এটা অগতানুগতিক প্ৰীতিভোজৰ পৰিক্ৰমাত: ৰাজু দাস
যোৱা বছৰৰ দৰে এইবেলিও অসমীয়াত কথা-বতৰাৰ পৰা বনভোজৰ আয়োজন কৰা হৈছিল। কুলচীৰ মনোৰম পৰিবশৰ মাজত দলটোৱে অকল ভোজ খোৱাতো সীমাবদ্ধ নাথাকি অসমীয়া ভাষা-সাহিত্যৰ বিষয়ে নানা কথা আলোচনা কৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল। তদুপৰি নতুন দিল্লীত থকা সদস্য-সদস্যাসকলেও সাহিত্যৰ আড্ডাত মিলিত হৈ এটা অৰ্থপূৰ্ণ দিন কটাইছিল। দুয়োটা অনুষ্ঠানৰ বিষয়ে লিখিছে ক্ৰমে ৰাজু দাস আৰু মাধুৰিমা ঘৰফলীয়াই।
(বনভোজস্থলী কুলচী গৈ নোপোৱালৈকে মোৰ উৎকণ্ঠাৰ শেষ নাছিল। কিন্তু তাতেই যে জীয়া জীয়া সোণসেৰীয়া সময়বোৰ উৰি ফুৰিব কাহানিও ভবা নাছিলোঁ বাৰে বাৰে মনলৈ ভাব আহি আছিল, পাৰিম নে সকলোৰে সৈতে সহজভাৱে মিলি যাবলৈ! তেওঁলোকো মোৰ দৰে বাৰু সকলোৰে সৈতে অপৰিচিত নেকি!)
আজি ২০১২ চনৰ ১৬ ডিচেম্বৰ। দেওবাৰ। পুৱা ৫ বজাত বিছনাৰ পৰা গা এৰা দি ভাবিছোঁ, আজি দেখোন মোৰ বাবে এটা বিশেষ দিন! অলপ পিচতে এটা সম্পূৰ্ণ ব্যতিক্ৰমী বনভোজলৈ ওলাই যাম। ৩০ জনীয়া দল এটাৰ অংশ হৈ নিজকে বিলীন কৰি দিম আনন্দ, ৰং-ৰহইচৰ মাজত। আহ! কি যে অনন্য হ’ব সেই অনুভুৱ, অভিজ্ঞতা। আৰু কি জানে নে? ৩০ জনীয়া দলটোৰ একমাত্ৰ চিনাকীজন মই নিজেই। বাকীসকলক কম্পিউটাৰৰ মণিটৰত দেখিছো। ম’বাইলৰ সৰু পৰ্দাখনত দেখিছো। দেখি দেখি গঢ়ি উঠিছে নিভাঁজ আত্মীয়তা। কথাটো যদি মোৰ বন্ধু মহলত কওঁ, বিশ্বাস কৰিব নে বাৰু? উত্তৰটো আপোনালোকলৈ এৰিলোঁ।
আচলতে যোৱা নৱেম্বৰত ফে’চবুকৰ মোৰ প্ৰফাইলটো আছে নে নাই, তাকে পৰীক্ষা কৰিবলৈ খুলি চাইছিলোঁ। আৰু সিদিনাই মোৰ পে’জত ‘অসমীয়া কথা-বতৰা’ নামৰ গ্ৰুপটো দেখি সদস্য পদ বিচাৰি আবেদন কৰিছিলোঁ। সদস্য হোৱাৰ পিছত মাজে মাজে তাত ভুমুকি মাৰো। ভালেই লাগিল, এখন নতুন জগতত খোজ দিয়া যেন লাগিল। সেই গ্ৰুপটোতে এদিন পঢ়িবলৈ পালোঁ যে অ ক বৰ পৰা প্ৰীতিভোজৰ আয়োজনৰ বাবে আহ্বান কৰা হৈছে। কি জানো মন গ’ল পোষ্টটো দেখাৰ ল’গে ল’গে যাম বুলি সিদ্ধান্ত ল’লো। এতিয়া মই উপলব্ধি কৰিব পাৰিছোঁ যে সেই সিদ্ধান্ত মোৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল।
