এটা সৰু আলমাৰী আৰু এখন ফিলিপ্ছৰ (Phillips) ৰেডিঅ’… – ড° চাহিন জাফ্ৰি
কিছুদিন আগতে বিশ্ব মাতৃ দিৱসটো পাৰ হৈ গ’ল। সেই নিৰ্দিষ্ট দিনটোত মাকক শুভেচ্ছা জনোৱা বা নজনোৱাক লৈও বহুত বিতৰ্ক পাৰ হৈ গ’ল..। হওঁতে কথাটো নোহোৱা নহয়, ‘মা’ আমাৰ সকলোৰে হৃদয়ত থাকে । প্ৰতিটো দিনেই মাতৃত্বৰ দিৱস হোৱা উচিত। আচলতে ‘মা’ নামৰ শ্ৰোতস্বীনি নদীখন চিৰদিন আমাৰ হৃদয়ত প্ৰবাহিত হৈ থাকিব..!
হয়, আমি সকলোৱে মাৰ মৰমৰ ধাৰ কোনোদিনেই খুজিব নোৱাৰো। বহু কম সংখ্যক সন্তানেহে মাকৰ ত্যাগৰ মূল্য বুজি পায়..! ন’হলেতো বৃদ্ধা আশ্ৰমৰ সৃষ্টি হয়নে?? মাৰ অকৃত্ৰিম স্নেহৰ তুলনাত আমিনো তেওঁক কি দিছোঁ? যদিওবা তেওঁ আমাৰ পৰা একো নিবিচাৰে; মাথোঁ আমাৰ সুখ আৰু ভাল হোৱাটোহে বিচাৰে..!! তাতেই যেন তেওঁ সকলো সুখ পায়..! সমৃদ্ধ হয় তেওঁ….!!
কিন্তু, মাতৃ এগৰাকীয়ে সন্তানক অকৃত্ৰিম স্নেহ দিয়াৰ উপৰিও আৰু কি অমূল্য সম্পদ প্ৰদান কৰিব পাৰিছে, তাৰ ওপৰতো যেন সমগ্ৰ কথাটো বহুখিনি নিৰ্ভৰ কৰে…!
মাৰ প্ৰতি শ্ৰদ্ধা জনাই মোৰ অনুভৱৰ একলম লিখিবলৈ ধৰিছোঁ..!! বিশেষকৈ মোৰ মনত সৰুতেই প্ৰভাৱ পেলোৱা —
“এটা সৰু আলমাৰী আৰু এখন ফিলিপছৰ ৰেডিঅ’ক লৈ….”
জীৱনৰ আদিপাঠ শিকোৱা মোৰ মায়ে মোক গঢ় দি তুলিছিল সেই অকণমানি বয়সতেই। তেওঁ নিজে কিন্তু এগৰাকী খুব সাধাৰণ মহিলা আছিল। অন্যৰ দৃষ্টিত মাথোঁ এগৰাকী ‘গৃহ-পত্নী’…!!
বুজি পোৱা হোৱাৰ দিনৰে পৰা দেখিছিলো মাৰ কিতাপ পঢ়াৰ অভ্যাসটো। আচলতে তেওঁৰ খুব চখ আছিল কিতাপ পঢ়াৰ, বা দুৰ্বলতা বুলি কলেও হয়তো ভুল ন’হব..! আমাৰ ঘৰত থকা একমাত্ৰ আলমাৰীটোৰ(তেতিয়াৰ) ওপৰৰ থাকটোত ঠাহ খাই আছিল এদম কিতাপেৰে..!! আমি তেতিয়া ঢুকিয়েই নাপাওঁ সেইখিনিলৈ..! চকী এখনৰ ওপৰত আকৌ সৰু টুল বা মোহা এটা যোৰা দিহে সেইখিনি পাওঁগৈ..! তাকো ভৰি দুখন দিগ্ দি ডিঙি মেলি চালেহে দেখি..! নাজানোঁ, কি আকৰ্ষণ আছিল, কিন্তু সেই কিতাপবোৰ চুই চাই যেন এক অদ্ভুত প্ৰশস্তি পাইছিলোঁ …!! আমাৰ শৈশৱৰ সেই সোণালী দিন কেইটাত সেয়াও এক সোণালী অনুভৱ..!!
