এটা সাধুৰ অন্তত — পৰিস্মিতা বৰদলৈ

সাধুবোৰে নিচুকাইছিল তাইক। উমলিছিল তাই সাধুবোৰৰ সৈতে। সাধুবোৰৰ মাজত মজি থাকি পাহৰিব পাৰিছিল তাই ভূ ভাৰস্তৰ কথা। সাধু শুনি থাকোঁতে তাইৰ ভ্ৰূক্ষেপ নাছিল পৰীক্ষাৰ নম্বৰৰ কথা। বিজ্ঞানৰ শ্ৰেণীত স্কেল এপাট যে আধাগিলাচ পানীত ডুবাই বুটমাহৰ গজালি উলিয়াই দেখুৱাইছিল হেডছাৰে, সমাজ অধ্যয়নৰ বাইদেৱে যে মানচিত্ৰ আঁকিবলৈ এমূৰে ৰঙা আনটো মূৰে নীলা থকা পেঞ্চিল নিনিয়াৰ বাবে গালি পাৰিছিল আকৌ সলসলীয়াকৈ কবিতা মুখস্থ দিব পৰাৰ বাবে যে ৰেণু বাইদেৱে পিঠিত চপৰিয়াই “চাব্বাছ” বুলি কৈছিল, ইয়াৰ মাজৰ এটা কথাও সাধু শুনাৰ পৰত মনলৈ অহা নাছিল মিচিকিৰ। সাধু শেষ কৰি আইতাকে কাপোৰকানি ক’লা পৰিল বুলি নোকোৱালৈকে তাই চকুৰ টিপ এটাও নমৰাকৈ কিলাকুটিৰে মজিয়াত ভেজা দি থুতৰিত হাতৰ তলুৱা দুখন ৰাখি একান্তমনে চাই থাকিছিল আইতাকৰ মুখৰ পিনে। তাই বাৰু ভাবিছিল নেকি আইতাকৰ জীৱনতো বহু সাধুকথাই লুকাই আছে বুলি। এতিয়া সেই দিনবোৰ মনত পৰিলে তাইৰ সেই দিনবোৰকো আকৌ সাধু সাধুৰ দৰেহে লাগে।

“তাৰপাছত কি হ’ল আইতা?”
“তাৰপাছত আৰু কি হ’ব! আমাৰ কানিকাপোৰ ক’লা হ’ল আৰু আমি ঘৰলৈ গুচি আহিলো”
“কিয় আইতা? কানিকাপোৰ আকৌ ক’লা কিয়নো হ’ল বাৰু?”
“এঃ বাদ দে সেইবোৰ। সাধুকথাটো সাধুকথাই আৰু ন? গতিকে সাধুও শেষ হ’ল। কাপোৰসাজো সলাই থ’লো আমি সাধুৱে ক’লা কৰা”
মিচিকিয়ে আইতাকৰ কথাত একো নুবুজিছিল তেতিয়া। বেছিকৈ কথা সুধি থাকিবলৈও বিপদ আইতাকক। কিজানিবা আকৌ খং কৰে আইতাকে। খং কৰিলে যদি সাধু নুশুনোৱা হয় তাইক। নাই নাই তাতকৈ কিছুমান কথা তাই সুধি সুধি আমনি নকৰে আইতাকক। ডাঙৰ হ’লে তাই নিজেই গম পাব কিছুমান কথা। কোনেও নোকোৱাকৈয়ে বহুত কথাই জানিব তাই ডাঙৰ হ’লে। মাকহঁতে কয় নহয় নিজেই জনাৰ কথা বহু কথা। তায়োতো জানিব একেদৰেই।

