এটা অগতানুগতিক দিন – অৰুণজ্যোতি শইকীয়া
মোৰ মাৰ কপালৰ বেলিটো
খহি পৰা দিনটো অগতানুগতিক আছিল৷
ৰাইজে চিকুণাই থোৱা আয়তটোত
দেউতাই জড় হৈ শুই আছিল৷
দিনতে জ্বলোৱা মাটিচাকিটো খুব প্ৰখৰ হৈছিল
কাতি বিহুত লগোৱা তুলসীডাল লেৰেলি গৈছিল৷
ধূনাৰ বাতিত দুখৰ ডাৱৰে বাহ লৈছিল
মোৰ ভাই- ভনীৰ চকুত ধাৰাসাৰে বৰষুণ নামিছিল৷
আমাৰ বাহনিখন দুজন খৰিকটীয়া সোমাইছিল৷
সিহঁতে নোসোধাকে দুডাল বাঁহ কাটি আনিছিল৷
নচঁচা জেংবোৰে মোৰ দুখে ভৰ দিয়া দুভৰিত বিন্ধিছিল৷
মোৰ মাৰ কপালৰ বেলিটো
খহি পৰা দিনটো অগতানগতিক আছিল৷
চুবুৰীয়াৰ মুখবোৰ মেটেকাফুলৰ লেখীয়া আছিল
সিহঁতৰ পানীৰ নিচিনাকে বোৱা মাত কথা হেৰাইছিল৷
আমাৰ হাঁহকেইটা পিছফালৰ পানীডৰাত চৰা নাছিল৷
মায়ে পুৱাতে সিহঁতৰ গড়াল খুলিব পাহৰিছিল৷
সেইদিনা মায়ে পাহৰিছিল গাইজনী এৰিবলে৷
শীতৰ ৰাতিপুৱাতে দেউতাই এখন বগাচাদৰত সোমাই আছিল৷
দেউতাৰ চাগে জুই পুৱাবলে মন গৈছিল
মাৰ কপালৰ বেলিটো টোপনিতে টানি লৈছিল৷
মোৰ মাৰ কপালৰ বেলিটো
খহি পৰা দিনটো অগতানুগতিক আছিল৷
সেইদিনা ৰ’দ আমাৰ চোতালত পৰা নাছিল৷
মাৰ হেঁপাহৰ পাটৰ চাদৰ শুকোৱা নাছিল৷
সন্ধিয়া
তিৰিশ বছৰৰ মূৰত
এটা তেলটুপী আমাৰ মূধচত পৰিছিল৷
মালৈ ঠধৰা লাগি চাই ৰৈছিল৷
বগাচাদৰ এখন গাত ল’বলৈ সোঁৱৰাই দিছিল৷
অজানিতে
মোৰ দুভৰিৰ পৰা ওপৰলৈ উকা হৈ পৰিছিল৷■■