এমুঠি গভীৰ জীৱনবোধৰ চহা কবিতা – কলচুম বিবি

গ্ৰন্থৰ নাম: তেজীমলা আৰু অন্যান্য কবিতা
কবি: নূপুৰ হাজৰিকা
প্ৰথম প্ৰকাশ: ডিচেম্বৰ, ২০১৮
মূল্য: ১৪০ টকা

কবি ৱৰ্ডছৱৰ্থৰ মতে “নিৰলাত সোঁৱৰা হিয়াৰ আবেগেই কবিতা।”

কবিতা সৃষ্টিৰ বাবে আবেগৰ লগতে গভীৰ জীৱনবোধৰো প্ৰয়োজন। ইয়াৰ লগতে কবি এগৰাকীৰ থাকিব লাগিব শব্দৰ ভঁৰাল। জীৱনবোধৰ সুব্যৱহাৰ কৰি আবেগক বুকুৰ শব্দেৰে ঘঁহি-পিহি চিকুণাই নিমজ কৰি তুলিব পাৰিব লাগিব। যিজনে এই কামটো অতি নিপুণতাৰে কৰিব পাৰে সেইজনেই কবি বুলি খ্যাতি লাভ কৰে। কেইবাদশক ধৰি কবিতা চৰ্চা কৰি অহা নূপুৰ হাজৰিকা এগৰাকী সমাজ সচেতন কবি। তেখেতৰ কবিতাত অসমীয়া চহা জীৱনৰ লগতে লোকসমাজত প্ৰচলিত লোকগাঁথা প্ৰতিফলিত হোৱা দেখা গৈছে। ‘যদি’ তেখেতৰ প্ৰথম কাব্য সংকলন, ‘তেজীমলা আৰু অন্যান্য কবিতা’ দ্বিতীয় কাব্য সংকলন আৰু Mountain Mist নামৰ সংকলনখন ইংৰাজীত লেখা তেখেতৰ প্ৰথম কাব্য সংকলন।

আমাৰ আলোচ্য ‘তেজীমলা আৰু অন্যান্য কবিতা’ শীৰ্ষক কাব্য সংকলনখনত মুঠতে ৪১ টা কবিতা সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত চাৰিটা কথা কবিতা আছে। কবিতাসমূহ প্ৰকৃতিবিষয়ক, চাহ জনগোষ্ঠীৰ জীৱন আৰু চহা জীৱনক প্ৰতিফলিত কৰি ৰচনা কৰা হৈছে।

কাব্য সংকলনখনত সন্নিৱিষ্ট প্ৰথমটো কবিতা হৈছে ‘তেজীমলা’। পাঁচটা স্তৱকত বিভক্ত ‘তেজীমলা’ নাৰীৰ মৰ্মবেদনা প্ৰকাশ পোৱা এটি সৰল কবিতা। ইয়াত অসমীয়া লোকসমাজত প্ৰচলিত লোকগাঁথা ‘তেজীমলা’ৰ আলম লৈ কবিয়ে যুগে যুগে লাঞ্চিত হোৱা, বঞ্চিত হোৱা নাৰী জীৱনৰ বেদনাক্লিষ্ট ছবি এখন অংকন কৰিছে। কবিতাটোত ব্যৱহৃত চিত্ৰকল্প আৰু প্ৰতীকি ব্যঞ্জনাই কবিতাটো অৰ্থবহ কৰি তুলিছে।

‘যুগে যুগে
লাও হৈ বগাইছোঁ
ডালে ডালে ওলমিছোঁ জৰাটেঙা হৈ
বোকাত প্ৰস্ফুটিত পদ্ম
হাত নেমেলিবি হাত নেমেলিবি’
( তেজীমলা )
চাহ জনগোষ্ঠীক কেন্দ্ৰ কৰি চাহ বাগিছাৰ পদ্য, কৰম পূজা, সেউজী পাতৰ ছাঁ নামৰ তিনিটা কবিতা ৰচনা কৰা হৈছে। তিনিওটা কবিতাতেই চাহ জনগোষ্ঠীৰ লোকসকলৰ দৈনন্দিন জীৱনৰ দুখ-দুৰ্দশাৰ ছবিৰ লগতে লোকসমাজত প্ৰচলিত ৰীতি-নীতি প্ৰতিফলিত হৈছে। শ্ৰমিক জীৱনৰ মৰ্মবেদনা সহজ সৰল শব্দ, প্ৰতীক আৰু চিত্ৰকল্পৰ সহায়ত মূৰ্ত হৈ উঠিছে।

‘দিনৰ পোহৰ চেচাঁ
দুখৰ এন্ধাৰে জ্বলায় মোৰ পঁজা
কত যুগ হ’ল
ৰ’দো নাই বৰষুণো নাই
নাই ৰামধেনু
টুনি চৰাইৰ ঠোঁটত নাই এখুদ শস্য’ (চাহ বাগিচাৰ পদ্য)

অতীতৰে পৰা সমাজত শ্ৰমিকসকল শোষণৰ বলি হৈছে। পদে পদে তেওঁলোকক প্ৰৱঞ্চনা কৰি অহা হৈছে। তেওঁলোক এখন পিছপৰা সমাজত বাস কৰে। প্ৰগতিৰ মুখ নেদেখা সেই সমাজখনে মালিকশ্ৰেণীক সন্তুষ্ট কৰিয়েই নিজৰ জীৱন অতিবাহিত কৰিছে। শিক্ষাৰ পোহৰে তেওঁলোকৰ জীৱন পোহৰাব পৰা নাই। দুখ-যন্ত্ৰনা পাহৰিবলৈ মদৰ আশ্ৰয় লোৱা এইসকলৰ জীৱন অপৰিৱৰ্তনীয়। দিনত হাড় ভগা শ্ৰম আৰু ৰাতি মদিৰাৰ নিচাত মাতাল এয়াই তেওঁলোকৰ জীৱন। কবিয়ে অতি কাষৰ পৰাই এই সকলোবোৰ দেখি আহিছে। সেয়ে তেখেতৰ কবিতাত মূৰ্ত হৈ উঠিছে চাহ জনগোষ্ঠীৰ লোকসকলৰ জীৱন।

শ্ৰেণী বৈষম্যৰ ছবি প্ৰতিফলিত হোৱা নূপুৰ হাজৰিকাৰ কবিতা ‘সাধু’ হৈছে এটি প্ৰতিবাদী কবিতা। তীব্ৰ শ্লেষ প্ৰকাশ পোৱা ৰাজনৈতিক চেতনা প্ৰতিফলিত হোৱা কবিতাটোত আছে ৰূপকথাৰ দৰেই মনোৰম কথনশৈলী। সমসাময়িক সমাজত ৰাজনৈতিক নেতাসকলৰ মইমতালি, স্বাৰ্থপৰতা, স্বজন-তোষণ নীতিয়ে কবিৰ মনত ৰেখাপাত কৰিছে, সেয়ে কবিমন প্ৰতিবাদী হৈ উঠিছে।

‘আমাৰ ৰজা সোণেৰে গঢ়া
ৰূপেৰে গঢ়া ৰাণী
ৰাজকুমাৰ-ৰাজকুমাৰী

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!