এনেকৈয়ে (-বন্দনা দত্ত মজুমদাৰ)

#এনেকৈয়েfade
-বন্দনা দত্ত মজুমদাৰ৷

সময়ৰ লগে লগে সকলো পুৰণি হ’য়
তোমাৰ সেই সেউজীয়া টি-ছাৰ্টটোও
পুৰণি লাগিছে আজি
হেৰাই গৈছে ৰং বোৰ
ফেডেড্ টি-ছাৰ্ট
সকলো সলনি হ’য় সময়ৰ লগে লাগে
তোমাৰ ভুলবোৰো
এদিন পুৰণি হ’য়
পাহৰণি হৈ
সকলো পুৰণি হ’য় সময়ৰ লাগে লগে
সলনি নহয় কেৱল
হৃদয়ৰ চৌপাশ
বাঢ়ি আহে নিতৌ যন্ত্ৰণা
ফেডেড্ নহয় কেতিয়াও
সঁচা ভালপোৱা৷ ৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!