এজন ৰিক্সাৱালাৰ পৰা এটা ধন্যবাদ আৰু মই (ৰাজপ্ৰতীম গগৈ)
“সাধাৰণতে ৩০ টকাহে হয় ভাৰা ৷ মোক কি অচিনাকী মানুহ পাইছা নেকি ? যিটো ভাৰা সেইটোকে লবাচোন জোখতকৈ কিয় বেছি বিচাৰা ?”
“দাদা বস্তুৰ যিহে দাম উপায় নাই আৰুনো কতনো বেছিকৈ বিচাৰিছো ? ৪০ টকাহেকৈছো ! আহোতে ভাড়া নাপাওঁ খালীকৈ আহিব লাগিব আৰু মই সেইফালে যোৱাই নাই বহুত দিন হ’ল ৷”
এনেদৰেই ৰিক্সাৱালা এজনৰ লগত কথা পাতি অৱশেষত ৪০ টকাদিবলৈ মান্তি হ’লো । সঁচাকৈয়ে ৰিক্সাৱালাজন বহুত দিন এইফালে নাই অহা চাগৈ, ট্ৰেফিক জামৰ মাজতে ভৰাই দিলে বেলেগ এটা দীঘলীয়া ৰাস্তাত মইও ক’বলৈ একো সুবিধাই নাপালো বুবা মানুহৰ দৰে চাই থাকোতেই গ’ল !
মনতে ভাৱিলো মানুহেমাত্ৰ টকা উপাৰ্জন কৰিবলৈকে কিমান কষ্ট কৰিবলগীয়া হয়, ৰিক্সাৱালাজনে কিমান কষ্টত ৰিক্সা চলাইছে তেঁওহে জানে, পাছত তেঁওৰ বুঢ়াকালত কি হ’বগৈ দেহৰ গতি ? তাতে তেখেতৰ বয়সো প্ৰায় মোৰ সমানেই হ’ব, কথাবিলাক ভাৱি মনটো বেয়া লাগিল ।
কেতিয়ানো নামিবৰ হ’ল ধৰিবই নোৱাৰিলো, ৪০ টকাৰ ঠাইত ৮০ টকা দি ৰিক্সাৱালাজনক ক’লো এতিয়া আৰু খালীকৈ যাব নালাগে ভাড়া ডাবোল দি দিছো, তেনেকুৱাতেই ৰিক্সাৱালাজনৰ চকু দুটা উজ্বল হৈ পৰিল আৰু মোক Thank You বুলিক’লে । ৰিক্সাৱালাজনৰ পৰা Thank You টো শুনি মোৰ নিজকে পৃথিৱীৰ আটাইতকৈ সুখীমানুহ নিচিনা লাগিলে ।