এটা সুখৰ দিন (কৌস্তুভমণি শইকীয়া দত্ত)

মই ৰৈ আছিলোঁ বন্ধ দুৱাৰৰ কাষত

তেওঁৰ হাতত আছিল ছাবি

খুলি সোমোৱাৰ পাছত নুসুধিবা কি হ’ল..

মোৰ হাতত আছিল পিয়লা

তেওঁৰ হাতত আছিল সুৰা

এতিয়া আৰু নুসুধিবাচোন

নিচা কেনেকৈ হ’ল

 

মোৰ কণ্ঠত আছিল সুৰ

তেওঁৰ প্ৰাণত আছিল গান

সেই গীত শুনি নুসুধিবা

সুৰে কিয় হৃদয় কঁপাই গ’ল

 

মোৰ হিয়াত আছিল কথা

তেওঁৰ হাতত আছল কলম

দুচকু চাই লিখা কবিতা পঢ়ি নুসুধিবা

প্ৰেম কেনেকৈ হ’ল

 

মোৰ হাতত আছিল অন্ন

তেওঁৰ হাতত আছিল উত্তাপ

জনাৰ পাছতো নুসুধিবা

ক্ষুধা কেনেকৈ দূৰ হ’ল

 

তেওঁৰ হাতত আছিল সময়

মোৰ হাতত আছল হেঁপাহ

ৰান্ধনি বেলিকে সুধিবা

দিনটো কেনেকৈ গ’ল

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!