এজাক বৰষুণ (অনামিকা চলিহা)
যোৱা দুদিন ধৰি ৰাতি মাজভাগৰপৰা শেষ ৰাতিলৈকে মজলীয়া ধৰণৰ বৰষুণ দি আছে।বহুত দিন এজাক ডোপালপিটা বৰষুণ অহা নাই।এজাক বৰষুণ লাগে, ডোপালপিটা বৰষুণ, পথাৰৰ আলি- পদূলি একাকাৰ হৈ যোৱাকৈ, উৎকট গৰমত ভেজি যোৱা দেহা শাঁত পেলাই যোৱাকৈ।পিছে নাই, তেনেকৈ এজাক বৰষুণ এতিয়া লৈকে অহা নাই। বৰষুণৰ আশা কৰি আকাশ লৈ চাওঁতে খেতিয়ক ৰাইজৰ দুচকু বিষাই গৈছে। বৰুণ দেৱতা বাৰুকৈয়ে ৰুষ্ট হৈছে। বৰষুণ আহক বুলি দুখন গাওঁৰ মাজত ভেকুলীৰ মাজত বিয়াও পতা হৈছে।আনকি উত্তৰ দিশে থকা ঢেকী গৃহস্থই নজনাকৈ নি চোঁছৰাইছে।
ঢেকী চোঁচৰা, ভেকুলীৰ বিয়া পতা আৰু বৰষুণ অহাৰ মাজত কি সৰ্ম্পক আজিও নেজানিলো।ঢেকী চোঁচৰা, ভেকুলীৰ বিয়া পতা সকলেও একো উপযুক্ত উত্তৰ দিব নোৱাৰে।বয়োজ্যেষ্ঠসকলে কোৱা-কুই কৰিছে বৰুণ দেৱতা বাৰুকৈয়ে ৰুষ্ট হৈছে। মহাপাপ হৈছে। কিবা মহাপাপ হৈছে, কোনেও ভালদৰে নেজানে। সুধিলে কয়- দিনে দিনে বাঢ়ি অহা অন্যায়- অনীতি, দুৰ্নীতি, নাৰীৰ ওপৰত অত্যাচাৰ, অধৰ্ম আদিয়েই প্রধান। অৱশ্যে বতৰ-বিজ্ঞানীসকলৰ মত বেলেগ এই পৰিৱৰ্ত্তিত বতৰৰ প্রসঙ্গত। সেইবোৰ যিয়েই নহওক মোৰ আন এটা কথাহে মনত পৰিছে। আজি কিছুদিনৰ আগলৈকে ব’হাগ মাহ সোমোৱাৰ আগতেই বৰদৈচিলাৰ ৰূপত অহা বৰষুণৰ জাকবোৰে পথাৰৰ দুয়োকুল পানীৰে উপচাই পেলাইছিল। যাৰ ফলত গৰু বিহুৰ দিনা গৰু কেইটাৰ গা পথাৰৰ পানীৰেই ধোৱাইছিল। এইবাৰ তেনে নহ’ল। বৰষুণ এজাকৰ আশা কৰি থাকোতেই গৰু বিহু পাৰ হৈ গ’ল। পুখুৰীত, নদীত থকা অৱশিষ্ট পানীৰেই পোহনীয়া গৰু কেইটাৰ গাটো ধোওৱা হ’ল।দিন গৈ থাকিল। মাজে মাজে দুই এজাক পাতলীয়া বৰষুণ আহিল। সেইয়াই কিন্তু ধূলিখিনিও আঁতৰাই নিবলৈ সক্ষম নহ’ল। চাই থাকোতেই শালি খেতিৰ দিন চমু চাপি আহিল। বৰষুণৰ দেখা সাক্ষাৎ নাই। খেতিয়কৰ ৰাতিৰ টোপনি নোহোৱা হ’ল। এইবাৰ খেতি কৰিব পাৰিব নে? আকাশলৈ চায়- ক’তো ডাৱৰ এচপৰা নাই।আহাৰৰ আগতে কঠিয়া কেইডৰা পাৰিব পাৰিলে ভাল। খাল-দোং, পুখুৰীৰপৰা পানী সিঁচিব পৰা যাৰ সুবিধা আছিল, তেওঁলোকে পানী সিঁচি কঠিয়া পাৰিলে, কিন্তু সেই সুবিধা নথকাসকলৰ কি হ’ব, আজিলৈকে কঠিয়া পাৰিব পৰা নাই। বছৰটোৰ বাবে যদি ধান কেইটা গোটাব পৰা নাযায়, নিগমে মৰিব লাগিব।
