এটি মুখ লাগে (- জ্যোতিষ কুমাৰ দেব)

এটি মুখ লাগে
============
= জ্যোতিষ কুমাৰ দেব৷

আমাক এটি মুখ লাগে
নিৰ্ভেজাল মুখ
মুখাৰ বাবে সন্ধান
প্ৰয়োজনীয় নে অনাৱশ্যক
চৌপাশে দেখোন মুখাৰে পয়োভৰ
হিতৈষীৰ আপোনজনৰ মহামানৱৰ
মুখাৰ ভীৰত এতিয়া অচল
সঁচা মুখবোৰ
প্ৰতিক্ৰিয়াবোৰ সেয়ে আমাৰ
দ্বিধাগ্ৰস্থ নকল
এটি সঁচা মুখ আমাক লাগে
যাক বিশ্বাস কৰিব পাৰি
আপোন ভাবি অকাতৰে
হাঁহিব পাৰোঁ – এটি নিৰ্মল অনাবিল হাঁহি
নিজৰ বশংৱদতাৰ মুখাখনি
দলিয়াই পেলায়৷bitch

**ডাইনী হত্যা**
==========
সভ্যতাৰ শিখৰত আজিও কেতিয়াবা
নামি আহে অতলান্ত নৰকৰ এন্ধাৰ
নিষ্ঠুৰতাৰ লহৰে কৰে নিৰ্বাক
সভ্যতাৰ টিকা লোৱা নাগৰিকক
শিক্ষাৰ পোহৰে সহমৰ্মিতাৰ পৰশে
কেতিয়া ভেদিব কুসংস্কাৰৰ ফেহুঁজালিক
কেতিয়া থাপিব পাৰিম মানৱতাক
কেনেকৈ নিচেই কাষতে থকাজনে
নিৰপৰাধ কোনোবা এজনক
জগৰীয়া কৰে ৰোগ-ব্যাধিৰ বাবে
কেনেকৈ জীয়াই জীয়াই মাটিত পুঁতে
গছত বান্ধি বখলিয়াই ছাল
মুণ্ডচ্ছেদ কৰে নৃশংশতাৰ সীমা চেৰাই
অসুস্থ সেই সকল নিজেই নহয় জানো
কাউৰীৱেও কোৰ্হালত গগন ফালে
স্বজাতিৰ কোনোবা আক্ৰান্ত হলে
মানুহ নামৰ জীৱশ্ৰেষ্ঠই অমানৱিকতাৰে
তেন্তে কি নো চানেকি ৰাখিলে….

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!