এজন মিছিং বন্ধুৰ কথাৰে (প্ৰতিম প্ৰতাপ বৰুৱা)
আমি তেতিয়া দশমমানত পঢ়ি আছিলো। তেতিয়া ৺ শ্ৰীযুত ভবেন্দ্ৰ নাথ গগৈ চাৰে শিৱসাগৰ চৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক পদৰ পৰা অৱসৰ লৈছে। অৱসৰ লৈ চাৰে নিজক ব্যস্ত ৰাখিবলৈ আবেলি টিউচন লোৱা আৰম্ভ কৰিছিল। মই পঢ়া-শুনাত কোনোকালে ভাল নাছিলো। দেউতাই মোক নি চাৰৰ ওচৰত টিউচন পঢ়িবলৈ লগাই দিলে। মনতে আশা – চাৰৰ ওচৰত গণিত আৰু উচ্চগণিত পঢ়ি ই অলপ ভাল হয়েই কিজানি!
টিউচনৰ ক্লাচটোত আমি মুঠতে ৫ টা মান ল’ৰা আৰু ৩ জনী ছোৱালী আছিলো। তাৰে এটা আছিল ধৰণীধৰ পেগু। সি শিৱসাগৰৰ বেজবৰুৱা স্কুলত পঢ়িছিল, ভাল ফুটবল খেলিছিল। শান্ত-শিষ্ট ধৰণী আমাৰ গোটেইকেইটাৰে বন্ধু হৈ উঠিল। আমি স্কুলৰপৰা ঘৰলৈ আহি, অলপ জিৰাই-সতাই টিউচনলৈ যাওঁ, ধৰণীয়ে স্কুলৰ পৰা বাহিৰে বাহিৰে টিউচনলৈ আহে। টান অংক এটা উলিয়াই লৈ যুঁজি থাকে। চাৰৰ বাইদেৱে তাক সদায় আবেলি কিবা এটা খাবলৈ দিয়ে। সি তলমূৰ কৰি খায়। ছোৱালীকেইজনীৰ আগত কথা ক’বলগীয়া হ’লে সি অলপ নাৰ্ভাচ নিচিনা কৰে। তাৰ ঘড়ীটো সদায় ১৫ মিনিট পিছুৱাই থয়। কিয় পিছুৱাই থয় সুধিছিলো, সিও কিবা এটা উত্তৰ দিছিল, কি দিছিল এতিয়া পাহৰিলো।
লাহে লাহে আমাৰ বন্ধুত্ব গভীৰ হ’ল। এদিন তাক সুধিলো – মিছিং ভাষাত “মই তোমাক ভালপাওঁ” বুলি কেনেকৈ কয়। সি শিকাইছিল। আমি বহীত লিখি লৈছিলো। কি বুলি লিখিছিলো এতিয়া পাহৰিলো। মিছিং ভাষাৰ আৰু কিবা-কিবি শিকিছিলো তাৰপৰা। চব পাহৰিলো। এতিয়া মনত থকাৰ ভিতৰত দুটামান বাক্য মনত আছে – “নক্ আমিন অক্কন” – মানে তোমাৰ নাম কি? “মক আমিন প্ৰতিম” – মানে মোৰ নাম প্ৰতিম। এদিন চাৰে মোক গালি পাৰিছিল – “তোৰ মগজত ঘিঁউৰ নামে সঁচ নাই। চব গোবৰ সোমাই আছে।” টিউচনৰ পিছত ধৰণীক সুধিছিলো – চাৰে মোক যিটো গালি পাৰিলে, সেইটো মিছিং ভাষাত কেনেকৈ কয়? সি শিকাইছিল। এতিয়া পাহৰিলো।
সেই তেতিয়াই লগ এৰা ধৰণীক প্ৰায় ২০ বছৰমান পিছত এদিন দিল্লীৰ অসম হাউচত লগ পালো। দূৰৰ পৰা চেহেৰাটো চিনাকি চিনাকি যেন লাগি ওচৰ চাপি গৈ উপযাচি সুধিলো – “আপোনাক চিনি পাইছো যেন লাগিছে। আপুনি বাৰু ধৰণী পেগু নেকি?”
– হয়।
– মোক চিনি পোৱা নাই? মই প্ৰতিম। সেই যে আমি একেলগে ভবেন গগৈ চাৰৰ ওচৰত টিউচন কৰিছিলো। সেই যে “নক্ আমিন অক্কন” শিকিছিলো।
তাৰ মুখৰ মাত হেৰাই গৈছিল। মোক সি গবা মাৰি ধৰিছিল। আমি দুটাই সেইদিনা বহুত কথা পাতিছিলো। কথাৰ মাজতে তাক সুধিছিলো – “নক্ আমিন অক্কন। তোৰ ঘড়ীটো চাওঁ। পিছুৱাই থৈছ’ নে আগুৱাই থৈছ’?”
এসময়ত মোক মিছিং ভাষাৰ এটা দুটা বাক্য শিকোৱা সেই ধৰণী পেগু এতিয়া এজন দায়িত্বশীল চৰকাৰী বিষয়া।