এদিনৰ অভিজ্ঞতা (দীপজ্যোতি ভূঞা)
গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখে গৈ আছো৷ ডিফুৰ ওচৰ পাওঁতেই ট্ৰেইনখনৰ কিবা বিজুতি ঘটিল৷ ৰাতি ১ মান বাজিছে৷ আমনি লাগিছিল বাবে কেইজনমান মানুহৰ কাষ চাপিলোঁ৷ তেওঁলোকে অসমৰ কিছু গুৰুত্বপূৰ্ণ সমস্যাবোৰৰ বিষয়ে আলোচনা কৰিছে৷ এজন বয়সীয়াল ভদ্ৰলোক আৰু বাকীকেইজন মোৰ দৰেই চেঙেলীয়া ডেকা৷ কথা-বতৰাবোৰ শুনি এনেকুৱা লাগিল তেওঁলোক যেন ৰাজ্যখনৰ পৰিস্থিতিক লৈ বহুত সচেতন৷ এনেদৰেই সময়বোৰ পাৰ হ’বলৈ ধৰিলে৷ তিনি ঘণ্টা মানৰ পাচত যেনিবা ট্ৰেইনখনে আকৌ যাত্ৰা আৰম্ভ কৰিলে৷
ৰাতিপুৱা ৯ মান বাজিছিল ছাগে৷ তেনেতে দেখিলো দবাটোৰ দুৱাৰখনৰ ওচৰত টিকট পৰীক্ষক জনে এজন নগা লোকক কিবাকিবি কৈ আছে আৰু পইচাবিচাৰিছে৷ ওচৰৰ মানুহখিনিয়েদৰ্শকৰভূমিকা পালন কৰিছে৷ সেই নগা লোক জনক আগতেই লক্ষ্য কৰিছিলোঁ৷ দেখাত নিৰ্জু আৰু শান্ত প্ৰকৃতিৰ৷ বয়স ২৫ মান হ’ব৷ লগত দুজনী ছোৱালী আৰু এটা ল’ৰা৷ তেওঁলোকক আগদিনা ৰাতিও সেইখিনি ঠাইত থিয় হৈ থকা দেখিছিলোঁ৷ কথাটোনো কি বুজিবৰ বাবে কাষলৈ গৈ ল’ৰাজনক সুধিলোঁ৷ অসমীয়া ক’ব নাজানে বাবে ভঙা ভঙা ইংৰাজীতে ক’লে৷ অসংৰক্ষিত টিকট লৈ শয়ন কক্ষত প্ৰৱেশ কৰাৰ বাবে ৬০০ টকাৰ জৰিমনা আৰু তেওঁলোকক খালী ছিট এটাত বহিবলৈ দিছে অৰ্থাৎ জৰিমনাৰ টকাটোৰে ছিট এটিও সংৰক্ষিত কৰা হৈছে৷ আৰু ৰছিদ মানে টিকটটোৰ পাছফালে দুটামান আঁক-বাক্৷ তেওঁলোক লামডিঙৰ পৰা আহিছে, আমগুৰিলৈ যাব৷ পিছে আমগুৰি পাবলৈ যে মাথো দহ মিনিটমানহে বাকী আছে নগালোক কেইজনে গম পোৱা নাই৷ আমাৰ দবাটোত তেওঁলোকৰ দৰে বহু যাত্ৰী আছিল কিন্তু পৰীক্ষকজনে তেওঁলোককহে বলিৰ বাবে বাছি ল’লে৷ টিকট পৰীক্ষক আৰু মোৰ মাজত এখন বাক যুদ্ধ চলিল৷ তেওঁৰ কৰ্ম-জীৱনত যে এনেকুৱা পৰিস্থিতিৰো উদ্ভৱ হ’ব পাৰে, হয়তো তেওঁ কল্পনা কৰিব পৰা নাছিল৷ তেওঁৰ সহকৰ্মী এজন পৰিস্থিতি চম্ভালিবলৈ আগবাঢ়ি আহিল৷ সুযোগৰ সুবিধা লৈ মহাশয় জনে কিবাকিবি বকি দূৰলৈ গুছি গ’ল৷ সেইসময়তে আমগুৰিপালোঁহি আৰু নগালোক জনে মোক ধন্যবাদ জনাই গুছি গ’ল৷ সহযাত্ৰী সকলে হয়তো ভালদৰেই আমোদ ল’লে৷ দুজনমানে ক’লে, “ভাল কাম কৰিলা ভাইটি৷” আগদিনা ৰাতি আলোচনা কৰি থকা ভদ্ৰলোক জনে ক’লে, “ইহঁতক এনেদৰেই শিকনি দিব লাগে৷” মইয়ো উত্তৰ দিলোঁ,”ঠিকেই কৈছে,পিছে আমি আকৌ চাহৰ টেবুল অথবা বেকগ্ৰাউণ্ডত হে কথা কওঁ, চকুৰ আগত যে অন্ধ হৈ পৰো সেইবাবেই আমাৰ এই অৱস্থা৷” তেওঁ মাথো মূৰ দুপিয়াই সন্মতি জনালে ৷
এচাম লোকে এনেদৰেই সাধাৰণ মানুহৰ সৰলতা আৰু দুৰ্বলতাৰ সুযোগ লৈ নিজৰ আৰ্থিক অৱস্থা টনকিয়াল কৰিছে৷ যদি সচেতন লোকসকলে আনক সমালোচনা কৰাৰ বিপৰীতে নিজৰ দায়িত্ববোধ বুজি উঠে, কিছু পৰিমাণে হ’লেও এনেধৰণৰ সমাজবিৰোধীকাৰ্য্য বোৰ হ্ৰাস পাব৷ আত্ম সমালোচনা আৰু আত্ম সংশোধনৰ ফলত হে সমাজৰ বিকাশ ঘটে৷