এজন শিক্ষকৰ কথাৰে (প্ৰাঞ্জল বৰা)

স্নাতক মহলৰ চুড়ান্ত বৰ্ষৰ ছাত্ৰ হৈ থাকোতে টিহুত দুৰাতি কটোৱাৰ সৌভাগ্য হৈছিল (২০০৫ চন)। আঁচলতে টিহুত থকাৰ বাবে নহয় বৰঞ্চ এজন অনন্য লোকক লগ পোৱাটোহে মোৰ বাবে সৌভাগ্য আছিল।

 

মই যাক লগ পাইছিলো তেওঁ কোনো নেতা নাছিল। কোনো প্ৰতিপত্তিশালী চৰকাৰী বিষয়াও নাছিল। ইয়াৰ

বিপৰীতে তেওঁ প্ৰকৃততে এজন ‘মানুহ’ আছিল। এজন দায়িত্বশীল উদাৰ মানুহ।

 

কমল হাজৰিকা। ভেন্সাৰ স্কুলৰ এজন সৎ, নিষ্ঠাৱান শিক্ষক। যিজন শিক্ষকে কৰ্ম জীৱনত কেতিয়াও দৰমহা চুই নাপালে। বছৰৰ এটা দিনো ছুটি নোলোৱাকৈ বিনা পাৰিশ্ৰমিকৰে অৱসৰ পোৱা এই শিক্ষকজনেই কমল হাজৰিকা। অকল এয়াই নহয়, চৰকাৰৰ সু-দৃষ্টি নপৰা তেওঁৰ বিদ্যালয়ত পালনীয় উৎসৱবোৰ পাতিবৰ বাবে তেওঁ নিজৰ ভঁৰালৰ ধান বেচাৰ দৃষ্টান্তও বিৰল নহয়। যেতিয়া তেওঁক সুধিছিলো চাকৰি কিয় বাদ নিদিলে বুলি, তেওঁ কৈছিল- ”Teaching is the best way to learn for ourselves. মই আচলতে শিক্ষা দান কৰাতকৈ শিক্ষা গ্ৰহণ কৰিবলৈহে আহিছো। মই কেতিয়াও শিক্ষা আধৰুৱা কৰিব নোৱাৰো।” তেওঁৰ প্ৰত্যুত্তৰত মূক হৈ পৰিছিলো মই। এইজনেই কমল হাজৰিকা: নিজে শিক্ষক হৈ ওৰে জীৱন শিক্ষা গ্ৰহণ কৰা দেৱতুল্য মহীৰুহ।

 

হাজৰিকাদেৱৰ দৰে হয়তো অন্তিম সততাৰে জীয়াই থকা শিক্ষক আৰু আছে। কিন্তু  ভাৱিলে আচৰিত লাগে বুনিয়াদী শিক্ষাৰ লাই খুঁটা পোতা গান্ধীৰ দেশৰ শিক্ষকে পেটত গামোছা বান্ধি শিক্ষা দান কৰে।

 

ধৃতৰাষ্ট্ৰৰ ভূমিকাৰ পৰা সাৰ পাই চৰকাৰখনে দেখিবনে কেতিয়াবা শিক্ষকৰ এই দূৰ্দশা ? এই শিক্ষক সকলৰ ওঁঠেৰে বাগৰিবনে কোনোকালে সন্তুষ্টিৰ জীপাল হাঁহি ? সেয়ে যদি নহয় তেন্তে সমাজখন শিক্ষকৰ সুজিব নোৱাৰা ঋণত সমূলঞ্চ পোত যাব!!

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!