এমুঠি মৰম, এটি সপোন, আৰ্চিছ গেলাৰী ইত্যাদি !! (ইন্দ্ৰনীল গায়ন,ৰাজশ্ৰী বৰগোঁহাই আৰু হিৰণ্ময় বৰুৱা)

এমুঠি মৰম, এটি সপোন, আৰ্চিছ গেলাৰী ইত্যাদি !!

(এই কবিতাটো ভণ্টী ৰাজশ্ৰী বৰগোঁহাই, ভাইটি হিৰণ্ময় বৰুৱা আৰু মই আমাৰ তিনিওজনৰে এটা কবিতা আনটো কবিতাৰ উত্তৰ হিচাপে লিখা হৈছে; সেইবাবে আপোনালোকলৈ একেলগে তিনিওটা কবিতা আগবঢ়ালোঁ।)
 
(১)
–       ইন্দ্ৰনীল গায়ন
 
এই যে সময়বোৰ আলফুলে তোমাৰ দুহাতত গুজি দিয়াৰ কথা আছিল
মৌন হৈ পৰা ৰাতিপুৱাটোত বাউলী হৈছিল এজাক বতাহ !!
 
দুপৰীয়াৰ ৰ’দজাক চঞ্চল হোৱা নাছিল
জানানে ?
কবিতাবোৰো !!
 
আবেলিটো
ধুনীয়া হৈ পৰোঁতেই
ক্ৰমশঃ
হেৰাই গৈছিল
এটা সপোন !!
 
কবিতাবোৰে (যে) শুই থকাৰ অভিনয়হে কৰিছিল…….
তুমি হয়তো নাজানা !!
আৰ্চিছ গেলাৰীৰ প্ৰতিটো বস্তুৱেই কৃত্ৰিম।
 
পুনশ্চঃ
বেৰত ওলমি ৰ’ল মাথোঁ পুৰণি আৰ্চিছৰ কাৰ্ডখন !!
আৰু দামী ফুলৰ থোপাটো…..?
 
(২)
–       ৰাজশ্ৰী বৰগোঁহাই
 
এই যে তুমি মোৰ, মই তোমাৰ হোৱা কবিতাবোৰ;
ৰাতিপুৱা সতেজ হৈ দৌৰি ফুৰিছিল।
দুপৰীয়াৰ ৰ’দকণে চঞ্চল কৰি নিদিয়া হ’লে
এই ধুনীয়া আবেলিটোত কবিতাবোৰ শুই নাথাকিলহেঁতেন
ভাগৰুৱা হৈ……।
ঠিক
আৰ্চিছ গেলাৰীৰ দামী ফুলৰ থোপাটো অনাৰ পাছত,
সাজিম কাচিম বুলি ৰৈ থকা
চোতালৰ ৰজনীগন্ধাজোপা দিন গণি গণি
শুই যোৱাৰ দৰে…..।
 
(৩)
–       হিৰণ্ময় বৰুৱা
 
শুনিছোঁ, মৰমৰ হেনো সঘনে সলনি হয় ঠিকনা;
সেয়ে হয়তো (আজি) তেওঁৰ বুকুৰ শূন্যতাই
অনুমান কৰিব নোৱাৰে বৰষুণজাকৰ চঞ্চলতাক,
তেওঁৰ মৌনতাত জঁই পৰে
শব্দবোৰৰ নিষ্পাপ ধেমালি,
উকা হৈ পৰি ৰয় চিনাকি দাপোণ ।
এসময়ত…
তেওঁৰেই হাঁহিত চপৰা চপৰে খহি পৰিছিল
আলফুলে সাবটি ৰখা ডাৱৰৰ টুকুৰা,
উশাহত তেওঁৰ পাখি মেলি নাচিছিল হেঁপাহৰ ৰঙবোৰে…
ৰাগী লাগি নষ্ট হোৱা হৃদয়খনে সাজিছিল
জোনাকী কাৰেং ,
এতিয়া (যে) সকলো সপোন…।।
 
পৰিশিষ্টঃ
বেৰত ওলোমাই ৰখা আর্চিছৰ কার্ডখন
নাইবা দামী ফুলৰ থোপাটোৱে কি বুজিব
সাজি-কাচি তেওঁৰ বাবেই বাট চাই ৰৈ থকা
পদূলিমুখৰ গোলাপজোপাৰ বিননি…।।
 
হয়তো এমুঠি মৰম, এটি সপোন, আৰ্চিছ গেলাৰী ইত্যাদিৰ দৰেই……..
 

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!