এটা সৰু প্ৰেম কাহিনী : প্ৰতিভু দত্ত
এটা সৰু প্ৰেম কাহিনী
লিখক:প্ৰতিভু দত্ত
বহুত দিন পত্ৰবন্ধু-পত্ৰবন্ধু কৈ পাৰ হোৱাৰ পিছত এওঁক প্ৰথমবাৰৰ বাবে লগ কৰিবলৈ গ’লো ৷
নেহেৰু পাৰ্কত দুয়ো বহি আছো ৷
.
ভাবি আছো,‘I Love You বুলি কওঁ নে মোৰ তোমাক ভাল লাগিছে বুলি কওঁ নে কি কওঁ?’
ৰুমালখন মোহাৰি মোহাৰি এওঁ সুধিলে — এই প্ৰেম আচলতে নো কি ?
মই ভাবিলো এয়ে সুযোগ ৷ বুজায়ো দিওঁ প্ৰেম কি আৰু আমাৰ প্ৰেম যে গৈ গ’ল তাকো বুজাই দিম ৷ এক গুলী, দুই চিকাৰ ৷
মই — চিমেন্ট আৰু বালিৰ লগত পানীৰ যি সম্বন্ধ থাকে, প্ৰেম আচলতে দুজন ব্যক্তিৰ মাজৰ তেনে এটা সম্বন্ধ ৷ বুজি পাইছা নে?
এওঁ মাথো মূৰতো জোকাৰিলে , মানে নাই পোৱা ৷
মই — ধৰি লোৱা,
লৰা জন হৈছে চিমেন্ট, ছোৱালীজনী হৈছে বালি তেনেহ’লে প্ৰেম হ’ব পানী ৷
এনেয়ে চিমেন্ট আৰু বালি মিলাই দিলে একো লাভ নাই, কিন্তু চিমেন্ট আৰু বালিৰ লগত যদি পানী মিলাই দিয়া যায় তেনে হ’লে সেই চিমেন্ট আৰু বালিক কোনেও ইটোৰপৰা সিটোক আঁতৰ কৰিব নোৱাৰে ৷ তেনেকৈয়ে অকল যদি ল’ৰা আৰু ছোৱালী এজনী যদি …..
মই প্ৰেমৰ বাখ্যা শেষ কৰিব নাপালোৱে ৷
মোৰ কথা আধাতে ৰখাই এওঁ হাঁহি এটা মাৰি সুধিলে — তোমাৰ ব্ৰাঞ্চ চিভিল নেকি?