এবুকু মৰম… একাঁজলি শুভকামনা… তোমালৈ… (মিতালী বৰ্মন)


এবুকু মৰম… একাঁজলি শুভকামনা… তোমালৈ…


–          মিতালী বৰ্মন
১৪ নবেম্বৰ, ২০১১
দিল্লী বিশ্ববিদ্যালয়
মৰমৰ মামণি বাইদেউ,
কিমানদিন যে হ’ল… তোমাক যে দগমগীয়া ৰঙা ফোঁটটোৰে দেখাৰ… চিকমিকিয়া হাঁহিটোৰ ঢৌ লেখাৰ… সেই কাজলসনা বহল চকুযুৰি চোৱাৰ… মেলি ৰখা চুলিটাৰিৰ মেঘালীৰ গজল লিখাৰ…
সেই যে মাতৃৰ মৰমেৰে আৱৰি ৰাখিছিলা তুমি… মৰমৰ সঁজাল ধৰা কুহুমীয়া আৱৰণখন ফালি যে ওলাই আহিছিলোঁ মৰমৰ ঠাইখনৰ পৰা বহু নিলগলৈ, তুমিয়েইতো আঁহতজোপা হৈ মোক আৱৰি ধৰিছিলা । তোমাৰ ভৰষাতে মা-দেউতাই শুইছিল স্বস্তিৰ এঘুমতি…
সেই যে ২০০৫ চনৰ ১৬ আগষ্ট ! তোমাৰ হয়তো মনতেই নাই… মোৰ হ’লে আছে… প্রতিটো পল, প্রতিটো ক্ষণ… দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ কোঠালি নং F8 … ৰঙা ৰঙৰ মেখেলা-চাদৰ পিন্ধি একেখন চোফাতে মোৰ ওচৰতে বহি তুমি কথা পাতিছিলা… তুমি হয়তো গমেই নাপালা, মই নিজকে চিকুটি চাইছিলোঁ তিনিবাৰমান, সঁচাকৈয়ে বাৰু মই জ্ঞানপীঠ বিজয়ীনী গৰাকীৰ লগতে একেলগে বহি কথা পাতি আছোঁনে ! সেয়াই আৰম্ভণি আছিল…
আপোন ঠিকনাহে যেন হৈ পৰিছিল তোমাৰ আবাস মোৰ বাবে… ছাত্রা মার্গ, D 19… কিমান যে মধুৰ আছিল সময়… কিমান যে কথা কৈছিলোঁ… হাঁহিছিলোঁ, কান্দিছিলোঁ… বহুজনে কোৱা শুনিছোঁ… অতিকৈ আপোনজনৰ আগতহে হেনো দুচকুৰ নিয়ৰকণাবোৰ বাধা নমনাকৈ সৰি পৰে… তাৰমানে তুমি মোৰ আপোন নেকি ? কথাটো যে সুধিম বুলিও তোমাক সোধা নহ’ল… ৰ’বা এইবাৰ ঘৰলৈ গ’লে যাম মই তোমাৰ ওচৰলৈ, সুধিম তোমাক…
তোমাৰ আবাসলৈ গৈ থৰ লাগি গৈছিল মোৰ দুচকু… আলহী বহা কোঠাটোৰ বেৰ, ভিতৰৰ ক’ৰিডৰৰ বেৰ শুৱাই আছিল নানা ফটো আৰু তোমাৰ প্রতিভাৰ প্রমাণপত্রবোৰ… আলহী বহা কোঠাটোৰ এফালে এখন যথেষ্ট ডাঙৰ পীৰাত সজাই থোৱা আছিল দেশ-বিদেশৰ পৰা সংগৃহীত তোমাৰ আটাইতকৈ প্রিয় “শ্রীৰাম”ৰ মূর্ত্তিৰ লগতে আৰু নানান মূর্ত্তি… আৰু এফালে যে ঠাক ঠাককৈ সজাই থোৱা আছিল নানা আপুৰুগীয়া কিতাপৰ সম্ভাৰ ! আৰু তোমাৰ ফটোৰ এলবামটো ! এখনতকৈ আনখন ধুনীয়া… এটা এলবামৰ সৰহভাগ ফটো ক’লা-বগা আছিল… কেনে সুন্দৰ আছিল ফটোবোৰ… ফটোবোৰ চাই চাই কৈছিলোঁ “এইখনত বৰ ধুনীয়া লাগিছে” আৰু তুমি ? মোৰ কাষতে বহি সৰু ছোৱালীজনীৰ দৰে খিলখিলাই বোৱাই দিছিলা হাঁহিৰ নিজৰা… ইমান সৰল, ইমান নিভাঁজ… ভাবি আচৰিত হওঁ, মানুহ ইমান সৰল কেনেকৈ হ’ব পাৰে ! পৃথিৱীখনৰো বৰ কষ্ট হয় কিজানি চাৰিওফালৰ কপটতা দেখি… সেয়ে হয়তো তোমালোক ফুলি উঠা কাঁইটৰ পৃথিৱীত একোপাহ গোলাপ হৈ, নিজেই গম নোপোৱাকৈ সুবাসিত কৰি তোলা পৃথিৱী… অৰুণ গোস্বামীয়ে তোমাৰ বিষয়ত কোৱা কথা এষাৰে মোক চুই গৈছিল “নুমাই থকা চাকি বা নজ্বলা চাকিয়েই নিজক চাকি বুলি চিঞৰি পৰিচয় দিব লাগে । জ্বলি থকা চাকিৰ পৃথক পৰিচয়ৰ প্রয়োজন নাই । মামণি ৰয়চম গোস্বামী অসমীয়া সাহিত্যৰ মণিকূটৰে নহয় তেওঁ ভাৰতীয় সাহিত্য মণিকূটৰ এগছি অক্ষয় বন্তি হৈ থাকিব ।”
