এটা মৃতদেহ চাব বিচাৰে নেকি? (দেৱপ্ৰতীম)

আজি কেইদিনমান আগতে মোৰ এজন খুড়াৰ মৃত্যু হৈছে। অতি আপোন আছিল খুড়াজন মোৰ। দেউতাৰ পাছত তেৱেঁই আছিল আমাৰ পৰিয়ালৰ  জ্যেষ্ঠজন। মই খুড়াৰ ল’ৰাটোক কৈছিলোঁ যে এনেকুৱা এটা ঘটিবলৈ গৈ আছে। জানিছিলোঁ খুড়াৰ মৃত্যু হ’ব বুলি। মোৰ পৰিয়ালৰ কোনো লোকৰ মৃত্যু হোৱাৰ আগতেই মই মৃত্যু হ’ব বুলি গম পাই যাওঁ। ইয়াত আছে এক ৰহস্য।
সেই ৰহস্য মই আজি আপোনালোকৰ আগত ক’ম বুলি ভাবিছোঁ।
* * * * *
কিজানি তেতিয়া মোৰ বয়স বাৰ বা তেৰ বছৰ।
এদিন মোৰ বন্ধু ৰাহুলে মোক সুধিলে, “বিভূতি, তই মৃতদেহ দেখি পাইছ? চাবি নেকি?”
সি প্ৰশ্নটো সোধোঁতে তাৰ মনত অকণো ভয়ভাৱ বা উৎসুকতা নাছিল।
-“নাই দেখা। অ’ চাম। ক’ত আছে?”
-“আমাৰ ঘৰৰ পাছফালৰ বাৰীত।”
-“ব’ল চাওঁগৈ।”
-“নাই এতিয়া নহয়। আন্ধাৰ হ’বলৈ দে। সাজু থাকিবি।”
সেইবুলি কৈ সি তাৰ ঘৰলৈ গুছি গৈছিল। মই আন্ধাৰ হোৱালৈ অপেক্ষা কৰিলোঁ। মই তাৰ কথা ভাবিলোঁ। যোৱা দুমাহত সি নিজৰ মাক, বায়েক আৰু আইতাকক হেৰুৱাইছে। তথাপি সি স্কুল যাবলৈ এৰা নাছিল। তাৰ ঠাইত মই হোৱা হ’লে কিজানি সেই দৃশ্য বেলেগ হ’লহেঁতেন।
জাৰৰ দিন আছিল। আন্ধাৰ সোনকালেই নামি আহিল। মই তাৰ ঘৰত গৈ উপস্থিত হ’লোঁ। তাৰ ঘৰৰ পাছফালৰ বাৰীলৈ আমি লাহে লাহে আগবাঢ়ি গ’লোঁ।
এডোখৰ ঠাইত সি গৈ ৰৈ দিলে আৰু গছ এজোপাৰ তললৈ আঙুলি টোঁৱালে।
-“সেইটো চা।”
গছজোপাৰ তললৈ মোৰ চকু গ’ল। তাত এটা নৰকংকাল পৰি আছিল।
-“এইটো কংকাল হে? মৃতদেহ নহয়।”
-“তোক মই দেখুৱাই দিলোঁ, মোৰ কাম শেষ হ’ল। এতিয়া মোৰ পৰিয়ালৰ কোনো লোক নমৰে।”
এইবুলি কৈ সি তাৰ ঘৰলৈ দৌৰ মাৰিলে।
-“ৰাহুল ৰ, ক’লৈ গৈছ!”
মই কংকালটোলৈ চাই ৰ’লোঁ। হাড়বোৰ বিশৃংখল হৈ থকা নাছিল। হাড়বোৰে গঢ়া মানুহৰ কংকালটো কমেও সাতফুটমান হ’ব। মানে এই কংকালৰ গৰাকী বহুত ওখ আছিল। মই কংকালটোৰ ওচৰ চাপি গ’লোঁ। একেথৰে চাই ৰ’লোঁ লাওখোলাটোলৈ। চকুৰ ঠাইত এতিয়া এক ক’লা গহ্বৰ যেন এটা গাত।
তেনেতে হঠাতে লাওখোলাটোৱে মুখখন মেলি দিলে। মোৰ বুকুৱেদি যেন প্ৰাণ বায়ু উৰি গৈছিল সেই সময়ত। মই প্ৰাণটাকি দৌৰিলোঁ ৰাহুলৰ ঘৰ অভিমুখে। ভিতৰৰ দুৱাৰ বন্ধ কৰি থোৱা আছিল। মই তাক বহুত চিঞৰিলোঁ, কিন্তু সি দুৱাৰ নুখুলিলে। উপায়ন্তৰ হৈ মই কাষতে থকা নিজৰ ঘৰলৈ ঘূৰি আহিলোঁ।
সেই ঘটনাৰ পাছৰ পৰা ৰাহুল যেন হেৰাই গ’ল। তাক কেতিয়াও দেখা নাপালোঁ।
* * * * * *
