এটা প্ৰেমৰ কবিতা (প্ৰণৱ কুমাৰ বৰ্মন)


তোমাক পোৱাৰ দিনাৰ পৰাই
তোমাক হেৰুওৱাৰ ভয়ে বাহ বান্ধিছিল
বুকুত
 
পুৱাৰ বাতৰি কাকতৰ সকলো খবৰ
যেন তুমিয়ে আছিলা
পুৱাৰ চাহকাপৰ ধোঁৱাত তুমি
উৰি আছিলা শূন্য নিজানত
তেতিয়াও এনে লাগি আছিল যেন
তোমাক মই হেৰুৱাম
 
ৰাতিৰ সপোনতো তোমাৰ অবাধ বিচৰণে
ধূলিয়ৰি কৰি তুলিছিল হৃদয়
নক্ষত্ৰবোৰৰ পৰা তুমি যেন খহি পৰা
এচমকা পোহৰ আছিলা
তেতিয়াও এনে লাগি আছিল
যেন তোমাক মই হেৰুৱাম
তোমাক নেহেৰুৱাবলৈ মই যে কি কি
কৰা নাছিলো
ৰ’দত চৰাই হৈ ছাঁ দিছিলো
বৰষুণত মেলি দিছিলো ভালপোৱাৰ ছাতি
আন্ধাৰত বিয়পাই দিছিলো মোৰ চকুৰ
চাকিৰ পোহৰ
এনে লাগিছিল মই যেন তোমাৰ মাজত
জী আছো
তুমি যেন মোৰ মাজত জী আছা
প্ৰেম নামৰ এটা ঠিকনাত দুয়ো
বাস কৰি আছিলো
আৰু যিদিনা সংগোপনে তোমাক হেৰুৱালো
সঁচাকৈয়ে
মোৰ চিতাৰ জুইৰে পোহৰ হ’ল পৃথিৱী!
 

Subscribe
Notify of

26 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
বিমান গগৈ
8 years ago

সুন্দৰ

8 years ago

Val lagil pohi…

8 years ago

সুন্দৰ অনুভূতিৰ প্ৰকাশ

মনজিত গগৈ
8 years ago

ইমান সহজ সৰল ভাষাতেই এক বিষাদভৰা ভাৱনাৰ প্ৰকাশ___।
সচাকৈয়ে সুন্দৰ আপোনাৰ প্ৰচেষ্টা।।

Anonymous
7 years ago

চুকৰ পানী ধৰি ৰাখিব নোৱাৰিলো

Anonymous
7 years ago

বহুত ভাল লাগিল
মুনা

7 years ago

পঢ়ি বহুত ভাল লাগিল।

7 years ago

বহুত ভাল লাগিল।

পৰাগ হাজৰিকা
7 years ago

Comment text..হৃদয় চুই গল।

biswajit
7 years ago

এটি সুন্দৰ প্ৰেমৰ কবিতা
ভাল লাগিল

প্ৰাণজিৎ
7 years ago

বৰ ধুনীয়া অনুভূতি।ভাল লাগিল পঢ়ি

প্ৰাণজিৎ
7 years ago

সচাকৈ হৃদয় চুই গল

Mintu bora
7 years ago

প্ৰণৱ দা কবিতা সদায় great

যদুমনি
7 years ago

অতি সুন্দৰ!! আগলৈ আৰু এনে ধৰণৰ কবিতা পঢ়িবলৈ পোৱাৰ আশাৰে

ৰূপ জ্যোতি হাজৰিকা
7 years ago

ভাল লাগিল

Anonymous
7 years ago

মজা

Harish ch Das
6 years ago

সুন্দৰ লাগিছে পঢ়ি

Jiya
6 years ago

সুন্দৰ

Anonymous
6 years ago

সুন্দৰ । । । আপ্লুত হলো পঢ়ি

Anonymous
6 years ago

Comment text..ভালপাবলৈ শিকিছো মইও আপোনাৰ কবিতাক গোপনে অতি গোপনে

অজয় কৃষ্ণ বৰা
6 years ago

bhal paboloi hekilu gupone oti gupone apunar kobita …..bhal lagil pohe

6 years ago

প্ৰেম হৈছে একোটা আৱেগ আৰু এই আৱেগে কবিতা লিখাৰ উচটনি যোগায়…….

Anonymous
6 years ago

ভাল লাগিল অপূৰ্ব সৃষ্টি

Anonymous
5 years ago

ভাল লাগিল । Nice

Anonymous
5 years ago

খুব ভাল লাগিল পঢ়ি হৃদয় চুই গ’ল ।

Anonymous
5 years ago

সুন্দৰ ভাল লাগিল ।

Copying is Prohibited!