এনৰেগা

প্ৰণৱজ্যোতি দাস

কালৰো কাল বিপৰীত কাল
এনৰেগাৰ কোৰোণাত
মহাত্মা নাল।

এম.অ’.আৰ.ডিয়ে শপত লয়
লৈ পিতাৰ নাম
সকলোকে দিম এইবাৰ
১০০ দিনৰ কাম।

বি.ডি.অ’য়ে বুলে পি.ডি. চাহাব
জে.ই. হতোৱাই বনাই দিম
এষ্টিমেট জাপ জাপ।
পাৰ কৰি দিয়া মাথো
চেংচনৰ দৰিয়া
গধূলিতে দি যামহি
বিলাতী লত হাৰিয়া।

কোনে কিমান চপাব পাৰে
তাৰে লগাম বাজি
লাগিলে কোৰোণাৰ
নাল যাওক ফাটি।

মহাত্মাই বোলে এইবাৰ
পেণ্ট পিন্ধাই ভাল
নহলে এইগালে নেৰিব দেখিছো
মোৰ তিয়নিৰো এফাল।
………………………………………
চেক্রেটেৰিয়ে ৰাইজক কয়
সকলোৱে পাব সমান ভাগ
জমিদাৰৰ ট্রেক্টৰেও পাব
এনৰেগাৰ জবকাৰ্ড।

 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!