হয়, ঠিক এনেকুৱা ধৰণেই ভাবিছিল মিচিকিয়ে কথাবোৰ। সাধুকথাৰ মাজত ডুবি থাকি তাইৰ মনত উদয় হোৱা শতসহস্ৰ প্ৰশ্নৰ উত্তৰ তাই বিচাৰি ফুৰিছিল। ভালেমান প্ৰশ্ন জাগি উঠিছিল তাইৰ অনুসন্ধিৎসু মনৰ ভিতৰত, সেইবোৰ সুধি সুধি ব্যতিব্যস্ত কৰি তোলা আইতাকজনীয়ে এমোকোৰা হাঁহিৰে যিমান পাৰি উত্তৰবোৰ দি গৈছিল তাইক। পাছে তথাপিও প্ৰশ্নবোৰৰ যেন শেষ নাছিল। সুধিবলৈ ৰৈ যোৱা প্ৰশ্নবোৰে তাইক কেতিয়াবা স্কুলৰ পাঠত বা ঘৰৰ পঢ়া টেবুলতো আমনি কৰি থাকিছিল। তেজীমলাজনীৰ উচুপনি, তেজাৰ যাতনা, চম্পাৱতীৰ ভাগ্য এই সকলোবোৰে তাইৰ কণমানি মনক পাকঘূৰণি খুৱাইছিল। ইমান যে ভাবি থাকিছিল তাই কথাবোৰ। তাইৰ সমবয়সীয়া ল’ৰা-ছোৱালীবোৰে চাগৈ ভাবিবলগীয়া কথা বুলি নভবা কথাবোৰৰ ভাৰো তাই কঢ়িয়াই ফুৰিছিল অবিৰাম, অহৰহ। কৈছিল বহুতেই তাইৰ দেউতাকক, “বৰবৰুৱা আপোনাৰ ছোৱালীজনী বৰ ভাবুক দেই। এই কণমান বয়সতেই তাইৰ চিন্তাৰ পৰিসৰ কিন্তু মানিবলগীয়া।” হয়তো সঁচাকৈয়ে তাই তেনে আছিল। তৰ্ক প্ৰতিযোগিতাত ভাগ লওঁতে নিম্নশাখাত থাকিয়েই যিখিনিৰ যুক্তি তাই দাঙি ধৰিছিল, সেই যুক্তি শুনি উচ্চশাখাৰ প্ৰতিযোগীয়েও বাপ বাপ কাঢ়ি গৈছিল। এনেকুৱাই আছিল তাই , বয়সতকৈ বেছি মেচিয়’ৰ্ড। অৱশ্যে এইক্ষেত্ৰত তাই শুনা সাধুকথাবোৰেই কেৱল অৱদান আগবঢ়োৱা নাছিল। তাইৰ ঘৰৰ পৰিবেশটোৱেই আটাইতকৈ বেছি প্ৰভাৱ পেলাইছিল তাই কুমলীয়া মনটোত। এইযে তাই কান্দি কান্দি ভাগৰি পৰে। অকণমান কথাতে হাঁহি হাঁহি চকুপানী ওলাই যায়। আকৌ চঞ্চলা চপলা ছোৱালীজনী পাছমুহূৰ্ততে গহীন হৈ পৰে। তাইৰ যেন জীৱন নামৰ নাটখনিৰ আখৰা আৰম্ভ হৈছিল সেই কণমান অৱস্থাতেই।

মিচিকি খুব সম্ভৱতঃ তৃতীয়মানত আছিল তেতিয়া, দেওবাৰ আছিল সিদিনা। পুৱা ৰুটি চাহ খাই উঠিছিল মাত্ৰ সকলোৱে। ঠিক তেনেতেই পুৱাতে দোকান খুলিবলৈ বুলি ওলাই যোৱা দদায়েকৰ দুয়োখন হাত দুজন মানুহে নিজৰ নিজৰ কান্ধত ৰাখি হেলেকপেলেক জপনাখনেৰে সোমাই আহিছিল। দদায়েকৰ ভৰি দুটা থৰকবৰক আছিল। কোৱাৰিয়েদি ঈষৎ হালধীয়া বৰণৰ ফেন ওলাই আছিল। “কি হ’ল ঔ মোৰ ল’ৰাটোৰ” বুলি দদায়েকৰ গাত ধৰি জোকাৰি দিয়া মিচিকিৰ আইতাকে কিবা এটা সন্দেহ কৰি পাছমুহূৰ্ততে দৌৰি আহি নিজৰ কাঠৰ আলমিৰাটোৰ সেই নিৰ্দিষ্ট টেমাটো খুলি চাইছিলহি। নিয়মিত টোপনিৰ ঔষধ সেৱন কৰি থকা দদায়েকৰ ঔষধ ৰখা সেই টেমাটো উদং আছিল। হুলস্থূল লাগিছিল ঘৰখনত। পৰিস্থিতিৰ ভয়াবহতা উমান কৰি ততাতৈয়াকৈ লৈ যোৱা হৈছিল দদায়েকক মিচন হস্পিতাললৈ। তিনিটা সপ্তাহ থাকি সুস্থ হৈ উভতিছিল দদায়েক। কণমানি ছোৱালীজনী বুজা-নুবুজাৰ ভাৱতে থাকি গৈছিল। পাছলৈ লাহে লাহে বুজি উঠিছিল কিমান বেছি জীৱনটোৰ প্ৰতি নিৰাসক্ত হ’লে মানুহে বাছি লয় মৃত্যুৰ পথ, বাচি লয় হেৰাই যোৱাৰ পথ। কোনো কোনোৱে আকৌ দেনা-পাওনাৰ হিচাপখনত নিজকে সমৰ্পণ নকৰি নতুনকৈ পাতিবলৈ চেষ্টা কৰে। এটা নিমিলা অংক। তথাপিও অংক পতাতকৈ তাই সাধু হিচাপেহে ভাবিবলৈ ভাল পাইছিল কথাবোৰ। কিয়নো তাই ভাবিছিল জীৱন ভঙাগঢ়াৰ এই খেলখনত আমি প্ৰত্যেকেই খনিকৰ। খনিকৰৰ হাতত প্ৰাণ পাই উঠাৰ দৰেই আমাৰ জীৱনটোও যেন। জীৱনে সলাব পাৰে ৰং। সাধুকথাৰ দৰে আমিওতো কাপোৰসাজ সলাই ল’ব পাৰোঁ, ক’লা হৈ যোৱা কাপোৰসাজ সলাই ল’লেই লেঠা শেষ।

