এটি ভালপোৱাৰ গান- প্ৰনিতা শইকীয়া তালুকদাৰ

*
তুমি মোক লৈ যাবানে
তোমাৰ বুকুৰ মাজৰ
সোনাৰুফুলীয়া ৰ’দৰ দেশলৈ
অনুভৱৰ বোকোচাত উঠাই……
*
নীলিম আকাশৰ বুকুত বাজিব মাথো
এটি ভালপোৱাৰ গান!!
*
ফাগুনী বতাহজাকৰ দৰে
চ়ঞ্চল হৈ উৰিব মোৰ মন
আশাৰ সেউজীয়া ডেউকা মেলি..
*
তোমাৰ প্ৰেমৰ লহৰে লহৰে
সপোন সোনোৱালী হৈ
দুচকুত
পলাশ, শিমলুৰ ৰং চটিয়াই….

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!