”কাব্য সাহিত্য বিশেষ” “এদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকো খা” (নিতুল বৰা)

এটা সময় আছিল কবিতা বুলিলে বিতৃষ্ণা জাগিছিল, মনতে ভাবিছিলোঁ কিনো, ইটো শব্দৰ লগত সিটো শব্দৰ কোনো সংগতি নথকা শব্দ কিছুমান জোৰা লগাই দীঘলকৈ এনেকৈ লিখে…? ইয়াৰ পৰা দেখোন বুজিব পৰা একো অৰ্থ বিচাৰি নাপালোঁ। তাতে এচাম মানুহে কি এনে অমৃত বিচাৰি পায় যে কবিতা কবিতা বুলি বলিয়া হৈ থাকে। দুই-এক কবি বন্ধুৱে সুবিধা পালেই কয়, “মই কালি কবিতা এটা লিখিছোঁ, শুনাইছো ৰ’হ”। এনেকৈ ক’বলৈহে পায়, মই ফৰিং ছিটিকা দিওঁ, মনতে ভাবোঁ কবিতা লিখিছ লিখ, য’তে ত’তে যাকে পায় তাকেনো কিয় পঢ়ি শুনাব লাগে। সেইটো বয়সত বুলিয়েই নহয় আজিৰ পৰা কেইমাহমানৰ আগলৈকে কবিতাৰ সঁচা অৰ্থ বুজি পোৱা নাছিলোঁ। পোনে পোনে কবলৈ গ’লে কেতিয়াও কবিতাৰে কবিয়ে কি অৰ্থ প্ৰকাশ কৰিব বিচাৰিছে কেতিয়াও বুজিবলৈ চেষ্টাই কৰা নাছিলোঁ। ঠিক তেনে সময়তেই এই মঞ্চতেই মোৰ এগৰাকী বান্ধৱীৰ এটি কবিতা সেইদিনা ইচ্ছা কৰি পঢ়িম বুলিয়েই পঢ়িলোঁ। সেয়াই আৰম্ভণি, তেতিয়াৰে পৰাই কবিতা লাহে লাহে ভালপোৱা হ’লোঁ। এটা সময়ত কবিতাৰ প্ৰতি এক আকৰ্ষণ অনুভৱ কৰিলোঁ। এনে সময়তেই কবি প্ৰণৱ কুমাৰ বৰ্মনৰ এটি দূৰদৰ্শনৰ সাক্ষাত্কাৰে মোক অধিক আপ্লুত কৰিলে। সেয়ে দহোবন কাটি কৰি এদিন মনতে ভাবিলোঁ কবিতা লিখিম, আজি লিখিম কালি লিখিম বুলি সদায় পিছুৱাই থাকোঁতেই দিন কেইবাটাও পাৰহৈ গ’ল কিন্তু কবিতা লিখা মোৰ নহ’ল। তেনেতে গাঁও সমন্ধীয়া খুড়াৰ ল’ৰাটোৰ পাঠ্যক্ৰমৰ এখন কিতাপত লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰথম কবিতা লিখাৰ প্ৰয়াস সমন্ধীয় এটি পাঠ পঢ়াৰ সৌভাগ্য ঘটিল। ৰসৰাজৰ সেই কাহিনীও এই লেখাৰে এটা অংশ বুলি সংলগ্ন কৰিলোঁ।

বেজবৰুৱাৰ মনৰ মাজত উকমুকাই থকা সেই ভাষাৰেই কওঁ শুনক, “এদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকো খা। পুঠী, খলিহনা, পোনা, দৰিকণা সকলোৱে কবিতা লেখে, মইনো নেলেখিম কিয়..? কিন্তু কবিতা জন্মোৱা যিহে বেদনা, কবিতা বাঁজীয়েনো কিটো বুজিব..? এই বেজবৰুৱাইহে তাক জানে। একুৰি তিনি দিন মই পাগি পুৰি থাকি এদিন থিৰ কৰিলোঁ যে আজি লেখিম কবিতা! দেখক লোকে! বোলক মোক কবি! চাবিহঁক তহঁত মখাই। সকলো সাৱধান হবি! সেইদিনা ফুটগধূলিৰে পৰা মই সকলোৰে সৈতে কথা বন্ধ কৰি কবিতা ভাবিবলৈ ধৰিলোঁ। ভাবোঁতে ভাবোঁতে মই হেন মানুহটো জ্বৰঘামে ঘামিলোঁ, ভাবৰ যাগত কবিতা পকি টুলটুলীয়া হ’ল। কবিতাই মোৰ মন প্ৰাণ জুৰ পেলালে। নিশাৰ আহাৰ খাৱৰ হ’ল। কবিতাৰ ভাব ঠেলি-হেচুকি এচুকীয়া কৰি ভাতৰ পাতত বহিলোঁ, মুঠতে এপেট খাই ল’লোঁ আৰু লগেলগে কবিতাকো হেঁচি একাষৰীয়া কৰিলোঁ। খাই বৈ উঠি যেতিয়া বহিলোঁ তেতিয়ালৈ নিশা ১০ বাজিল। মুখত চেলেউ (চুৰট মানে ধপাতৰ বিড়ি), হাতত কাপ আৰু আগত তুলাপাত লৈ মজিয়াত বহি পৰিলোঁ। ভাতৰ হেঁচাই ভাবি থোৱা কবিতাৰ ফাকিবোৰ চেপি ধৰিলে, বুজিলো খালী পেটতহে কবিতাই কোঁহ মেলে, তথাপিও মনটো ডাঠ কৰিলোঁ, লিখিমেই লিখিম। আনকালে নিশাৰ আহাৰৰ পিচতেই মোৰ শোৱাৰ অভ্যাসৰ বাবে চকু টানি ধৰিছে, কিন্তু ৰণত ভংগ নিদিও বুলি থিৰ কৰিলোঁ। আন একো বিষয় নাপালোঁ, সেয়ে টোপনীৰ বিষয়েই লিখিম। টোপনীয়ে জানো মোৰ সৈতে কমখন নাগুৰ-নাকটি কৰে, নেৰিছোঁ আজি। কিবা এটা নতুন লেখা লিখিম বুলি ল’লেই টোপনীয়ে আহি বিধি-পঠালি দিয়েহি আৰু শুবলৈ গৈ শেতেলীত পৰিলেই পটলং দিয়ে। আজি পাতিলোঁ চিটিকা, ধৰিম কবিতা, কৰিলোঁ আৰম্ভ…

