এনেকুৱাও হয় (-পাৰ্থ পি শৰ্মা)

মণিপুৰৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ চৌহদ এটা অৰুণাচলৰ পাছিঘাটত আছে ৷ তাৰে অধ্যাপক এজনৰ ঘৰ ভূপালত ৷ কালি তেওঁৰ ঘৰলৈ যাওঁতে তেওঁৰ পৰা গম পোৱা কথা এটাৰ ভাগ আপোনালোককো দিওঁ ৷ লক্ষীমপুৰৰ পৰা অৰুণাচলৰ কোনো কোনো ঠাইলৈ যোৱা ৰাস্তাবিলাক সঘনে বেয়া হৈ থাকে ৷ বাৰিষা প্ৰায়ে নদীৰ পানীয়ে ৰাস্তা উটুৱাই নিয়ে ৷ সেইয়া বাৰু প্ৰকৃতিয়ে দিয়া শাস্তি৷ কিন্ত সেই মানুহজনে কোৱা মতে ওচৰ-পাজৰৰ বহু মিৰি মানুহে সেইসময়ত ইচ্ছা কৰিয়েই ৰা্স্তাবোৰ কাটি দিয়ে যাতে পানীয়ে সেইবিলাক সহজে নষ্ট কৰিব পাৰে ৷ কাৰণ ? সেই মানুহখিনিয়ে পানীৰ সৈতে সহবাস কৰি কৰি এলাপেচা বান বা পানীলৈ চিন্তা কৰিব নলগীয়া অৱস্থা এটাত আছে ৷ তাৰোপৰি ৰাস্তা ভাগিলে, পানীয়ে থকা ঠাই বিলাক বুৰালে তেওঁলোকৰ বাবে দুটা অৰ্থনৈতিক লাভ হয় ৷ প্ৰথম, বহুদিনৰ বাবে চৰকাৰৰ পৰা পোৱা খাদ্যৰে বিনা কষ্টেৰে খাব পাৰে ৷ লগতে কাপোৰ আদিও পোৱা যায় ৷ আনটো কাৰণ হৈছে মাজে মাজে ৰাস্তা চিগাৰ বাবে তেনে ঠাইত তেওঁলোকে কিবা উপায়েৰে মানুহ আৰু বয়-বস্তু পাৰ কৰি দিয়াৰ বিনিময়ত মোটা পৰিমাণৰ ধন ঘটি লয় ৷ যাত্ৰীৰ আন কোনো উপায় নথকাত তেওঁলোকে যি খোজে তাকেই দিবলৈ বাধ্য ৷ আন কিছুমানে আকৌ চৰকাৰে নতুনকৈ সজা ৰাস্তা ভাঙি দিয়ে ৷ কেইবাবাৰো মেৰামতি কৰাৰ পাছত চৰকাৰেও গা এৰা দিয়ে ৷ বা কেতিয়াবা কোনো কোনো ঠাইত আৰক্ষীও মকৰল কৰিবলগীয়া হয় ৷ তেনেকৈ বেয়া কৰি দিয়া ৰাস্তা গাঁওৰ কিছুমানে যান-বাহন আদি যাব পৰাকৈ ঠিকঠাক কৰি লয় ৷ পাৰ হৈ যোৱা প্ৰতিখন চাৰিচকীয়া বাহনৰ পৰা ১০০ মিটাৰৰ বাবে ২০০ টকা মানকৈ লয় ৷ সেই কৰ নিদিলে পাৰ হ’ব নোৱাৰে ৷

আনটো অপকাৰী কাম কৰে মঠাউৰি বিলাক ধ্বংস কৰি ৷ মঠাউৰি নিৰ্মাণৰ কাম চলি থকাৰ সময়তে ৰাতি চূণ ভৰ্তি বহু টিং মঠাউৰিৰ মাজে মাজে সুমুৱাই থৈ আহে ৷ সময়ত মঠাউৰিৰ মাটি-বালিৰ মাজেৰে সৰকি অহা পানীৰ সৈতে চূণৰ বিক্ৰিয়া হৈ হোৱা সৰু-সুৰা বহু বিস্ফোৰণৰ বাবে চৰকাৰী অভিযন্তা আৰু ঠিকাদাৰৰ যুটীয়া জ্ঞানেৰে নিৰ্মাণ কৰা সেই মঠাউৰি বিলাকৰ বহু অংশ খহিবলৈ ধৰে আৰু লাহে লাহে পানীয়ে সেই ঠাই বিলাকতে আক্ৰমণ কৰি শেহলৈ গোটেই মঠাউৰিটোকে নাইকিয়া কৰে ৷ মেৰামতি হয় যদিও এই কামটোৰ পুনৰাবৃতি হৈ থাকে ৷ শেহতীয়াকৈ হেনো অভিযান্ত্ৰিক পাঠ্যক্ৰমত নথকা এই থলুৱা জ্ঞানৰ প্ৰয়োগ চৰকাৰী অভিযন্তা আৰু ঠিকাদাৰহঁতেও কৰিবলৈ লৈছে ৷ মঠাউৰি চিগিলে দুয়োপক্ষৰে লাভ ৷ এই কথা, কাম বোৰৰ প্ৰমাণ দিয়া অসুবিধা বা অসম্ভৱ ৷ তথাপিও নহয় বোলাও দিগদাৰ ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!