এটা সপোনৰ নাম "আকুল" (মনোজ মন কলিতা)

মনোজ মন কলিতা
 
আজি তৰা গণাৰ দিন, আহিবা?
আগচোতালত হৃদয়খন মেলি দিম, জিৰাবা?
সময় পালে আমি এবাৰ প্ৰেমতো পৰিম দিয়া, পৰিবা?
আঙুলীৰ ফাঁকৰ পানীটোপাল হৈ বৈ যাম,
বেয়া নোপোৱা যদি চুমা এটাৰ আঁকাৰ ল’ম তোমাৰ হাতত,
হেঙুলীয়া হৈ পৰিব যেতিয়া পশ্চিমৰ আকাশ,
আগচোতালত হৃদয়খন মেলি দিম তেতিয়া, জিৰাবানে?
সময় পালে এবাৰ হয়তো প্ৰেমতো পৰিম পাৰো, পৰিবানে?
তুমি যোৱা বাটেই ম‍ই ৰৈ আছো,
এটা সপোনৰ নাম দিছিলো ’আকুল’ ।
আজি তৰা গণাৰ দিন, উভতি আহিবা?
আগচোতালত হৃদয়খন মেলি দিম, আকৌ জিৰাবা?
সময় পালে আমি এবাৰ প্ৰেমতো পৰিম দিয়া, আকৌ পৰিবা?
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!