এজন স্বাৰ্থপৰ মানুহ (মূল উত্স-Akramulla Syed অনুবাদ- অঞ্জল বৰা)

বহু দিনৰ আগৰ কথা। এজন অতি স্বাৰ্থপৰ মানুহ আছিল। তেওঁ সকলো বস্তুকে নিজৰ বুলি ভাবিছিল। একো বস্তুকে তেওঁ আনৰ লগত ভাগ-বতৰা কৰিবলৈ ইচ্ছা কৰা নাছিল।

এদিনৰ কথা, মানুহজনে ক’ৰবাত ৩০ টা সোণৰ মুদ্ৰা হেৰুৱালে। মনৰ দুখতে তেওঁ এজন বন্ধুৰ ঘৰলৈ গৈ বন্ধুৰ আগত মুদ্ৰাকেইটা কেনেকৈ হেৰুৱালে তাক বৰ্ণনা কৰিলে। বন্ধুজনে শুনি অতি দুখ প্ৰকাশ কৰিলে। তেওঁৰ বন্ধুজন এজন সৎ স্বভাৱৰ ব্যক্তি আছিল।অলপ সময়ৰ পিছ্ত বন্ধুজনৰ জীয়েক ক’ৰবাৰ পৰা ফুৰি ঘৰলৈ আহি থাকোঁতে পথৰ ওপৰত ৩০ টা সোণৰ মুদ্ৰা পৰি থকা দেখা পালে। তাই আহি দেউতাকক এই কথাটো বিৱৰি ক’লে। ছোৱালীজনীৰ দেউতাকে কথাটো শুনাৰ পিছত মুদ্ৰাকেইটা তেওঁৰ বন্ধুজনৰেই হ’ব বুলি ভাবিলে আৰু লগে লগে বন্ধুজনলৈ এটা খবৰ পঠিয়ালে। কথাটো শুনি স্বাৰ্থপৰ মানুহজন দৌৰি আহিল। বন্ধুজনে তেওঁক জীয়েকে কেনেকৈ মুদ্ৰাকেইটা পাইছিল সকলো কথা কোৱাৰ পিছ্ত তেওঁৰ হাতত মুদ্ৰাকেইটা দি দিলে। মানুহজনে মুদ্ৰাকেইটা গণনা কৰাৰ পিছ্ত ক’লে যে, তেওঁৰ ৪০ টা মুদ্ৰা আছিল। ইয়াত ১০ টা মুদ্ৰা কম আছে। গতিকে তেওঁ ছোৱালীজনীক সন্দেহ কৰিলে আৰু বাকী ১০ টা মুদ্ৰা দিবলৈ ক’লে। কিন্তু বন্ধুজনৰ লগতে ছোৱালীজনীয়েও এই কথাটোক অস্বীকাৰ কৰিলে।স্বাৰ্থপৰ মানুহজন আঁতৰি গ’ল আৰু বন্ধুজনৰ লগতে ছোৱালীজনীৰ বিপক্ষে আদালতত গোচৰ দিলে।বিচাৰকে বন্ধুজনৰ লগতে ছোৱালীজনীক পুনৰ কিমানটা মুদ্ৰা পাইছিল সুধিলে। তেওঁলোকে শপত খাই ৩০ টা মুদ্ৰা পোৱাৰ কথা ক’লে। এইবাৰ বিচাৰকে স্বাৰ্থপৰ মানুহজনক পুনৰ তেওঁৰ কিমানটা মুদ্ৰা হেৰুৱাইছিল সুধিলে। তেওঁ বাৰে বাৰে ৪০ টা মুদ্ৰা হেৰুৱাৰ কথা ক’লে।তেতিয়া বিচাৰকে মানুহজনক ক’লে “তেন্তে এই সোণৰ মুদ্ৰা কেইটা তোমাৰ হ’ব নোৱাৰে, কাৰণ ছোৱালীজনীয়ে ৩০ টা মুদ্ৰাহে লাভ কৰিছে ৪০ টা নহয় আৰু তোমাৰ ৪০ টা মুদ্ৰা হেৰাইছে। গতিকে মুদ্ৰাকেইটা ছোৱালীজনীক ঘূৰাই দিব লাগিব।”বিচাৰকে মানুহজনক পুনৰ ক’লে, “যদি কোনোবাই ৪০ টা সোণৰ মুদ্ৰা লাভ কৰাৰ কথা ঘোষণা কৰে তেতিয়া তেওঁ মানুহজনলৈ সেই মুদ্ৰাকেইটা পঠিয়াই দিব।” ইয়াৰ পিছ্ত মানুহজনে এই ৩০ টা মুদ্ৰাও হেৰুৱাব লগা হোৱাত চিন্তিত হৈ বিচাৰকক তেওঁ মিছাকৈয়ে কোৱা বুলি ক’লে যদিও বিচাৰকে তেওঁ কোনো কথা নুশুনিলে।

 

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!