তাইৰ দদায়েকেও বাৰু ভাবিছিলনে জীৱনটো এটা সাধুকথা বুলি নে কেৱল তেওঁ অংকহে কৰিবলৈ শিকিছিল, য’ত নেকি কোনোপধ্যেই জমাখৰচৰ হিচাপটো মিলাব পৰা নাছিল তেওঁ। যিমানেই মিলাবলৈ চেষ্টা কৰিছিল সিমানেই যেন পাক লাগিছিল অংকটোত। জটিলতাই আৱৰি ধৰা অংকটোত অৱশেষত সমাধানৰ কোনো সূত্ৰ বিচাৰি নাপাই দদায়েকে মোহাৰি পেলাবলৈকে উদ্যত হৈছিল পাতি লোৱা অংকটো। কিন্তু অংক এটা ফলিত পাতি লৈ সমাধান কৰিবলৈ বহি শেষত শুদ্ধ উত্তৰটো নোলাল বুলিয়েই যদি মোহাৰি দিয়া যায়, তাতেই জানো সমস্যাৰ শেষ। হয়তো এই কথাটোকে খুৰাকে বুজি পোৱা নাছিল। সেয়ে তেওঁ আন এটা ভুল অংক কৰিব খুজিছিল, যাৰ উত্তৰ আছিল মৃত্যু। পাছে মৃত্যু জানো উত্তৰ হ’ব পাৰে একোটা জীৱনৰ। জীৱন মানেই অংক নহয়। তাতকৈ জীৱনক এখন সাধুকথাৰ পুথি বুলি ধৰি ল’লেই ভাল। যাৰ প্ৰতিটো সাধুকথাৰ অন্তত নতুনকৈ বেলেগ এটা সাধুৰ আৰম্ভ কৰিব পৰা যায় অথবা এইদৰেও ক’ব পাৰি যে জীৱন একোটাত ঘটি যোৱা কিছু ঘটনাক আমি বাস্তৱ বুলি মানি আন কিছুমানক সাধুৰ সৈতেই ৰিজনি খুৱাব পাৰি। তেতিয়া ইমান বেছি সমস্যা নাথাকে।

দদায়েকৰ চাগৈ কষ্ট হৈছিল সাধুকথা বুলি ভাবিবলৈ কথাবোৰ। আচলতে ঘটনাবোৰক সাধু বুলি ভাবিব পৰাটোও আছিল একপ্ৰকাৰৰ কঠিনতম কাম। বছৰজুৰি মৰম, বিশ্বাসৰ ভেটিত গঢ়িত এটা সম্পৰ্ক থানবান হৈ যোৱা সাধুকথাটোৰ অন্ত পৰিছিল মাত্ৰ। সেইটো সাধুৰ স্মৃতি মাৰ নৌ যাওঁতেই সাঁচতীয়া টকাকেইটাকে সাৰথি কৰি দদায়েকে সজাব বিচাৰিছিল নতুনকৈ জীৱনটোক। পাছে যেতিয়া বেংকৰ সেই টকাকেইটাও মৰা পৰিল তেতিয়া আগৰেপৰাই ভাগি পৰা দদায়েক যেন সম্পূৰ্ণৰূপে ধৰাশায়ী হৈছিল, সেয়ে বাছি লৈছিল সেই পথ, যি পথ কেতিয়াও শুদ্ধ নাছিল।