দিন বাগৰি যোৱাৰ লগে লগে চকু পৰিছিল মায়ে আধা পঢ়ি থোৱা – বিস্ময়, ৰহস্য আদি আলোচনীৰ ওপৰত। আনকি লুকাই-চুৰকৈ পঢ়িবলৈও ধৰিছিলোঁ। অৱশ্যে আমাৰ বাবেও তেওঁ টিংকল, সঁফুৰা আদি শিশু আলোচনীৰ যোগাৰ কৰিছিল। পঢ়িছিলোঁও আমি। লগতে মাৰ মুখৰ পৰা লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ৰ আটাইবোৰ সাধুও বৰ মন দি শুনিছিলোঁ। বৰকৈ সাঁচ বহুৱাইছিল সেইবোৰে আমাৰ কোমল মনবোৰত। বাৰে বাৰে জানিবলৈ মন গৈছিল- তাৰ পাছত বা কি হ’ল??আচলতে অনুসন্ধিৎসু মনটো তেতিয়াই গঢ় লৈ উঠিছিল…।
…আৰু, মাৰ সৰু আলমাৰীটো??
হয়, ঠিকেই ধৰিছে..! এখন এখনকৈ তাৰ সকলোবোৰ কিতাপ পঢ়ি শেষ কৰিবলৈ বৰ বেছি দিন লগা নাছিল মোৰ..!! সম্ভৱ মই সপ্তম শ্ৰেণীত থাকোতেই ‘অসীমত যাৰ হেৰাল সীমা’ খন পঢ়িছিলোঁ। পঞ্চম শ্ৰেণীত থাকোঁতেই ‘অকণিৰ মহাভাৰত’খন পঢ়ি কৰ্ণক আদৰ্শ পুৰুষ হিচাপে কল্পনা কৰিছিলোঁ..! আৰু এই সকলোবোৰ জ্ঞানৰ ভাণ্ডাৰ লাভ কৰিছিলোঁ মাৰ সেই সৰু আলমাৰীটোৰ পৰা…..!!
মোৰ আকৰ্ষণৰ দ্বিতীয় উপলক্ষ আছিল- মাৰ সৰু ৰেডিঅ’ খন.!! ফিলিপছ কোম্পানীৰ ক’লা ৰঙৰ সেই ৰেডিঅ’ খন মাৰ গাভৰু কালৰে সংগী আছিল। ৰেডিঅ’ত বাজি থকা গীত-মাত আৰু বিভিন্ন অনুষ্ঠানবোৰ শুনি শুনিয়েই মায়ে ঘৰৰ আটাইবোৰ কাম নিয়াৰিকৈ কৰিছিল। মাৰ আটাইতকৈ প্রিয় অনুষ্ঠান আছিল-(কি বাৰে দিছিল মই এতিয়া পাহৰিলোঁ..) “কল্পতৰু” নামৰ অনুষ্ঠানটো..! য’ত শ্ৰোতাৰ পছন্দ মতে গীত শুনোৱা হৈছিল..! মাৰ আটাইতকৈ প্রিয় শিল্পী আছিল- ভূপেন হাজৰিকা। লগতে খগেন মহন্ত, দিপালি বৰঠাকুৰৰ গীতো অতিকৈ প্রিয় আছিল। মাৰ মুখত প্ৰায়ে গুণ-গুণাই থকা শুনিছিলোঁ এই তিনিওজন শিল্পীৰ জনপ্ৰিয় গান সমূহ ― ”বুকু হম হম কৰে…”.., “আগলতী কলাপাত লৰে-চৰে”, .., “সোণৰ খাৰু নালাগে মোক…” –আদি গান শুনিলে আজিও মই শৈশৱলৈ উভতি যাওঁ..!!
সংগীতৰ প্ৰতি প্ৰেমৰ বীজ যে মাৰ দ্বাৰাই অংকুৰিত হৈছিল, তাক চাগে দুনাই নক’লেও হ’ব..!! ভূপেন হাজৰিকাৰ মৃত্যুৰ দিনা মোৰ চকুপানী সৰিছিল অকল মাৰ কথা ভাবি…!!
জ্যোতি সংগীত বা ৰাভা সংগীতৰ প্ৰতিও মাৰ বৰ মোহ আছিল। আজিও মোৰ স্পষ্টকৈ মনত পৰে, টিভি বা ৰেডিঅ’ ত তেনে কিবা অনুষ্ঠান দিলেই মোৰ ফালে চাই কিবা এটা ইংগিত দিছিল মায়ে। মই বুজি উঠিছিলোঁ যে মোকো মন প্ৰাণ খুলি উপভোগ কৰিব দিছে সেই বিশেষ অনুভৱ খিনি।পিছলৈ ময়ো তেনে কিবা অনুষ্ঠান দিলেই মাৰ ফালে চাইছিলো। আহ্..!! আৰুনো কেনেকৈ বুজাই ক’ম যে- মোৰ মনৰ ভিতৰত থকা অগাধ সংস্কৃতি প্ৰেমৰ মূলতে যে মোৰ মায়েই আছিল..!!
বৰ্তমান সময় সলনি হ’ল.., আগৰ দৰে মায়েও আজিকালি বেছিকৈ কিতাপ বা গান শুনিবলৈ সময় নাপায়..! মইহে জোৰকৈ নতুনকৈ কিনি অনা কিতাপবোৰ মাৰ হাতত তুলি দিওঁ..! পঢ়ে কেতিয়াবা। গান শুনিলেও আগৰ দিনৰ কথা বা সুৰবোৰৰ কথা সুঁৱৰে..!
মাৰ ভাষা-সংস্কৃতি-গ্ৰন্থপ্ৰেম দেখিলে প্ৰায়ে অনুভৱ হয় মোৰ , আমি বাৰু পাৰিমনে তেনেকুৱা হ’বলৈ? বৰ্তমানৰ আধুনিক মাতৃ সকলে কিতাপৰ সলনি অগাধে সন্তানৰ হাতত তুলি দিয়ে মোবাইল..!! অসমীয়া সংস্কৃতিৰ সলনি হলিউডে বা বলিউডী গীত-মাত শিকায়।আনকি বহুতেতো হিন্দী বা ইংৰাজীতে কথাও পাতে সন্তানৰ লগত.., সিহঁতে সেয়া ক’ব পৰাটো গৌৰৱৰ কথা বুলি ভাৱে..!!
ৰাষ্ট্ৰীয় বা অন্তঃৰাষ্ট্ৰীয় ভাষা এটা শিকাটো মই বেয়া কথা বুলি ক’ব খোজা নাই। ভাল কথাই বাৰু..! বৰঞ্চ আৰু চাৰি পাঁচটামান ভাষা ভালকৈ ক’ব বা লিখিব পৰাটো আৰু ভাল কথা। কিন্তু নিজক পাহৰি অকল বেলেগ শিকাটো জানো ভাল কথা?? আনহাতে, নিজৰ জাতীয় সাহিত্য, সংস্কৃতিৰ শিক্ষা লৈও জানো সন্তানটিয়ে অন্য বিষয়ত জ্ঞান আহৰণ কৰিব নোৱাৰিব??
আমিও এদিন মাক হ’ম.., কিন্তু আমি আমাৰ উত্তৰ প্ৰজন্মক কি দি থৈ যাম সেইটো কিন্তু বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন। সেই প্ৰশ্নটোৰ উত্তৰ উলিয়াব পাৰিলেহে হয়তো মাতৃ দিৱসৰ সফল উদযাপন হ’ব..! তাকে নকৰি মিছাকৈ চৌ অফ্ কৰি জানো কিবা লাভ আছে?? অৱশ্যে মই বৰ্তমান সময়তো মই বহুকেইগৰাকী মাতৃ দেখিছোঁ, যি নিজৰ সন্তানক ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা সৰুৰে পৰা কৰোৱাইছে। বাহিৰা কিতাপ পঢ়োৱাৰো অভ্যাস কৰোৱাইছে..!! এয়া সঁচাকৈ খুব ভাল কথা..। জাতিটোৰ উত্তৰণৰ বাবে এটা যোগাত্মক কথা। তেওঁলোকে ধৰি ৰাখক এই সংস্কৃতি, প্ৰজন্মৰ পৰা প্ৰজন্মলৈ..!
মোৰ মায়ে মোক বেলেগ কিবা দিয়ক বা নিদিয়ক, কিন্তু এটা সংস্কৃতি প্ৰেমী মন আৰু কিতাপৰ পোক হিচাবে গঢ়ি তুলি যে মোক সমৃদ্ধ কৰিলে, তাত কোনো সন্দেহ নাই। লগতে, এই কথাটোতো কোনো সন্দেহ নাই যে – মাৰ সেই সৰু আলমাৰীটো আৰু ফিলিপছৰ ৰেডিঅ’টোৱে আজীৱন মোৰ মনত সাঁচ বহুৱাই আছিল আৰু বহুৱাই থাকিব …!!
সকলো মাতৃলৈ শ্ৰদ্ধা নিবেদিলোঁ..!!
০০০০০
বহুত ভাল বা আপোনাৰ অনুভৱ টো পঢ়ি