বনভোজস্থলী কুলচী গৈ নোপোৱালৈকে মোৰ উৎকণ্ঠাৰ শেষ নাছিল। কিন্তু তাতেই যে জীয়া জীয়া সোণসেৰীয়া সময়বোৰ উৰি ফুৰিব কাহানিও ভবা নাছিলোঁ বাৰে বাৰে মনলৈ ভাব আহি আছিল, পাৰিম নে সকলোৰে সৈতে সহজভাৱে মিলি যাবলৈ! তেওঁলোকো মোৰ দৰে বাৰু সকলোৰে সৈতে অপৰিচিত নেকি! হয় হয়, বাছত উঠিয়েই বুজিব পাৰিলোঁ যে বেছিভাগেই পৰস্পৰৰ সৈতে আজিহে সাক্ষাৎ হৈছে। কিন্তু মিলি যাবলৈ কাৰো দেখোন বেছি পৰ … কাহিলীপাৰাৰ পৰা অহা ভবিতাই সুধিছে—‘এই তুমি ৰাজু দাস নহয়নে?’ ঘুৰি চাইছোঁ, অ’তো, আগেয়ে নেদেখা তথা মোৰ ফে’চবুকৰ বন্ধুত্বৰ তালিকাত থকা ভবিতা মোৰ সন্মুখত থিয় হৈ আছে। নিজকে চিকুট মাৰি চাইছোঁ। হয়, সন্মুখত সঁচাকৈ ভবিতা দাস। সমুখত আৰু এজন। তেওঁ ভগতলাল দত্ত। বাটকুৰি বাই আহিছে সুদূৰ ফ্ৰাঞ্চৰ পৰা, বিশ্বাসেই নহয় । মোৰ ঘৰৰ পিছফালে ফ্ৰাঞ্চ নহয়তো! বাৰে বাৰে ফোন কৰি খবৰ লৈ আছিল কলকাতা বিমান বন্দৰৰ পৰা, বিমান যাত্ৰা বিলম্বিত হৈছে। সকলোৰে বাবে চকলেট লৈ আহিছে। ভাবিলেই আৱেগত বুকু উঠলি উঠে। জননীৰ প্ৰতি ইমান নিভাঁজ মৰম! এয়া হাত আগবঢ়াই দিছে সুদূৰ আইজলৰ পৰা পিকনিকলৈ অহা মনজিৎ নাথ আৰু প্ৰাঞ্জল কলিতাই। হাতত হাত ৰৈ যায়, ইমান গভীৰ আন্তৰিকতা থাকে নে অচিনাকী হাতৰ স্পৰ্শত, তেওঁলোকে পিকনিকৰ পৰা গোৱালপাৰালৈ যাব। দুয়োৰে উজ্জল মুখবোৰ মোৰ দুচকুত তিৰবিৰাই উঠিছে। অ’ এহাল মৰমীয়াল দম্পতীও আহিছে বঙাইগাঁৱৰ পৰা, শ্ৰীযুত লক্ষেশ্বৰ হাজৰিকা আৰু শ্ৰীমতী নিবেদিতা হাজৰিকা । ভাষাটোৰ প্ৰতি থকা গভীৰ অনুৰাগেৰে তেওঁলোকৰ হৃদয়ৰ নৈ সদায় ওপচি থাকে। এওঁ ড° বুলজিত বুঢ়াগোঁহাই, বয়সতকৈ সংকল্প অধিক পূৰঠ । ঘুৰি চাইছোঁ, নিজকে বাওনা যেন লাগিছে। গুৱাহাটীৰ ত্ৰিদিপ কুমাৰ বৰুৱাৰ সংকল্প, ভাষাটো সহজভাৱে ইউনিকডত লিখাৰ ব্যৱস্থা কৰিহে যেন উশাহ ল’ব। ‘কৰিমগঞ্জৰ পৰা একা-বেঁকা পথেৰে গুৱাহাটীলৈ আহোঁতে ভাগৰ লাগে নে?’— নাই, নালাগে। প্ৰদ্যুত তাৰেই উদাহৰণ। আঁৰ কাপোৰ টানিছে, চকী-মেজ ঠিক কৰিছে, বাঁহ পুতিছে, তাৰ হাতৰ পৰশত কামবোৰে থৰকাছুটি হেৰাইছে। ডিব্ৰুগড়ৰ পৰা অহা সুৰজিত নেওগো থমকি ৰোৱা নাই। তেওঁ আজিৰ দিনটোৰ বাবে একমাত্ৰ ‘বেচেলৰ’। কি উদাত্ত কণ্ঠ! এওঁ আকৌ কোন? চতুৰ্ভূজ ধ্ৰুৱজ্যোতি শৰ্মা? হয় হয়, মই ঠিকেই দেখিছোঁ, ধ্ৰুৱজ্যোতিৰ চাৰিখন হাতেই দেখিছোঁ। এইমাত্ৰ যদি বাছৰ ওপৰৰ পৰা বস্তু নমাই আছে, মুহূৰ্তৰ পিচতে পানীৰ বাল্টি হাতত লৈ গৈ আছে। লাউ-বেঙেনা কটাৰ পৰা খৰি ফলালৈ, ক’ত হাত দিয়া নাই তেওঁ, দহজনৰ কাম অকলেই কৰিছে । এইবোৰ দেখি মালৈ মনত পৰিছে। ওচৰত থকা হ’লে লাজতে মাৰ আঁচলত লুকাব পাৰিলোহেঁতেন ।