ক’ৰ নো পাইছিলোঁ……….ইমানবোৰ টোপনী

……………………….

বয়সে বান্ধিলে………….জ্ঞানৰ ভঁৰাল

ধনৰ ভঁৰাল কামে,

পুৰণি টোপনিৰ…………ভঁৰাল মোৰ উদং

মাথোন সি থিয় হৈ নামে।

……………এই কবিতাটো লিখি এইখিনি পাওঁতেই মোৰ হাতৰ কাপ হাততে থাকিল, চল চাই থকা টোপনীয়ে মোক শুৱাই দিলে। তেনেকৈ বহাতেই মোৰ নাকে ঘোৰৰৰৰৰৰক…..ঘোৰৰৰৰৰক….ফুচচচচচচচচ…..শব্দ কৰিবলৈ ধৰিলে, নিজেই নিজৰ নাক শব্দ যেন শুনিবলৈ পালোঁ। এবাৰত খকামকাকৈ নাকৰ ঘোৰঘোৰণি তল কৰি দূৰৈত নৈশ চকীদাৰে লোৰ মাৰিৰে কোবাই এঘাৰ বজাৰ টং টং শব্দ শুনিবলৈ পালোঁ। চকু-মুখ মোহাৰি আকৌ কবিতাৰ ফালে তাঁতবাতি কৰিবলৈ ধৰিলোঁ, দুশাৰীমান লিখি এইখিনি পাইছোঁহিহে এনেতে কেতিয়ানো আকৌ নিদ্ৰাদেৱীয়ে কোলাত ল’লে গমকে নাপালোঁ। কিমান সময় এইদৰে আছিলোঁ নাজানো। কাৰণ দূৰৈৰ পৰা বাৰ বজাৰ টং টং সংকেত মোৰ কাণত পৰা যেন লাগিল। সেয়াই আৰম্ভণি, তাৰ পিছত আৰু থমকি ৰ’ব লগা নহ’ল।

বেজবৰুৱাৰ এইখিনি পঢ়াৰ পিছত মোৰ কবিতা লিখাৰ চেষ্টা এটা কৰি চোৱাৰ হেঁপাহ জাগিল। সেয়ে তেখেতৰ কথাখিনিকে সৰোগত কৰি এদিন ৰাতি ভাত খাই উঠি বিচনাৰ কাষতে লগ লাগি থকা টেবুলত কেইখিলামান উকা কাগজ আৰু কলমেৰে বহিলোঁ। কলমটো কামুৰি কামুৰি ভাবি থাকিলোঁ বহুত সময়, ওহো কবিতা নোলাল, ওপৰ মুৱাকৈ বিচানত শুলোঁ, আকৌ ওলাটাকৈ শুলোঁ…নাই ভাবেই নাহে দেখোন, কিছু সময়ৰ পিছত ভৰি দুখন ওপৰলৈ, আকৌ ‘দ’ হ’লোঁ নাই। এনেকৈ প্ৰায় ২ঘণ্টা কবিতা জন্মোৱাৰ নামত পাৰ কৰিলোঁ, নিশা ১২ বাজি গ’ল, বিচনা তেনেকৈয়ে থাকোতে কেতিয়ানো টোপনীয়ে আহি আকোঁৱালি ল’লেহি গমকে নাপালোঁ, পুৱা কলমটো চাই নিজেই আচৰিত হ’লোঁ, সাঁফৰটোৰ এফাল নাই। সেইদিনালৈ কবিতাৰ ভূত পুৱাৰ ৰ’দালিয়ে কেনিবা উৰুৱাই নিলে, আকৌ এদিন চেষ্টা কৰিম বুলি দিনটোলৈ বুলি ওলালোঁ। এনেকৈয়ে কেইবামাহো পাৰহৈ গ’ল কিন্তু মোৰ কবিতাৰ জন্ম নহ’ল। চেষ্টা এতিয়াও এৰি দিয়া নাই, চেষ্টাৰ অসাধ্য একো নাই বোলা কথাষাৰ প্ৰমাণ কৰিবই যে লাগিব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments