এটা কবিতাৰ(!!) জন্মগাথা (নৱনাথ চহৰীয়া)
তেতিয়া বিংশ শতিকাৰ শেষ আৰু একবিংশ শতিকাৰ আৰম্ভনি, ঠিক দিন আৰু ৰাতিৰ সন্ধিক্ষণ, সন্ধ্যাবেলাৰ দৰে, ২০০০ চনৰ জুন মাহৰ কথা। ৬ কিল’মিটাৰ চাইকেল মাৰি স্কুললৈ সদায় স্কুললৈ অহা-যোৱা কৰোঁ, স্কুলঃ ছিপাঝাৰ উঃ মাঃ আৰু বহুমূখী বিদ্যালয়। মে মাহৰ তৃতীয় সপ্তাহত প্ৰথম বাৰ্ষিক বিজ্ঞান শাখাৰ পৰীক্ষা দি উঠিছোঁ মাত্ৰ। পহিলা জুনৰ পৰা আৰম্ভ হৈছে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ টিউছন। পৰীক্ষা বৰ বাৰু হোৱা নাই। স্কুলত প্ৰ্যাত্যাহিক শ্ৰেণী তেতিয়াও আৰম্ভ হোৱা নাছিল। উপন্যাস পঢ়ি ভালপোৱা মই-জনে মাজে-মাজে নিজেই কবিতাৰ নামত দি কিবা-কিবি লিখোঁ। পিছত গম পাইছিলোঁ সেইবোৰ কবিতা আৰু মনৰ ভাবৰ শব্দায়িত মধ্যবৰ্ত্তীকালীন ৰূপ।
ৰাতিপুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা টিউছন শ্ৰেণীত ৰসায়নৰ ৰস উলিয়াই শ্ৰদ্ধাৰ ৰফিক ছাৰে। চাৰ্লচ, বয়ল, হাইজেনবাৰ্গ … কত যে কিমান সুত্ৰ। শ্ৰেণীৰ মাজতে আমি (আমি মানে জ্যোতিৰ্ময়, চন্দন, হৰেকৃষ্ণ, উদয়, অঞ্জন,যুগল আৰু মই) কেইজনমানে বিচাৰি থাকোঁ ৰাম, হৰি, যদু, মধু, ৰহিমৰ সুত্ৰ কিয় নাই…বিৰক্তি লাগে চাৰ্লচ, বয়লৰ দৰে বিদেশীমখাৰ সুত্ৰ মুখস্থ কৰি। কিন্তু কি কৰিম, মুখস্থ নকৰি উপায় নাই। পৰীক্ষা ভাল নোহোৱাৰ বাবে লাহে লাহে এটা ধাৰণাৰ জন্ম হৈছে মোৰ- “কলা শাখাত নামভৰ্ত্তি কৰা হ’লেই ভাল আছিল।’’ আকৌ কেতিয়াবা ভাবো যদি দ্বিতীয় বৰ্ষৰ শেষান্ত পৰীক্ষা বেয়া হয় তেতিয়া কি হ’ব? পৰীক্ষা বেয়া হোৱাতকৈ এতিয়াও সময় আছে- কলা শাখাত নামভৰ্ত্তি কৰাই ভাল, এবছৰহে গৈছে। আকৌ কেতিয়াবা ভাবো- এহ্, ভালদৰে পঢ়ি বিজ্ঞান শাখাত পৰীক্ষা দিয়াই ভাল আৰু এবছৰহে আছে। এবছৰ অতিক্ৰম কৰি আহিলোঁ আৰু এবছৰ আছে, কিযে এক বিড়ম্বনা, কিযে এক সন্ধিক্ষণ।
কলা শাখাৰ বন্ধুবোৰৰ আৰাম দেখি দুখ লাগে, কিমান আৰামত শুইছে, ফুৰিছে, দীঘলীয়া বন্ধ উপভোগ কৰিছে। নিজৰফালে চাই দুখ লাগে৷ ধুনীয়া ছোৱালীৰ সপোন দেখাৰ সলনি৷ শোওঁতেও হাইজেনবাৰ্গৰ অনিশ্চয়তাৰ সুত্ৰ৷ ধেৎ চালা। চন্দনক ক’লোঁ। সি ক’লে- “ময়ো তাকেই ভাবিছোঁ। কলা শাখাত নামভৰ্ত্তি কৰা হলেই ভাল আছিল।”
কিবা কাৰণত চাৰ আহিব নোৱাৰাৰ বাবে সেইদিনা টিউছন শ্ৰেণী হোৱা নাছিল। চন্দনে আহি ক’লে – “মই Robert Fost-ৰ ধুনীয়া কবিতা এটা পঢ়িলো। নাম -“The Road Not Taken”। সন্ধিয়া কবিতাটো উলিয়াই পঢ়িলোঁ। তাৰ পিছত লিখিলোঁ এটা সন্ধিক্ষণৰ কবিতা (!! আচলতে কবিতা আৰু মনৰ ভাবৰ শব্দায়িত মধ্যবৰ্ত্তীকালীন ৰূপ)। “The Road Not Taken” কবিতাটো আজিও মোৰ প্ৰিয় কবিতা সমূহৰ এটা। কলা শাখাত নামভৰ্ত্তি কৰা ধাৰণাটো লাহে লাহে নাইকিয়া হ’ল, কিন্তু আজিও সেই সন্ধিক্ষণৰ কথা ভাবি ভয় লাগে।
বিপথঃ শপত …… ইত্যাদি
হালধীয়া ফুলেৰে ভৰা পথ দুটা
সেওঁটা ফালিছে সোনাৰুবোৰে
ইটো পথৰ পথিক মই
ভাবিছোঁ সিটোৰ হালধীয়া সোণাৰুৰ কথা
কাঁইটৰ ওপৰত ভৰি থৈ
শুনিছোঁ খলকনি সিটো পথৰ
গণিছোঁ কালাকাল অৱসাদৰ
পিছে খাউণ্ডৰ মোনাত-ও জীৱন্ত ফছিল
পৰীক্ষাগাৰত প্ৰেমিকাৰ অভিযোগনামা
নামবিহীন চিঠিৰ RSVP-ত লিখিছোঁ
ডাইনোছৰৰ ফছিলৰ কথা –
চাৰ্লচ, বয়লৰ সুত্ৰৰ মাজতে ভাবিছোঁ
প্ৰেমিকাৰ চাউল, চেনী, আটাৰ তালিকা …
সোণাৰুৱে ঢকা (!) কাইটত ঠিয় হৈ
ভাবিছোঁ সিটোৰ মূখৰিত আনন্দৰ কথা
চিঞৰটোৱে কৈছে মোক –
নীল সাগৰত মৰীচিকা নাই ….
পিছে লুমিং (?)
উভতি ভাবিছোঁ আহিলো বহুদুৰ
আগুৱাই ভাবিছোঁ আছে বহুদুৰ
দিনলিপিৰ পাতত বিছাৰিছোঁ চিনাকি ঠিকনা
চিঠিত লিখিছো RSVP
হালধীয়া ফুলেৰে ভৰা পথ দুটা
সেওঁতা ফালিছে সোণাৰুৱে।
————————————–