সেই ঘটনাৰ দুমাহ মানৰ পাছত মোৰ মা বেমাৰত পৰিল। মাৰ বেমাৰ গুৰুতৰ আছিল। দেউতায়ে মোক কৈছিল বহুত কিবা বেয়া হ’ব মাৰ লগত। গতিকে এটা বেয়া সংবাদৰ বাবে সাজু থাকিবলৈ কৈছিল; মনটো ডাঠ কৰিবলৈ বাৰে বাৰে কৈছিল।
এদিন ঘৰৰ আগফালৰ বাৰাণ্ডাত বহি আছিলোঁ। তেনেতে দেখিলোঁ অতি ওখ এজন মানুহ আমাৰ ঘৰৰ সন্মুখেদি পাৰ হৈ গৈছে আৰু আমাৰ ঘৰৰ ফালে অদ্ভুত চাৱনিৰে চাই গৈছে। ইমান ওখ সেইজন মানুহ আমাৰ অঞ্চলটোত দেখা মনত পৰা নাছিল।
সেইদৰেই মানুহজনক মই বহুদিন দেখিলোঁ। একেদৰেই সেই একে চাৱনিৰে আমাৰ ঘৰলৈ চাই যোৱা। এদিন মানুহজন আমাৰ ঘৰলৈ সোমাই আহিল। মই ভয় খালোঁ। মানুহজনে আহি মোক ক’লে, -“এটা মৃতদেহ চাব বিচাৰা নেকি, বিচাৰা যদি ভিতৰলৈ যোৱা।”
তেনেতে ভিতৰৰ পৰা কাৰোবাই কন্দা শুনিলোঁ। মই ভিতৰলৈ সোমাই গ’লোঁ। দেউতাই কান্দি কান্দি ক’লে,
-“মাৰা আৰু নাই এই পৃথিৱীত, তেওঁ আমাক সকলোকে এৰি গুছি গ’ল।”
মই কান্দিব পৰা নাছিলোঁ। বাহিৰলৈ চালোঁ মই, সেই ওখ অদ্ভুৎ মানুহজন নাছিল তেতিয়া।
* * * * * *
মাৰ মৃত্যুৰ প্ৰায় দহ বছৰ পাছৰ কথা।
মই সন্ধিয়া সময়ত ঘৰৰ ওচৰৰ দোকানখনলৈ গৈছিলোঁ চিগাৰেট খাবলৈ। চিগাৰেটটো জ্বলাবলৈ গৈ মই ৰৈ গ’লোঁ। কাৰণ মোৰ সন্মুখত আছিল সেই ওখ অদ্ভুত মানুহজন। মোৰ ফালে একেথৰে চাই আছিল। মানুহজন লাহে লাহে মোৰ ফালে আগবাঢ়ি আহিল।
-“এটা মৃতদেহ চাব বিচাৰা নেকি, বিচাৰা যদি ইয়াতে অলপ ৰোৱা।”
তেনেতে অলপ দূৰত বিকট শব্দ এটা শুনিলোঁ। সকলো মানুহ সেইফালে দৌৰি যাবলৈ ধৰিলে। মই মানুহজনৰ ফালে চালোঁ। কিন্তু সেই ওখ মানুহজন নাছিলে সেই ঠাইত। যেন অদৃশ্য হৈ গৈছিল।
দেখা পালোঁ অলপ দূৰত দুখন গাড়ীৰ মুখামুখি সংঘৰ্ষ হৈছে। এখন গাড়ী মোৰ চিনাকী যেন লাগিল। লাহে লাহে ওচৰ চাপি গ’লোঁ।
সেয়া আন কোনো নাছিল, আছিল মোৰ একেবাৰে সৰু খুড়া। ঘটানাস্থলীতে তেওঁৰ মৃত্যু হৈছিল।
* * * * * *
সেই ওখ অদ্ভুত মানুহজনক মই যেতিয়াই দেখিছোঁ মোৰ পৰিয়ালৰ কাৰোবাৰ মৃত্যু হৈছে। আপোনাৰ কেনে অনুভৱ হ’ব যেতিয়া আপুনি জানে কিবা এটা বেয়া ঘটিবলৈ গৈ আছে আৰু আপুনি সেই বেয়াটো নহ’বলৈ একো কৰিব নোৱাৰে, আপুনি অসহায়, আপোনাক কোনেও সহায় কৰিব নোৱাৰে। মাথোঁ এটাই উপায় আছে….
আপুনি এটা মৃতদেহ চাব বিচাৰে নেকি? মোৰ ঘৰৰ পাছফালৰ বাৰীখনতেই আছে…….

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Mahadev
8 years ago

Bhut val lagil pohi………

Copying is Prohibited!