এজন অকবিৰ শেষ অকবিতা – বিশাল ৰয়
ৰাতিৰ দুৱাৰত টোকৰ মাৰিছে সৰিয়হৰ ৰং ভালপোৱা, মোৰ শৈশৱৰ লগৰী ৰাজবংশী চটো চেংৰীবোৰে৷ মই ঘুকুটিয়াই আনিলোঁ টোপনিটো আৰু শূন্যতাৰ বেৰত ওলোমাই থলোঁ ল’ৰালিতে এৰি থৈ অহা এটি দুটিকৈ বহুতো কবিতাৰ পংক্তি৷
হাউগুটি খেলা মোৰ ভৰিৰ পটাত এতিয়াও লাগি আছে পলসুৱা মাটিৰ দাগ৷ ফটা হাফ পেণ্টটোৰ পকেটত সুঁহুৰিয়াই আছে বগৰী খাবলৈ যাব বিচৰা কেঁচা জলকীয়া আৰু নিমখৰ টোপোলা৷
মোৰ গাঁৱৰ আলিবাটত উৰি ফুৰা মেটেকা ফুলৰ সুগন্ধিবোৰে কৰবাত আত্মহত্যা কৰিলে৷ জাৰৰ নিশাৰ সাধুবোৰ সমাধিস্ত হোৱাৰ দৰেই বৰশীৰ পুঙা বিচাৰি নাহে খাৱৈৰ চেঙেলী মাছ৷
বৰষুণৰ চাদৰখনত কামুক মানুহৰ আচোঁৰ৷
মূৰ দাঙি থিয় হ’ব পৰা নাই গছবোৰ, শিপা হেৰুওৱা পাহাৰখন৷
কুটিল সময়ৰ পাশাখেলত হাৰি পথাৰখন বেঙুনীয়া হ’ল৷ স্মৃতিৰ দলিচাত শুই আছে মোৰ নৰা কটা কাঁচিখন আৰু শইচৰ বিলাপ৷■■