এনেয়ে…. (উদ্দীপ তালুকদাৰ)

ভোজ-ভাতৰ সাহিত্য হ’ব বুলি ৰাইজে মৎস্য, কূৰ্ম্ম, বৰাহ-ক ধৰি কেৰাহীত বহুৱাই পেলালেই। আমিহে ইমান দিনে ডিউটি কৰি থাকোঁতেই গ’ল। আহিয়েই এইচব দেখা পাই মনতে ভাবিলোঁ– সুৰৰ এই মেলাত পখীয়ে গীত গালেও আমাৰ দৰে কাউৰীয়েও এটা দুটা কা-কা নমৰাকৈ থাকিলে নহ’ব। (স্বভাৱৰ দোষ হৈ গৈছে।)
কাউৰীৰ কা বুলি কোৱা কাৰণে অলপ মৰমীয়াল মানুহ দুজনমানে নিচুকণি দুষাৰ মান শুনাব বুলি ভাবিছিল যদিও, নালাগে। আমাক নিচুকণি শুনাই লাভ নাই। কোনোপধ্যেই জুইৰ ওপৰৰ কেৰাহীৰপৰা লুপথুপীয়া মাংসই নে মাছেই ধৰিব নোৱৰা বিধৰ কিবা এখন উলিওৱাৰ বাহিৰে আন একো কৰিব পৰা নাই। আমি শিকাব পৰা ৰন্ধন প্ৰণালী বিলাক হ’ব অলপ বেলেগ ধৰণৰ। ছেম্পল হিচাপে কেইটামান নাম শুনাই থ’লো, (কেতিয়াবা মন -চন বেয়া লাগি থাকিলে লিখিও দিব পাৰোঁ, সাৱধানে থাকিব)
১. মছলাৰ সাগৰত ককবকাই থকা মুৰ্গী নে পঠা নে গাহৰি নে সেয়া অমুকাৰ হেৰি
২. মাছ ভজাৰ গুৰি (scrambled fish fry)
৩. লেপথেপীয়া ভাত ৰন্ধন প্ৰণালী (কালবিশেষে চাউল টান হৈও থাকিব পাৰে)
৪. ভাত-দালি একেলগে কৰা সিদ্ধ (খিচিৰি ৰান্ধিম বুলি এই ব্যঞ্জনৰ আৰম্ভণি কৰা হয়)
৫. তেল নমৰা দালি
৬. পানীৰে চৌ-চৌৱাই থকা কণীৰ দম
৭. আলু পিটিকা
৮. ষড়ভূজা-সপ্তভূজা-অষ্টভুজা ৰুটী
আৰু আছে.. নিলিখোঁ। মানে লিখিবলৈ আমি কি কি ৰান্ধি খাওঁ, সেইটোৰ এটা নাম দিব পৰা চেহেৰাটো থাকিব লাগিব! তথাপি কিতাপ এখন উলিয়াম বুলি ভাবোঁ মাজে মাজে বাকী কাম নাথাকিলে: নামটো দিম–‘এবাৰ খাই চাওক – কিবা এবিধ যদি খাব পাৰে তেন্তে আপোনাৰ জিভাত সোৱাদ-কলি নায়েই’
সেয়ে, ৰন্ধা-বঢ়াৰ কথা নিলিখোঁ। বৰং আমি দেখি থকা কেইটামান খোৱা-বস্তুৰ অদ্ভুত ইতিহাসহে কম। নেট খুচৰি খুচৰি বিচাৰি উলিয়াইছোঁ। কেইটামান মিছা মানে hoax যেনহে লাগিছে। যি নহওঁক, পঢ়ি যাওকচোন। অন্তত: কেবাটাও খাদ্য-ৰ প্ৰতি আপোনাৰ সন্মান বাঢ়ি যাব।
পিয়াঁজক ইংৰাজীত বোলে অনিয়ন। অনিয়ন শব্দটো আহিছে মূল লেটিন ভাষাৰ পৰা। লেটিন ভাষাত অনিয়ন মানে ‘ডাঙৰ মুক্তা!!!’ এই ডাঙৰ মুক্তাক মিছৰত পূজা কৰাও হৈছিল। ফাৰাওৰ সমাধিত পিৰামিডৰ ভিতৰত পিয়াঁজো সুমুৱাই ৰখা হৈছিল। অৱশ্যে ভাৰতত যোৱা বছৰটোত পিয়াঁজে প্ৰায় একে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এনেয়ে নকয় নহয়–হিষ্ট’ৰি ৰিপিটছ ইটছেল্ফ!
