এজাৰ বুলীয়া ছোৱালীজনী ( ভাৰ্গৱজ্যোতি বৰা )

ejaar bulia suwali joni

ৰ’দ হৈ ঢলি পৰিলে
এজাৰ বুলীয়া ছোৱালীজনী
এহাত এমুঠন পানীত বুৰিলি
জাক হেৰুওৱা পখীবোৰে
মাটিময় গান গাইছিল
তোৰ খোলা চুলিয়েদি পৃথিৱী দেখিছিলো
.
দোকমোকালি এটাত
বৃত্তাকাৰ নাও এখন লৈ গুছি যাম
সেই গোপনতাৰ নঙলামুখত
ৰৈ আছিলো

সৰু চৰাইবোৰৰ বাবে সৰু পাতবোৰৰ বাবে .
ৰ’দ হৈ ঢলি পৰিলি
এহাত এমুঠন পানীতে বুৰিলি
বেৰং ছবিবোৰ
আকাশ বুলি ভাৱিলি
এজাৰবুলীয়া ছোৱালী

.
সাঁতুৰি যা সাধুকথাৰ ছোৱালী .
এই বেৰং পানী – আকাশ পাৰ হৈ যা
ৰ’দ হৈ ঢলি পৰিলি
এহাত এমুঠন পানীতে বুৰিলি
এজাৰবুলীয়া ছোৱালী

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!