তুমি বকা চাহ পিয়লাৰ সোৱাদ লোৱাৰো বহুদিন হ’ল… আজিও ছাত্রা মার্গলৈ গ’লে তোমাৰ আবাসৰ পদূলিৰে এনেয়ে অকণমান সময় ঘূৰা-ফুৰা কৰোঁ… D 19…!! তুমি যে দিল্লীৰ অচিন আকাশত এখনি নীলা চিলা হৈ উৰিবলৈ সাজু হোৱা মোক কৈছিলা “মাজনী, এই ডিপার্টমেণ্টটোৰ মানুহবোৰ খুব ভাল । তুমি আটাইবোৰতকৈ সৰু । তুমি ইয়ালৈ অহাৰ বাবে সকলোৱে ভাল পাইছে । কামবোৰ বুজিলৈ ভালকৈ কৰিবা ।” মনত আছেনে তোমাৰ— মোক “মাজনী” বুলি মাতি আদৰ নকৰাৰ কিমান দিন হ’ল… বেয়া পাইছোঁ তোমাক… অভিমান হৈছে… কিমান দিন আৰু হস্পিতালৰ বিচনাখনত শুই থাকিবা ? উঠি আহা না… চোৱাচোন, তুমি ভালপোৱা পুৱাৰ আকাশখনত নতুন সূর্য ওলাইছে, দুবৰিত নিয়ৰে মালিতা ৰচিছে, সৰু সৰু চৰাইবোৰে কিচিৰ-মিচিৰকৈ কথা পাতি তুমি অহালৈ বাট চাইছে… আৰু তোমাৰ কলমটো ? ইস্ ! ইস্ !! ইমান দুঃখত আছে… কিমান যে কথা লিখিবলৈ আছে… কিমান যে নিপীড়িত মানুহৰ ব্যাথা তাৰ নীলা চিঁয়াহীৰে তেজ হৈ ওলাবলৈ আছে, কিমান যে গিৰিবালা, দুর্গা, দময়ন্তী, নাৰায়ণী, সৌদামিনী, নির্মলাৰ চকুপানীবোৰ চিঁয়াহী কৰিবলৈ ৰৈ আছে তোমাৰ মৰমৰ কলমটো !! আৰু তুমি… হস্পিতালত শুই আছা সকলোবোৰ আওকাণ কৰি…!
আজি তোমাৰ জন্মদিনৰ দিনা তোমালৈ বৰকৈ মনত পৰিছিল । যাব নোৱাৰিলেও ফোনতে কথা হ’লোঁহেঁতেন… কিন্তু তুমি যে কথাই নপতা হ’লা…
বহুত হ’ল… আৰু কিমানদিন ?? কিমানদিন আকাশ নোচোৱাকৈ থাকিবা, কিমানদিন চৰাইৰ গীত নুশুনাকৈ থাকিবা, কিমানদিন প্রাণৰ আপোন কলমটোৰে অমৃতৰ নিজৰা বোৱাই নিদিয়াকৈ থাকিবা… কিমানদিন ?? তুমি মহীয়সী… তুমি হ’লা সাহস, অনুপ্রেৰণাৰ ভাণ্ডাৰ… উঠি আহা আৰু মুকলি কৰি দিয়া সেই ভাণ্ডাৰ… আমাক বাট দেখুৱাই নিয়া সেই অক্ষয় বন্তিৰ পোহৰেৰে… উঠি আহা তুমি… ক্রমান্বয়ে ৰূক্ষ হ’বলৈ ধৰা মৰুৰ মাজত ফুলাই তোলাহি মৰূদ্যান… আমিবোৰ ৰৈ আছোঁ আঁহতজোপাৰ ছাঁ ল’বলৈ… স্বার্থপৰ হৈ পৰিছোঁ, নহয়নে ? কিয় জানা ? কাৰণ হস্পিতালৰ বিচনাত শুই থকা তোমাক চাবলৈ অকণো ইচ্ছা নাযায়… ধুনীয়া, চৌখিন মানুহজনী হৈ সাজি-কাচি আহাচোন… কপালত দগমগীয়া সুৰুয পিন্ধি, উদাসী বহল চকুযুৰিত কাজল সানি, ৰঙা কাপোৰসাজ পিন্ধি… কপালত পৰি থাকিব কিছু কুঞ্চিত মেঘালী, ওঁঠত ফুলিব লমালমে হাঁহিৰ জোনাক…
‌ ইতি,
বহুতো মৰমেৰে…
তোমাৰ “মাজনী”
 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
tirtha
11 years ago

এই গৰাকী যুগাগ্ৰ্গামীনিৰ বিষয়ে লিখা সবাতোকৈ মৰ্মস্পৰ্শী লেখাটো পঢ়ি যিমান আপ্লুত হ’লো সিমানেই তেওঁৰ কথা ভাৱি ব্যথিতও হ’লোঁ | তেওঁৰ ভাল হ‍ওক, তেওঁৰ আশীষধন্য মিতালী বাইদেও হঁতে তেওঁৰেই বাট বুলি অসমীয়া জাতিক ধন্য কৰৰক ||

Copying is Prohibited!