ইথিঅ’পিয়াৰ এটা প্ৰবাদ মতে ভেৰাৰখীয়া এটাই দেখিলে এটা ছাগলী বৰ চতবতীয়া। এঠাইত থাকিবই নোখোজে, ইফালে যায়, সিফালে যায়, বিপৰীত লিংগ দেখিলেই চোচা লয়। বিচাৰি বিচাৰি গৈ দেখে ছাগলীটোৱে মাজে মাজে এডাল গছৰ ফল খাই থাকে। সিও লগে লগে সোৱাদ ল’লে। তাৰো একে অৱস্থা হ’ল। ফলবিধ কি জানিবলৈ ব্যগ্ৰ হৈ আছে নহয়!! কফি! আজিও পিছে কফি আটাইতকৈ বেছিকৈ সৰবৰাহ হোৱা লাভজনক পণ্য। ইয়াৰ স্থান তেল (পেট্ৰল-ডিজেল আদিৰ কথা কৈছোঁ)-ৰ তলতে। তেল এক নম্বৰত আছে পিছে।
মাছৰ লগত টেঙা! আমি অসমীয়াৰ খানা বুলি গৰ্ব কৰি থাকিলেও মধ্য যুগতে ইউৰোপৰ ৰাইজে মাছৰ ওপৰত নেমু চেপি খাবলৈ আৰম্ভ কৰিছিল। কিন্তু মধ্য যুগ যে! কিবা এটা ওলোটা নভবাকৈ কাম কৰিব জানো? সেয়ে তেওঁলোকে ভাবি ল’লে মাছৰ লগত টেঙা খালে টেঙাই পেটৰ ভিতৰলৈ যোৱা সৰু সৰু কাঁইটবিলাক গলাই দিয়ে!!
কৃত্ৰিম কল কিহৰপৰা ‘বনাব’ পাৰি? উপায় নাই কাৰণে বনা-ধাতু প্ৰয়োগ কৰিবলগীয়া হোৱা বাবে দুঃখিত। কিন্তু কল বনোৱাৰ বাহিৰে আন কি কৰিব পাৰি মই কোনোপধ্যেই উলিয়াব পৰা নাই। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইংলেণ্ডৰ খোৱা-বস্তু ৰেচন হিচাপে ভগাই দিয়া হৈছিল। সেয়ে, বহু খাদ্য বাদ পৰিছিল। বাদ পৰা ভিতৰত আছিল কল। কিন্তু মানুহো কম বস্তু নে? সিজোৱা মিঠা আলু, চেনী আৰু কল-ৰ দৰে গোন্ধোৱা বস্তু দি বনাই দিলে কল! মানুহে ‘ৰেডীমেড কল’ খাই বেছ ভালেই পাইছিল বোলে!!
সৰুতে যে বৰফ খাইছিলোঁ মনত আছে নে? মা-দেউতাই যে দেখিলেই হাহাকাৰ লগাই দিছিল। লাঠীডালত লাগি থকা মিঠা, টেঙা, আৰু গাখীৰ বৰফ! সেইবিধ বস্তু ডাঙৰে দেখিব নোৱাৰাৰ আচল কাৰণটো পাছে আজিহে পালো। সেই বৰফৰ আৱিষ্কাৰকৰ বয়সেই আছিল ১১ বছৰ। ১৯০৫ চনৰ কথা, ফ্ৰাংক এপাৰছন ১১ বছৰীয়া অঘাইতং এটা। মিঠা গাখীৰ খাবলৈ সি গ’ল বাহিৰলৈ। আচল ধাণ্ডা আছিল বেলেগ। মনে মনে পেলাই আহিব! কিন্তু চিলা উৰুৱাবলৈ গৈ পাহৰিয়েই থাকিল। ঠাণ্ডাৰ দিনৰ মিঠা গাখীৰৰ গিলাচ আৰু ঘুটিবলৈ দিয়া সৰু লাঠীডাল গিলাচতে এৰিলে। পাছদিনা মাকৰ ধমকি খাই গিলাচটো আনিবলৈ গৈ দেখে গাখীৰখিনি গোট মাৰি গৈছে আৰু লাঠীডালো বৰফত লাগি ধৰিছে। টান মাৰি দিওঁতে গোটেইখিনি উঠি আহিল। খাই চাই কিযে ভাল পালে! নাম দিলে epsicle! তাৰ পাছত প্ৰথম নিজৰ বন্ধুসকলক খুৱালে। ডাঙৰ হোৱাত নিজৰ ল’ৰা-ছোৱালীকো খুৱালে। দেউতাক episcle কাৰণে ল’ৰা-ছোৱালীহঁতে নাম দিছিল Popsicle। সেই নামেৰেই এদিন গৈ তেওঁ বস্তুটো পেটেণ্ট কৰি আহিল।
আপেলৰ চৰা দামৰ মূল কাৰণটো চাগৈ চবে জানেই। An apple a day keeps the doctor away! কোনে কৈছিল সেইটো নাজানে চাগৈ। সেইজন মহান ব্যক্তিৰ নাম বেঞ্জামিন ফ্ৰেংকলিন। তেখেতে ইমানেই আপেল ভাল পাইছিল যে ঘৈণীয়েকলৈ চিঠি লিখাৰ মূল কাৰণেই আছিল আপেল পাচি একোটা পঠিয়াব লাগে।
কোকেইন–নামটো শুনিলেই বহুতে ল’ৰা বেয়া হ’ব বুলি ভয় কৰে। কিন্তু ১৮৬৩ চনত কোকেইন আৰু মদ মিহলাই তৈয়াৰ কৰা Vin Marian আছিল সকলোৱে বিচৰা পানীয়। আনকি ত্ৰয়োদশ লিওৱেই সদায়ে হেনো এটা ফ্লাস্কত Vin Marian লৈ ফুৰিছিল। আনকি Vin Mariani-ৰ আৱিষ্কাৰকক এটা মেডেলো দিছিল তেওঁ। দেখাক দেখি আমেৰিকাত ডা. জন ষ্টিথ পেম্‌বাৰটনে কোকেইন, আফিং আৰু মদ মিহলাই উলিয়ালে Pemberton’s French Wine Coca. গাত ঘোঁৰাৰ দৰে শক্তি আনে বুলি বিজ্ঞাপনো উলিয়ালে। কিন্তু ব্যৱসায় উঠিবই নাপালে, চৰকাৰে নিষিদ্ধ কৰি দিলে! আপুনি ভাবিছে কোকেইন থকা কাৰণে বুলি! মুঠেই নহয়। নিষিদ্ধ কৰিছিল সুৰা থকা কাৰণেহে!!!
পেম্বাৰটনো এলা ভকত নহয়, মদখিনিতহে, গতিকে কোকেইনক চেনী-পানীৰ লগত মিহলাই উলিয়াই দিলে কোকা-ক’লা! এতিয়া লগিছেনে ভয়টো? কিমান বা কোকেইন খালো আমি!! ভয় কৰিব নালাগে। ১৯২৯ চনৰপৰা কোকা-কোলা-ত কোকা ফল দিলেও তাৰ ecgonine alkaloid বোলা ৰাগীয়াল ৰসায়নবিধ উলিয়াই দিয়া হয়। সেয়ে এতিয়াও কোকা-কোলাত আচলতে কোকেইন নাথাকে।
খাওক এতিয়া ভোগালী!
(কথাখিনি ব্যাখ্যা কৰোঁতে কল্পনাৰ সহায় লোৱা হৈছে, মূল তথ্যখিনি শুদ্ধই হ’ব লাগে। অৱশ্যে ইণ্টাৰনেটৰ য’ৰ য’ৰপৰা লৈছিলো, সেইকেইটাৰ চবতে তথ্য-সূত্ৰ দিয়া নাছিল। সেয়ে, ময়ো নিদিলোঁ।)
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments