এঙেৰুৱা আকাশ (মাধুৰীমা ঘৰফলীয়া)

কেতিয়াবা কিছুমান মুহূৰ্তত কিছুমান প্ৰশ্নৰ উত্তৰ শুনিবলৈ যেন বতাহো ৰৈ যায়। কাণৰ কাষত লৈ থকা মোবাইলটোৰ সিপাৰৰ পৰা অহা প্ৰশ্নটো শুনি নিকুৰ তেনেকুৱাই লাগিল। কি ক’ব তাই !! অলপ আঁতৰত বহি থকা বায়েক মমতাই আঁৰ চকুৰে তাইলৈকে চাই আছে। শুনিব নুখুজিও যেন তাই শুনিব খুজে নিকুৱে কি ক’ব। অথচ নিকুৱে কতবাৰ তেনে প্ৰশ্নৰ উত্তৰ দি গৈছে। কতবাৰ সহজভাৱেই তেনে পৰিস্থিতিৰ সন্মুখীন হৈছে। আজিৰ দৰেতো তাই কোনোদিনে থমকি ৰ’ব লগা হোৱা নাই ! আজি কিয় ৰৈ গৈছে ? সৌ সিদিনালৈকেচোন এইবোৰ তাইৰ বাবে সাধাৰণ সাধাৰণ যেন লগা জীৱনৰ অংশ আছিল !!

সৌ সিদিনালৈকে। যেতিয়া কোনোবাই তাইক মাতিছিল…

-ঐ গুৰৰ টিং …গুৰৰ টিং ঐঐঐ
ঠাচ !!
প্ৰথমে এটা কৌতুক মিহলি চিঞৰ আৰু তাৰ পাছত হোৱা আন এটা শব্দই সেই চিঞৰটোক আধাতে বন্ধ কৰি দিয়াত নিকুৱে উভতি চাবলৈ বাধ্য হ’ল। চৰ খাই গালখন মোহাৰি মোহাৰি পতুকণ আঁতৰি গৈছে যদিও চৰ মৰা মমতাই তেতিয়াও ৰণচণ্ডী মূৰ্তি ধৰিয়ে আছে।
-আৰু এদিন যদি তোক তেনেকৈ মতা শুনো চাবি,বাপেৰৰ আগতে টিপা মাৰি ধৰিমগৈ। পেট-কপটীয়া বাপেকটোৱে লোকক নাম দি ফুৰিব আৰু পুতেকে সেই নামেৰে জোকাবলৈ আহিব। হেৰৌ তহঁতৰ নিজৰ চেহেৰাটো কেতিয়াবা আইনাত চাইছনে ?
-হ’ব আৰু বাইদেউ। আহ ঘৰলৈ যাওঁ।
নিকুৱে অতিষ্ঠ হৈ বায়েকক টানি আনিলে।
-তোৰ এই স্বভাৱৰ বাবেই সিহঁতি চল পাই বুজিছ। কাণতলীয়া চৰ এটা শোধাই দিলেই চব বন্ধ হৈ যায়।
-কাক কিমান চৰ শোধাবি বাইদেউ …
-কলৈ গৈছিলি অ’ ক’লী ? মায়েৰাই অথনিৰে পৰা বিচাৰি আছে। যা সোনকালে।
কাষেদি পাৰ হৈ যোৱা দদায়েকৰ কথা শুনি নিকুৱে বায়েকলৈ চাই হাঁহি এটা মাৰিলে।
-শুনিলি নহয় বাইদেউ। চৰ শোধাই লাভ নাই।
কোঁচত লৈ অহা বগৰীখিনিৰ পৰা বগৰী এটা মুখত ভৰাই নিকু আগবাঢ়ি গুছি গ’ল। মমতাই এটা পল থৰ লাগি ৰৈ তাইৰ পাছে পাছে আগবাঢি়ল।
স্কুলৰ পৰা আহি থাকোঁতেই দুয়োজনীয়ে পাং পাতিছিল, এৰাবাৰীৰ বগৰীজোপাৰ পৰা বগৰী আনিবগৈ। এৰাবাৰীলৈ মাকে সিহঁতক কেতিয়াও যাবলৈ নিদিয়ে। তাত যিহে ভূতৰ তাণ্ডৱ। নকৈ জীয়ৰী হোৱা ছোৱালী গাত কেনেবাকৈ ভূত লম্ভিলে পাছত বিয়া দিবলৈকে টান হ’ব বুলি ভাবি মাকবোৰে ছোৱালীবোৰক সেইফালে মুখকে কৰিবলৈ নিদিয়ে। সেইবাবেই মাকে খুৰীয়েকৰ ঘৰলৈ কিবা এটা বিচাৰি যোৱা সময়তে চল চাই দুয়োজনী এৰাবাৰীলৈ পোনাইছিল। বগৰীখিনি দেখি সিহঁতৰ মনটো উলাহত নধৰা হৈ আছিল পিছে উভতি আহোঁতে এই পতুকণেহে মনটো বেয়া কৰি দিলে।
এনেকুৱা নহয় যে এই বিষয়ত মমতাই আজিয়েই প্ৰথম কাজিয়া লাগিছে। মমতাই প্ৰায়েই কাজিয়া লাগে। কেতিয়াবা নিজৰ ককায়েকৰ লগত ,কেতিয়াবা আনৰ লগত। মুঠতে নিকুক ক’লী বোলা,নিকুক দেখিবলৈ বেয়া বুলি কোৱা চবৰে লগত মমতাই কাজিয়া লাগে। কেতিয়াবা মাকক সোধে-মা এইৰ নামটো ক’লী বুলি কোনে থৈছিল নো..
– জানো …
-কি জানো ? তুমি নামটো থোৱাৰ সময়ত ক’ব নোৱাৰিলা নেকি মোৰ ছোৱালীজনী ছালখন ক’লা হ’লে কি হ’ব তাইৰ মনটো ক’লা নহয়গৈ নহয়।
-হেহ ! নামতনো কি আছে অ’।
-আছে আছে বহুত কিবা কিবি আছে। তোমালোকে নুবুজিবা। হয়তো ময়ো নুবুজিম।
মমতাই তেনেকুৱা মূৰ্তি ধৰিলে নিকুৱে তাইক বুজনি দিয়ে।
-তই অলপ বেছি ভাৱ বাইদেউ। ক’লা হোৱাৰ বাবে মই নোখোৱাকৈ আছোনে।
-নোখোৱাকৈ থকা নাই বুলি ময়ো জানো কিন্তু এই যে পুৱা…
আধাতে ৰৈ যোৱা মমতাৰ কথাখিনি নিকুৱে নকলেও বুজি পায়। এৰা ক’লী বুলি মতাৰ বাবে তাই নোখোৱাকৈ থকা নাই। এই যে টিভিত দেখাই থাকে ক’লা শৰীৰ বগা কৰিব পৰা বিজ্ঞাপনবোৰ,যিবোৰৰ মতে ভাবিলে ক’লা ৰঙৰ মানুহে জীয়াই থকাতকৈ শিলত মূৰ আছাৰি আছাৰি মৰি থাকিব লাগে ,সেইবোৰ বিজ্ঞাপন দেখিও নিকুৰ মন বেয়া নালাগে। কিন্তু বেয়া লাগে তেতিয়াই যেতিয়া কেৱল দেখিবলৈ শুৱনি নোহোৱাৰ বাবেই কোনোবাই লগত বিয়া,সবাহ খাবলৈ নিবলৈ নিবিচাৰিলে , লগৰ বান্ধৱীবোৰে বিচৰামতেই বন্ধু-বান্ধৱ গোটাই অথচ তাইৰ কাৰোবাৰ বন্ধু হ’ব খুজিলেও কোনেও আগ্ৰহ নেদেখুৱালে। সেইবাবেই কেতিয়াবা কেতিয়াবা তাই ধুনীয়া হৈ চাবলৈ মন যায়। কোনে জানো কৈছিল পুৱাই বোলে কুহুমীয়া গৰম পানীৰে মুখখন মালিচ কৰিব লাগে ,তেতিয়া মুখখন উজ্জ্বল হয়। তাই কৰি চাইছিল। মমতাই চাগৈ তাকে দেখিলে !
মমতাই আৰু বহু কিবা-কিবিয়েই দেখি আহি থাকিল। নিকুৰ উৰ্ধমুখী শৈক্ষিক জীৱন,তাইৰ সফলতাবোৰ। সময়ৰ লগে লগে নিকুৰ ভিন্ন ধৰণৰ নামবোৰ হেৰাই গৈ থাকিল। হেৰাই গৈ থাকিল তাইৰ হীনমন্যতা, হতাশা আদিবোৰ। কিছুমানে তাইৰ অনুপস্থিতিত সেই নামবোৰ লৈছিল যদিও তাইৰ সমুখত ভাল নামেৰে সম্বোধন কৰিছিল। পিছে ডাঙৰ হৈ অহাৰ পাছত আন এটা সমস্যাই দেখা দিলে ,
বিয়া।
ইতিমধ্যে মমতাৰ বিয়া হৈ গৈছিল।নিকুলৈ মনে মনে দৰা বিচাৰি হাবাথুৰি খোৱা মাকে এদিন বোৱাৰীয়েকক সুধিলে-তোমালোকৰ যে মামাৰ ল’ৰা ,তালৈ বোলে বিয়া পাতিবলৈ তোমাক ছোৱালী চাবলৈ কৈ আছে ,আমাৰ নিকুকে দেখুৱাব পাৰাচোন।
বোৱাৰীয়েকে চাহ খাই থকা গিৰিয়েকলৈ চাই কওঁ নকওঁ কৈ ক’লে-মা সি মানে অলপ ‘হেৰি’ ছোৱালী বিচাৰি আছে,নহ’লে নিকুকে দেখুৱালোহেঁতেন।
আচম্বিতৰূপে অফিচৰ পৰা আহি ঘৰত সোমোৱা নিকুৱে সেইকথাষাৰ শুনি অকণো খোকোজা নলগাকৈ বৌয়েকক ক’লে-তোমালোকে মোৰ বিয়াৰ বাবে চিন্তা নকৰিবাচোন। মই নিজৰ বিয়াখন নিজেই ঠিক কৰি ল’ম নহয়।
নিকুৱে কথামতেই কাম কৰিছিল। সময়ত নিজৰ সহকৰ্মী বিজয়ৰ সৈতে তাই বিয়াত বহিছিল। বিয়াৰ ঠিক দুদিনৰ আগত নিজৰ আবিয়ৈ ধুনীয়া জীয়েকজনীৰ ফালে এপাক চাই পেহীয়েকে সুধিছিল-সি তোক কি দেখি পচন্দ কৰিলে হয়নে ?
মমতা কাষত থকাহ’লে সেইদিনা আৰু এখন কাৰগিলৰ যুদ্ধৰ দৰে যুদ্ধ হ’লহেঁতেন চাগৈ। ভাগ্যই তাই নাছিল। নিকুৱে সহজ ভাবে পেহীয়েকক কৈছিল
-একেলগে পঢ়িলোঁ,একেটা অফিচতে চাকৰিও পালোঁ গতিকে দেখি দেখি দুয়োৰো মন মিলিল আৰু পেহী !
-তোৰ ভাগ্যখন বৰ ভাল দে।
আৰু বিজয়ৰ ভাগ্যখন ? নাই পেহীয়েকক তাই উভতি একো নুসুধিলে। আনকি পেহীয়েকৰ কথাষাৰ দ্বিতীয়বাৰ মনতো নপৰিল।
কিন্তু আজি…
বিজয় আৰু তাইৰ প্ৰথম সন্তানটোৱে আজি পুৱা পৃথিৱীৰ মুখ দেখিলে। তাৰ জন্ম হোৱাৰ পাছৰে পৰা ইটোৰ পাছত সিটো ফোন আহিয়ে আছে। অপাৰেচন থিয়েটাৰৰ পৰা আহি কেবিনৰ বিচনাত শুই নিকুৱে ধৰা প্ৰথম ফোনটোৰ সিপাৰৰ পৰা পেহীয়েকে প্ৰশ্ন কৰিলে-বেবিটো কেনেকুৱা ? বগা নে ক’লা ?
দেউতাকৰ দৰে,মানে বগা বুলি ক’বলৈ লৈয়ো নিকু ৰৈ গ’ল। এজাক ধুমুহাই যেন এফালৰ পৰা তাইৰ এৰি অহা সময়বোৰ খান্দি গ’ল ! তাই বায়েকলৈ চালে। বায়েকেও কৌতুক মিহলি দৃষ্টিৰে তাইলৈ চাই আছে। ফোনৰ সিপাৰৰ পৰা পেহীয়েকে আকৌ সুধিলে-হয়নে নিকু, বৌয়ে ফোন কৰি কলে বেবিটো হেনো আমাৰ ধনৰ দৰে হৈছে ? ৰঙা-বগা বোলে ??
ধনৰ দৰে !! অলপ দিনৰ আগতে নাৰীজনিত কেলেংকাৰীৰে টিভিৰ পৰ্দাত ওলাবলৈ সক্ষম হোৱা পেহীয়েকৰ সেই দগাবাজ ল’ৰাটোৰ দৰে !! প্ৰচণ্ড খঙ এটাত নিকুৰ গাটো জ্বলি উঠিল।
এইবাৰ একমুহূৰ্তও খৰচ নকৰি তাই কৈ উঠিল-নহয় পেহী ,সি ধনককাইদেউহঁতৰ দৰে হোৱা নাই,সি মানুহৰ দৰে হৈছে !!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments