এচ. এম. এচ. (মিতালী বৰ্মন)
এটা আঙুলিৰ হেঁচাত
তই মোৰ কাষলৈ আহ
তোৰ অবিহনে মোৰ জীৱন
ৰুক্ষ হ’ব বুলি !
লৈ আহ সুখৰ সঁফুৰা অথবা
দুখৰ জোঁৱাৰ অথবা
আশাৰ সৌধ অথবা
প্ৰেমৰ তাজমহল বাতৰি
এনেকৈয়ে এদিন—-
হাজাৰ হাজাৰ টন হৃদয়ৰ বোজা কঢ়িয়াই
কুঁজা হৈ পৰিবি তই
কেতিয়াবা আকৌ—-
উকাকৈয়ো আহ তই !
ক’বলৈ একো নাথাকিলে নে
বহু কিবা ক’বলৈ থাকিলে !
এটা আঙুলিৰ হেঁচাত তই
কঢ়িয়াই আন
হৃদয়ৰ বাতৰি
এখন হৃদয়ে সিখন হৃদয়লৈ
নিৰৱে সিঁচি দিয়া
ৰঙা নীলা সেউজীয়া বেঙুণীয়া ৰঙেৰে
ফাকু খেল নেকি তই ?
হৃদয়ৰ খবৰ আনোতে
সাৱধানে আহিবি তই !
এটা আঙুলিৰ হেঁচাত ক’লা ৰং থাকিলে
বিদ্ৰোহ কৰিবি তই
যিকোনো অজুহাত দেখুৱাই
নাহোঁ বুলি ক’বি….
কাৰণ, এটা আঙুলিৰ হেঁচাত
শেষ হ’ব পাৰে অথবা
বাঢ়িব পাৰে অযুত-নিযুত মাইলৰ ব্যৱধান
আৰু এটা আঙুলিৰ হেঁচাত অহা তই
হয়তো গঢ়িবও পাৰ অথবা
ভাঙিবও পাৰ
বিশ্বাসৰ সাকোঁ….