আজি কিছু বছৰৰ আগলৈকে এনে নাছিল। মনত থকাৰ পৰাই দেখিছোঁ, ব’হাগ বিহুৰ আগে আগে অহা বৰদৈচিলাৰূপী শিলা-বৃষ্টিৰ বৰষুণবোৰলৈ। শিলবোৰ ধৰি বাল্টিঙত গোটাই থওঁ । ঢোপালপিটা বৰষুণত তিতাৰ আমেজেই বেলেগ। মাৰপৰা সদায়েই গালি খাইছিলো ,বেমাৰ হ’ব বুলি, পিছে শৈশৱ, কৈশোৰৰ সেই দিনবোৰত অগ্রজসকলৰ কথা ইকাণে সোমাই সিকাণেদি ওলাই গৈছিল। বৰষুণত তিতি জোৰ জোৰকৈ চিঞৰিছিলো – “হাতী কাণ ঘোঁৰা কাণ হুৰ হুৰকৈ বৰষুণ আহ”। কিয় গোৱা হয় নেজানো, কিন্তু ডাঙৰকৈ বৰষুণ আহিছিল। জোৰ জোৰকৈ অহা বৰষুণত তিতি জুৰুলি জুপুৰি হৈছিলো। ৰাতি চদি,হাঁচিত অৱস্থা নাই। মায়ে গৰম তেলত নহৰু দি নাকত লগাব দিছিল। গৰু বিহুৰ দিনা সোনকালে উঠি মাহ- হালধি পিছি পথাৰৰ পানীৰে গা ধুৱাইছিলো গৰুক। পথাৰ উপচি পানী আছিল। ভৰাঁলৰ গান্ধৈত থকা বৰশীটো ঠিক কৰিছিলো। বেয়া হ’লে নতুন বৰশী কিনি আনিছিলো। বাৰিষা আহিলেই আমাৰ ঘৰৰ পাছফালে থকা উমৈহতীয়া পুখুৰীটোত থকা গঁৰৈ, কাঁৱৈ, পুঠি, মাগুৰ মাছ আদিৰ উজান উঠে। দোপালপিটা বৰষুণত পুখুৰীৰ দুয়োপাৰ পানীৰে উপচি পৰে। লগে লগে পুখুৰীত থকা মাছ পানীত ওলাই যাবৰ বাবে হেতা- ওঁপৰা লগায়। বৰষুণত ওলাই যোৱা মাছ ধৰিবলৈ আমাৰ পৰিয়ালৰ সকলো ল’ৰা –ছোৱালী পুখুৰীৰ পাৰত গোট খাওঁ। কাৰ বৰশীত কিমান মাছ তুলিব পাৰে তাৰে প্রতিযোগিতা চলে। বৰশীৰ টোপটোক লৈ বেছি দেৰি খেলি থকা মাছটোক ধৰাৰ পাছত কিমান যে ফূৰ্তি, ভাষাৰে বুজাব নোৱাৰি।বৰশীৰে মাছ ধৰা প্রতিযোগিতাত লাগি থাকোতে কেইবাদিনো স্কুলো ক্ষতি হৈছিল। ইতিমধ্যে কঠিয়া সিচাঁও হয় আহাৰ সোমোৱাৰ আগে আগে। তাৰপাছত স্কুলৰ,কলেজৰ গৰম বন্ধ পৰে। ৰাতিপুৱাই হাল লৈ ওলাই যোৱা বাবাহঁতক চাহ – জলপান দিয়াৰ দায়িত্ব আমাৰ ওপৰতেই পৰে। বাৰিষা অহাৰ আগে আগে বাবাহঁতক কৈ জাকৈ –খালৈ যোগাৰ কৰো। চাহ জলপান দিবলৈ যাওঁতে লগত জাকৈ –খালৈ যোৰো লৈ যাওঁ। পথাৰত উভৈনদী মাছ। নাঙলৰ পাছে পাছে ঘুৰি মাছ ধৰোঁ। বোকাৰে লুতুৰি-পুতুৰি হওঁ। ৰোৱনীৰ লগত থাকি পৰাই নোৱাৰাই ভু ৰোওঁ। ভাগৰ লাগিলে ওচৰত থকা গছৰ তলত ছাঁ লওঁ। সীমাৰ দাঁতিত থকা হৰেণদাৰ পনিয়ল জোপা পকে, চোৰ কৰি তাক খাওঁ।ভুঁ ৰুই শেষ হোৱাৰ পাছত গধূলি ঘৰলৈ উভতি আহোতে বাটৰ কাষত পোৱা মাজু বৰ দেউতাৰ কলি জামুজোপা পকি সৰি থকা জামু কোঁচ ভৰাই লৈ আহোঁ। আমাৰ পৰিয়ালত সাতজনীমান ছোৱালী আছিল। সৱৰে স্কুল- কলেজ বন্ধ পৰাত খেতিত লাগে। ভাগৰ বোলা শব্দই নাই কাৰোৰে। পাৰভগা হাঁহিৰ জোৱাৰত আকাশ বতাহ কঁপি যায়।