এই কথাবোৰেই কিন্তু উঠি অহা ছোৱালীজনীক ভিতৰিভিতৰি আগতকৈও পৰিপক্ব কৰি তুলিছিল। ঘৰৰপৰা দূৰত হোষ্টেলত থাকি পঢ়াশুনা আৰু এবেলাৰ চাকৰি দুয়োটাই সমানে চলাই তাইৰো কিছুমান কথা এতিয়া সাধুৰ দৰেই ভাবিবলৈ মন যায়। আইতাকে কোৱাৰ দৰে সাধুকথাবোৰতো সাধুকথাই। ইমানকৈ ভাবি থকাৰ প্ৰয়োজনীয়েই বা কি। হয়তো তায়ো কিছুমান কথা সাধুৰ দৰেই ভাবিব লাগিব। সাধুবোৰ কেৱল সাধু। সাধুবোৰতো সঁচাই নহয়। ৰূপকথাৰ পৰীজনীৰ জীৱনলৈ ৰূপকোঁৱৰ অহাৰ দৰে বাস্তৱতো ক’তনো আহে পক্ষীৰাজ ঘোঁৰাত উঠি কদদপ্ কদদপ্ কৈ! আহিলেও সেয়া কেৱল সাধু। কল্পনা আৰু বাস্তৱৰ মাজত যে বৃহৎ তফাৎ। কথাবোৰ তাই ভাবিবলৈ ধৰিছে এনেদৰেই। চকুৰ আগত অগাদেৱা কৰে সাধুকথাৰ পুথি এখনৰ পৃ্ষ্ঠাৰ দৰেই কিছু কথা। ঠিক চিনেমা এখনত ফ্লেচবেক কৰাৰ দৰেই তাইৰ চকুৰ আগত ভাঁহি থাকে কথাবোৰ।

কলেজৰ ক্লাচ শেষ কৰি উঠিয়েই অলপমানো নিজিৰোৱাকৈয়ে তাই কল চেণ্টাৰটোলৈ ধাপলি মেলিছিল। নিজকে চম্ভালি ল’ব জনা পৰী হেন ছোৱালীজনীৰ আচলতে কোনো ৰূপকোঁৱৰৰ প্ৰয়োজনেই নাছিল। তাই বিচৰাও নাছিল। কিন্তু জীৱনত বিচৰামতেই জানো সকলো হয়! বিচৰামতেই সকলো হওক বা নহওক তাই সুখী হোৱাৰ চেষ্টা কৰিছিল। কানিমুণি সপোন এটাৰ পম খেদি খেদি এটা সময়ত যেতিয়া তাই সপোনটোৰ নিচেই কাষ চাপিছিল, তেতিয়ালৈ তাইৰ গাত হুঁচ আহিছিল যে তাইচোন এটা সাধুকথাহে শুনি আছিল য’ৰ নায়িকাজনী আছিল তাই নিজেই। নিজৰ অজানিতেই গঢ় লৈ উঠা এটা কাহিনীৰ তাই কেতিয়া এটা মুখ্য চৰিত্ৰ হৈ পৰিছিল তাই ফুটকে পোৱা নাছিল। সাধুকথাবোৰ শুনিবলৈ ৰোমাঞ্চকৰ, মজা আছে সাধুত। এক অলীক কল্পনাত দুলি থাকিব পাৰি সাধু শুনি শুনি। কিন্তু সেই সাধুবোৰে ক্ষণিকৰ বাবেহে আমোদ যোগায়। এতিয়া তাই ভাবি লৈছে সাধুবোৰ কেৱল সাধু। কাপোৰকানিও ক’লা পৰিল যেতিয়া তায়ো গুচি অহাৰেই সংকল্প ল’লে মনত। অৱশ্যে এটা কথা ঠিক যে প্ৰতিটো সাধুকথাৰে একোটাকৈ নীতিশিক্ষা থাকে আৰু এই নীতিশিক্ষাৰ ভিত্তিতে বাস্তৱ জীৱন গঢ়ি তুলিব পাৰি। তায়ো এই সাধুকথাটোৰপৰা পোৱা নীতিশিক্ষাৰেই জীৱনৰ আহিবলগীয়া দিনবোৰ পাৰ কৰিব বুলি সংকল্প লৈছে। সাধুকথাৰ পৃষ্ঠাৰপৰা উভতি আহিছে তাই। কথাবোৰ মনতে জুকিয়াই লৈ হাতত থকা মোবাইলটোৰে ব্লক অপচনটো চুই দিলে তাই কণ্টেক্টচ, হোৱাটচএপ, ফেচবুক সকলোতে। সাধুকথাৰ বাটটো এতিয়া সম্পূৰ্ণ বন্ধ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments