এতিয়া তোমাৰ দুচকুক নদী বোলাৰ প্ৰয়োজন কি?

-হৃষীৰাজ শৰ্মা
এতিয়া তোমাৰ দুচকুক নদী বোলাৰ প্ৰয়োজন কি?
বিৰহৰ দুপৰীয়াৰ সি বিৰক্ত মৰুভূমি
এতিয়া তোমাৰ হাঁহিত গান হোৱাৰ প্ৰয়োজন কি?
… বিষাদ সুৰত বিশৃংখল মোৰ বেদনাৰ নগৰী
এতিয়া শুকুলা ডাৱৰৰ আঁৰে আঁৰে ম‍ই তোমাৰ বাবে সাধুকথা নহওঁ
এতিয়া এটোপ দুটোপ বৰষুণত তিতিবলৈ ম‍ই তোমাৰ বাবে দুপৰীয়া নহওঁ
এতিয়া তোমাৰ সকলো উছাহৰ সমাপ্তি ম‍ই
সকলো উছৱৰ শেষ ম‍ই
সকলো ৰাতিৰ আৰম্ভণি আৰু সীমাহীন মৌনতাৰ প্ৰাতঃভ্ৰমণ ম‍ই
এতিয়া তোমাৰ আকাংক্ষাৰ সিমূৰত ৰৈ থকাৰ প্ৰয়োজন কি?

সকলোবোৰ কবিতাৰ বুকুৱেদি যদি বৈ যায় দুঃখৰ ফল্গুধাৰা
শব্দ‍ই হাহাকাৰ কৰক, নালাগে একোকে থাকিবলৈ স্মৃতি জোকাৰি
বাৰে বাৰে শৰৎ আহক
হুমুনিয়াহবোৰ নিশাৰ ডাৱৰৰ সৈতে ক’ৰবালৈ গুচি যাওক
ম‍ই প্ৰাণ ভৰি চাই ৰ’ম আকাশ আৰু জোনৰ প্ৰেমৰ মায়াময়তা
হৃদয় জুৰাই গান গাম, দুহাত মেলি স্পৰ্শ কৰিম সেউজীয়া উপত্যকাৰ মোহনীয়তা
কবিতাবোৰ কবিতা হৈ থকাত ক্ষতি কি?

সুখৰ এচিকুট বিচাৰি যোৱানিশা চাহেবপুৰালৈ গৈছিলোঁ, অনুৰাধাৰ স’তে
সৰিয়হ ফুলা দিনবোৰ মাজুলীৰ বালিচৰত সমাধি দিয়া বহুবছৰ হ’ল
এতিয়া তাৰ জীৱাশ্মটো বাকী আছে
জুৰাছিক পাৰ্কৰ লেবৰেটৰীত ক্লনিঙৰ বাবে উপহাৰ দিব পাৰিম
অন্ততঃ মোৰ বাবে নহ’লেও আনৰ বাবে জী উঠিব ৰঙবোৰ
য’ত চাগে’ তুমি নাথাকা
নথাকিলেই ভাল, মাজুলীত খহনীয়া আৰু নালাগে..!!

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Bikash Bora, Anupam Gogoi, Priyadarshan Bhattacharya, Nabanita Adhikari
11 years ago

অনন্য..সাহিত্যৰ পথাৰত xahity.orgএ বিপ্লৱ আনিছে, যুৱ কবিৰ অন্তৰ্স্পৰ্শী কবিতাই আমাক মুগ্ধ কৰি ৰাখিছে| আগন্তুক issue সমূহতো হৃষীৰাজ শৰ্মাৰ কবিতাৰ বাবে অপেক্ষা কৰি ৰলোঁ|

শুভেচ্ছাৰে:

বিকাশ বৰা
অনুপম গগৈ
প্ৰিয়দৰ্শণ ভট্টাচাৰ্য্য
নৱনীতা অধিকাৰী

Copying is Prohibited!