এটা নতুন চিন্তা (হিতেন্দ্ৰ কুমাৰ শৰ্মা)
এটা নতুন চিন্তা
বৰ্তমান মুক্ত অৰ্থনীতিৰ যুগ। তীব্ৰ প্ৰতিযোগিতাৰ যুগ। ধন গোটোৱাৰ প্ৰতিযোগিতা আৰু তাৰেই আলমত বিশ্ব তথা দেশৰ অৰ্থনীতিত যোগদান দিয়া আৰু বিনিময়ত তাৰ লাভ উঠোৱাৰ প্ৰতিযোগিতা। আজিকালি বজাৰত নিত্য নতুন বিনিয়োগ বা ইনভেষ্টমেন্ট পলিচিৰ বাহাৰ।বহুতে শ্বেয়াৰ বজাৰত টকা খটুৱায়, বেছি ধনী সকলে সম্পত্তিত টকা বিনিয়োগ কৰে, মধ্যবিত্ত ভাগটোৱে বীমা,মিউচুৱেল ফান্দ,ফিক্সড্ ডিপোজিট আদিত টকা খটুৱাই নিজৰ সম্পদ বৃদ্ধিৰ চেষ্টা কৰে।এইবোৰ একো একোটা যান্ত্ৰিক পদ্ধতি ধন বৃদ্ধি কৰাৰ। এইবোৰক বেয়া বা অদৰকাৰী মুঠেও বুলিব নোৱাৰি, বৰং নিজৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবৰ বাবে আৰু আৰ্থিক স্ব্চ্ছলতাৰ বাবে সঠিক বিনিয়োগ কৰা নিত্যান্তই প্ৰয়োজনীয়। কিন্তু যদি বিনিয়োগৰ লগতে আমি আমাৰ প্ৰকৃতি, পাৰিপাৰ্শ্বিকতাৰ উন্নতি সাধন কৰিব পাৰো তেন্তে ই সমাজৰ বাবে কিমান মংগলময় হ’ব ভাবি চাওকচোন।
মই ব্যৱসায়ভিত্তিক বনানীকৰণৰ কথা কৈছো। যাৰ ঘৰৰ ওচৰত অলপ হ’লেও নিজা মাটি আছে তেওঁলোকে এই কামটো অতি সহজে কৰিব পাৰে। অৱশ্যে সকলো নগৰাঞ্চলৰ বাসিন্দাৰ বাবে ই সম্ভৱ নহ’বও পাৰে। খালি থকা মাটিখিনিত গছপুলি ৰোপণ কৰিলে কেইবছৰমান পিছত যথেষ্ট ভাল মূল্য পাব পাৰি। বিশেষকৈ গমাৰী,চেগুণ,মেহগণী,বনচোম,তিতাচপা,চিচু আদি বৃক্ষৰ পুলি ৰোপণ কৰিলে যথেষ্ট লাভবান হʼব পাৰি। ইয়াৰ ভিতৰত গমাৰী আৰু চেগুণ অতি সোনকালে ডাঙৰ হয় আৰু ইহঁতক কোনো বিশেষ যত্ন লোৱাৰো দৰকাৰ নপৰে। যিকোনো ধৰণৰ মাটিতে এই দুবিধ গছ বাঢ়ে। কিন্তু বনচোম,তিতাচপা আৰু চিচু গছ্ক বিশেষ মনোযোগ আৰু যত্নৰ দৰকাৰ।ইহঁতৰ বৃদ্ধিৰ হাৰ ধীৰ।মই কোনো উদ্ভিদবিদ বা বিজ্ঞানী নহওঁ আৰু এইখিনি কথা মই নিজা অভিজ্ঞতাৰ পৰাহে কৈছো।
এটা পুলিৰ দাম ১৫-২০টকা মান হয়। আৰু আঠ-দহ বছৰ পিছত সেই পুলিটোৰ পৰা হোৱা গছডালৰ দাম আঠৰ পৰা দহ হেজাৰ বা ততোধিক হ’ব পাৰে।যিমানেই বেছি ডাঙৰ আৰু পুৰঠ গছ হ’ব তাৰ মানো সিমানেই উৎকৃষ্ট হ’ব আৰু তাৰ দামো সিমানেই বেছি হ’ব।এতিয়া ফিক্সড ডিপোজিটৰ কথা ভাবি চাওক, কোনটো বেছি লাভজনক। ১৫-২০ টকাৰ পৰা দহ বছৰত ইয়াতকৈ আৰু কি বেছি আশা কৰিব পাৰি ! সেই আঠ-দহ বছৰ সেই বৃক্ষৰাজিয়ে আমাক শীতল ছাঁ, বিশুদ্ধ বায়ু আৰু সুষ্ঠ পৰিৱেশ এটা দিলে। আৰু শেষত আৰ্থিক লাভো দিলে। কিন্তু এই প্ৰক্ৰিয়াটো নিৰৱচ্ছিন্ন(continuous) হ’ব লাগিব, অৰ্থাৎ এডাল গছ কটাৰ আগতে তাৰ ঠাই পূৰাবলৈ পৰিকল্পিত ভাবে এটা বা ততোধিক বৃক্ষৰোপণ হ’ব লাগিব। তেতিয়াহে এই মংগলময় প্ৰচেষ্টা সফল হ’ব।
গছপুলি এটা ৰুলেই যে তাক কাটিবই লাগিব তেনে কথাও নাই। আজি সামান্য ধন খৰচ কৰক। হয়তো আজিৰ পৰা দহ বছৰ পাছত আপোনাক সেই গছ বেছি টকা উলিয়াবৰ বাবে দৰকাৰ নহয়েই। তেতিয়া সেই গছবোৰকেই নিজৰ আপোন কোনোবা যেন লাগিব আৰু মনটো এক সন্তুষ্টিৰে ভৰাই তুলিব, সমাজৰ বাবে আৰু প্ৰকৃতিৰ বাবে যৎকিঞ্চিত কৰাৰ সন্তুষ্টি।
(বি.দ্ৰ. মোৰ পিতৃদেৱে আজি বহুবছৰ ধৰি আমাৰ বৰপেটাৰ ঘৰৰ ওচৰে পাজৰে বৃক্ষৰোপণ কৰি আহিছে। বহু গছপুলি আৰম্ভণিতে নষ্টও হৈছিল, কিন্তু এতিয়া তেওঁ কমেও ২২-২৫ জোপা বৃক্ষৰ গৰ্বিত পিতৃ।)