মাত্ৰ এষাৰ বাক্য লিখিয়েই ফে’চবুকৰ প্ৰফাইলত বহুদিনলৈ খদমদম লগাব পৰা এয়া জ্যোতিপ্ৰকাশ নাথ। জ্যোতি প্ৰকাশৰ পূৰ্ণ প্ৰতিফলন। হাতৰ আঙুলিত কম্পিউটাৰ নাচে, আধুনিক যুৱক। অথচ ৰাইজৰ হৈ আগবাঢ়ি যাবলৈ বুকুত কি উদ্দাম সাহস। থৰ্ হৈ মুখলৈ চাই থাকো। মোৰ দৃষ্টি নিজে নিজে আনফালে ঢাল খায়। এইজন অয়ন উত্তম, আয়োজক কমিটীৰ অন্যতম কৰ্ণধাৰ। বিশাল ব্যক্তিত্বৰ অধিকাৰী। প্ৰীতিভোজৰ আলোচনাচক্ৰত ‘শ্ৰদ্ধাঞ্জলি কানন’ত তেওঁ এষাৰ কথা কৈছিল “আমি যিহেতু আয়োজক কমিটীত আছো, গতিকে আমি নিজৰ ধন ভাঙি হ’লেও ৰাইজক এসাঁজ ভালকৈ খুৱাবৰ বাবে সাজু থাকিব লাগিব।’’ প্ৰথম চিনাকীতে এনেকুৱা নিস্বাৰ্থ চিন্তা-ভাবনা দেখিছিলোঁ। তাৰে প্ৰতিফলন ঘটিছিল খাদ্য-সামগ্ৰীত, কমলা টেঙা, সিজোৱা কণী, গুৰ দিয়া টেকেলি পিঠাৰে চাহত। ভাত সাঁজত আছিল লাই শাকেৰে ৰন্ধা ডাঙৰ ডাঙৰ মাছৰ টুকুৰা, পঠাৰ মাংস, পানীলাউ আৰু মাছৰ মূৰেৰে ৰন্ধা খাৰ, বেঙেনা তিয়ঁহৰ তৰকাৰি, বুটৰ দালি, গাজৰ-ফুলকবি-আলুৰ ভাজি, খাৰেৰে সনা আলু পিটিকা, চালাদ, দৈ আৰু বহুতো। মনতেই নাথাকে। ইয়াৰ উপৰিও আছিল এজনী মৰম আলসুৱা বাইদেউৱে নিজ হাতেৰে বনাই দি পঠোৱা জলফাইৰ মিঠা আচাৰ আৰু নৰসিংহ পাত দিয়া মচুৰ দালি বটা। তেওঁ হ’ল ঘৰুৱা অসুবিধাৰ বাবে উপস্থিত থাকিব নোৱাৰা শ্ৰীযুতা অঞ্জনা তামুলী বাইদেউ। মই তেওঁক দেখা নাই অথচ ইমান আগ্ৰহেৰে ৰাইজলৈ যথা সময়ত যতনাই আগবঢ়াই দিছে। খোৱাৰ সময়ত হাতেৰে লিৰিকি বিদাৰি চাইছোঁ, মৰম এনেকৈয়ো বুটলিব পাৰি নে! তেওঁ যেন ঘৰৰ পৰাই আমালৈ চাই আছে, তেনে অনুভৱ হৈছিল। বুকুখন গধুৰ লাগি গ’ল।
ঊষানগৰীৰ পৰা অহা ৰশ্মিৰেখাৰ ঊষা ৰূপ জুমি জুমি চাইছোঁ, নগাঁৱৰ ৰশ্মিৰ ৰূপেৰে দুচকুত আবুৰ টানিছোঁ। দীপা ডেকা নামৰ এজনী মৰম লগা ছোৱালী মোৰ ফালে আগবাঢ়ি আহি সুধিছে—‘তুমি মোক কিয় মাত লগোৱা নাই?’ মিচিকিয়াই হাঁহি দিছোঁ। আজি প্ৰথম চিনাকী। আন্তৰিকতা যেন যুগ যুগৰ । লখিমপুৰৰ হিমাংশু দত্ত, পাঠশালাৰ কৌশিক, দুয়োজনে শীততো বসন্ত নমাই বিহুৰ লহৰ তুলিব পাৰে। নাৰায়ণপুৰৰ বিকাশ ভূঞা, কাহিলীপাৰাৰ প্ৰিয়াংকুপ্ৰবাল, গুৱাহাটীৰ মঞ্জিল, অপূৰ্ব, অঞ্জন, দিগন্ত যাদৱ, বিক্ৰমজিৎ কাকতি, দেৱব্ৰত গগৈ, নিতুল বৰা—তেওঁলোকক বাৰু মই বহু আগৰ পৰা চিনি পাও নেকি? মোৰ ফে’চবুক একাউণ্টৰ বন্ধু-তালিকাতো দেখোন তেওঁলোক নাই। ইমান আপোন আপোন লাগিছে যে!
বেলি লহিওৱাৰ সময়ত আটাইৰে মনবোৰ ক্ৰমশঃ সেমেকি উঠিবলৈ ধৰিছিল। সুখৰ মুহূৰ্তবোৰ সোনকালে পাৰ হয়। কিন্তু ভাষাটোক জীয়াই ৰখাৰ বীজ কুলচীৰ বুকুত সিঁচি দি আমি আটায়ে উভতিছিলোঁ । কুলচীৰ কুলু কুলু বোঁৱতী পানীৰে প্ৰৱাহিত হৈ আমাৰ আশাবোৰে সাগৰ চুব ।