এটা ঘৰৰ গল্প (স্মৃতিৰেখা ভূঞা)

স্মৃতিৰেখা ভূঞা
 
(১)
বহুদিন হ’ল ঘৰটোলৈ তেওঁ ঘুৰিও নাচায়
সেমেকা, মলঙা গোন্ধেৰে বতাহ উপচিছে
বেৰত মকৰা জাল, বিচনাত ধুলি
বাগিছাত আঁঠুৱনীয়া ঘাঁহ
ঘৰটোৰ বৰ দুখ, তেওঁ নাই।
এসময়ত ইয়াতে ৰ’দে খেলিছিল
ছাঁদৰ পৰা তেওঁ পাহাৰ চাইছিল
নীলা পাহাৰৰ শাৰী…
পাহাৰ টকলা হ’ল
ছাঁদৰ বৰণ হালধীয়া হ’ল।
এতিয়া ঘৰটোৰ দুচকুত মাথো নিদ্রা ওলমে
হামিয়াই, সপো্ন দেখে;
ৰাতি যিমানে বাঢ়ে
অনামী ফুলৰ সুৱাসে ঘৰটোলৈ চঞ্চলতা নমায়
বতাহে হাত-মুৰ আফলিয়ায়
ঘৰটোত দুখে বৰপীৰা পাৰে।।
(২)
ঘৰটোৱে কোনো্দিন ভবাই নাছিল
তেওঁ নাথাকিলে নিজকে জেলখানা যেন লাগিব,
গছত চৰায়ে নামাতিব
কাষৰ নদীখনৰ কলকলনিও নোহোৱা হ’ব
যেতিয়া জানিলে , চকুৰ আগত চাবোনৰ বুদ্ বুদ্
জ্ঞান হেৰুওৱাৰ অর্থ তেতিয়াহে বুজিলে
লাহে লাহে তুলিকাৰ ৰংবোৰ কিছু সলনি হ’ল,
প্রথমে মটীয়া, বাদামী ক্রমে কলীয়া বৰণ ল’লে।
কিন্তু কিমানদিন থাকিব সেউজীয়াক পাহৰি ???
(৩)
এদিন ঘৰটোলৈ এজাক বতাহ আহিল
উত্তৰ নে দক্ষিণৰ ঘৰটোৱে নুসুধিলে,
এনে মৰমলগা বতাহ !
চেঁচা চেঁচা বতাহত থক্ থককৈ কঁপিও
ঘৰটোৰ দুখ নালাগিল;
চৌদিশৰ নিৰৱতাক আপোন যেন লাগিল
আকাশত হাঁহি থকা জোনটোক দেখি চকু টিপিয়াই দিলে,
কাষৰ আম-জাম গছদুজোপাই ঘৰটোক ক’লে
আমি আছো, বতাহৰ সুহুঁৰি শুনিছো
আঁহা, একেলগে নতুনক আঁদৰো।
(৪)
ঘৰটোত পুনৰ সেউজীয়াই পোহাৰ পাতিলে
আকাশৰ ৰংবোৰ আহি তুলিকাক চুমি গ’ল,
ৰঙচুৱা সূৰ্য, নীলা চৰাইৰ পাখি
সকলো আহি পুনৰ ঘৰটোত থিতাপি ল’লে।
সময়ে এইদৰেই সলনি কৰে ঘৰৰ গল্প।
এতিয়া ঘৰটোত মাথো দুখৰঙী সুখৰ আঁচল উৰে।।
 

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!