আজি চাৰি-পাঁচ বছৰমান হ’ল, পথাৰ যোৱা হোৱা নাই চাকৰিৰ খাতিৰত। গ’লেও চাহ, জলপান দি গুছি অহা হয়। বাবাহঁতেও হাল নেবায়।বয়সে নেমানে। তাৰঠাইত ঘৰে ঘৰে ট্রেক্টৰ হ’ল। আমাৰ ঘৰতো ট্রেক্টৰ ল’লে।হালোৱাই গোটেই খেতি উঠায়। গোটক ভূ ৰুবলৈ দি দিয়া হয়। বাইদেউহঁতৰো বিয়া হৈ গ’ল। আজিকালি নাঙলৰ পাছে পাছে ঘুৰি মাছ ধৰিবলৈ কাৰো সময় নাই। গৰম বন্ধ পালেও ভতিজাবোৰে নাছ শিকা, ছৱি আঁকিবলৈ শিকা আদিত ব্যস্ত থকা হ’ল। মাছ আজিকালি তেনেকৈ নোলায় হেনো। আমাৰ পাছফালৰ মাছৰ উজান উঠা পুখুৰীটো এতিয়া আমাৰ হ’ল। পুখুৰীটোতো আগৰদৰে মাছ নাই। দুবছৰমান চাফা কৰা হোৱা নাছিল। বন, জাৱৰে ভৰি পৰিছিল। যোৱাবছৰ চাফা কৰা হ’ল। অফিচৰপৰা আহোতে কাকডোঙ্গা দলঙৰ ওচৰত মাছ ওলায়, তাৰপৰাই কিনি অনা হয়। ভঁৰালৰ গান্ধৈত থকা বৰশীটো কেতিয়াবাই বেয়া হ’ল, নতুন এটা লোৱাৰ প্রয়োজন হোৱা নাই, পুখুৰীত বৰশী বাই মাছৰ লগত খেলা কৰিবলৈ এতিয়া সময়ৰ অভাৱ। আমাৰ মাটিৰ ওপৰত থকা হৰেণদাৰ পণীয়ল জোপা আছেনে নাই তাকো গম নেপাওঁ।বহুতদিন পণীয়লো খাই পোৱা নাই। নাই পোৱা ক’লা জামুও। গছ জোপা আছেনে নাই তাকো নেজানো।
অফিচৰ পৰা ওভতি আহোতে কালি সোনকালে আহিলো। ঘৰ পাবলৈ ২ কি.মি. মান থাকোতেই ডাঙৰ এজাক বৰষুণ আহিল। ঘৰ পাবলৈ আধা কি.মি. মান থাকোতে লোৱাদোং নামৰ এটা সৰু জান পোৱা যায়। ৰাতিপুৱা অফিচলৈ ওলাই যাওঁতে বিশেষ পানী নাছিল। বৰষুণজাকত পানী ভৰি গৈছে।আগতে মাছ ধৰিবৰ বাবে দুই তিনিখন জাল পেলাই থোৱা থাকে।আনৰ নেথাকিলেও ভুলু বৰদেউতাৰ জালখন থাকিবই। কিমান মাছ উঠিছে বুলি দাদায়ে চিঞঁৰি চিঞঁৰি সুধিছিল। তেওঁ অলপ কমকৈ শুনিছিল এইবাৰ পিছে তেওঁৰ জালখন নাই। বৰদেউতা ঢুকাল কিছুদিনৰ আগতে কেন্সাৰ হৈ।মনটো বিষাদেৰে ভৰি পৰিল। বৰষুণ জাক আৰু জোৰত আহে যেন। শৈশৱৰ দৰেই তিতিবলৈ মন গৈছিল, চিঞৰি চিঞৰি গাবৰ মন গৈছিল-“হাতী কাণ, ঘোৰা কাণ হুৰ হুৰ কৈ বৰষুণ আন।”