হোৱা মানুহৰ চকু দুটা ৰঙা পৰি থকাৰ দৰে এক জয়ৰ স্বাক্ষৰ বহন কৰিছিল আৰু তেওঁ বিজয়ী নেত্ৰীৰ চাৱনি এটাৰে অনিচ্ছাসত্ত্বেও ওলাই আহিছিল। তেওঁ ভনীয়েকক সাৱতি ধৰি খটখটিয়েদি নামি আহিবলৈ ধৰিলে। ৰিছাৰ্ডছ সিহঁতলৈ অপেক্ষা কৰি তলতেই ৰৈ আছে।

কোনোবা এজনে সন্মুখৰ মুখ্য দুৱাৰখন খুলিছে। খোলা দুৱাৰেদি ভাগৰুৱা হৈ ব্ৰেণ্টলি মেলাৰ্ড সোমাই আহিল। তেওঁৰ হাতত লগত লৈ যোৱা বেগ আৰু ছাতিটো। দুৰ্ঘটনা হোৱা ঠাইখনৰ পৰা তেওঁ বহু দূৰত আছিল। হয়তো তেওঁৰ সৈতে একে নামৰ আন কোনোবা এজন তাত আছিল বুলিও তেওঁ জনা নাছিল। ব্ৰেণ্টলি হঠাতে জ’চলীনৰ কান্দোনৰ উচ্চ শব্দ আৰু ৰিছাৰ্ডচে চিঞৰ মাৰি তেওঁৰ পত্নীলৈ আঙুলিয়াই দিয়াৰ ফালে চাই আচৰিত হৈ পৰিল।
কিন্তু তেতিয়ালৈ ৰিছাৰ্ডচে বহুত পলম কৰি পেলালে।
কিছু সময়ৰ পিছত ডাক্তৰ আহি মিচেছ মেলাৰ্ডক পৰীক্ষা- নিৰীক্ষা কৰি তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি ঘোষণা কৰিলেহি। অতি মাত্ৰা আনন্দই বোলে তেওঁৰ বাবে কাল হ’ল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments