এযোৰ জোতাৰ গল্প– পাৰ্থজ্যোতি বৰুৱা

দুলীয়াজানত চলি থকা কোম্পানীৰ নতুন প্ৰজেক্ট এটাৰ দায়িত্ব মোক দিয়া হৈছিল অস্থায়ীভাৱে। সেয়েহে সম্পূৰ্ণ এমাহ কোৱাৰ্টাৰত থকা হোৱা নাই মোৰ। কিন্তু আমাৰ নতুন প্ৰডাকচন মেনেজাৰ হিচাপে অনুপম হাজৰিকাই আজি যোগদান কৰিবহি। কাজেই প্ৰজেক্টৰ দায়িত্বৰ পৰা ৰেহাই দি মোক পুনৰ মৰাণলৈ ঘূৰাই অনা হৈছে। কোৱাৰ্টাৰত সোমাইয়েই চাফাই অভিযান আৰম্ভ কৰি দিছোঁ। কলেজীয়া দিনৰে পৰা হোষ্টেল-ভাড়াঘৰত থকাৰ অভিজ্ঞতাৰে এটা কথা অন্ততঃ মই জানো যে মানুহ নথকা ঘৰ বেছিকৈ লেতেৰা হয়। হেন জানি সাহ কৰি কাহিলী-পুৱাতেই আগমন মোৰ। ধূলি-মাকতি, নিগনি, পৰুৱা-পইতাচোৰা ইত্যাদিৰ পয়োভৰে চাফাই অভিযানত জ্বলা-কলা খুৱাব পৰাকৈ এমাহৰ অনুপস্থিতি যথেষ্ট। ৰাধাবাইক কালিয়েই খবৰ দিয়াইছোঁ আজি আহিবলৈ। আহিম বুলিও কৈছে বোলে। পিছে ইমান পুৱাতেইনো ক’ত আহিব? তদুপৰি চাফাই সম্পৰ্কীয় কেইটামান কাম নিজে নকৰিলে অমুকাৰ হেঁপাহেই নপলায়। গতিকে অলপ আগবঢ়াই থৈছোঁ। আৰু আগবঢ়াই থওঁ বোলোতেই ঘামি-জামি অৱস্থা কাহিল মোৰ। আহিয়েই একাপ চাহ খাই নোলোৱা হ’লে দিগদাৰেই আছিল।

তাকেহে ভাবিছোঁ বোলো এই ঘৰ জাৰু দিয়া, বাচন ধোৱা, কাপোৰ ধোৱা কামবোৰ নিয়াৰিকৈ কৰিব পৰা মতা মানুহবোৰক আচলতে ন’বেল বঁটাই দিব লাগে। কম কষ্টকৰ কামনে? ঠিক কষ্টকৰো নহয়, কিবা টম আৰু জেৰীৰ খেদাখেদিৰ দৰেহে। শেষেই নহয়। যিমানেই খৰধৰ কৰি শেষ কৰোঁ বুলি ভৱা যায়, সিমানেই দীঘলীয়া হৈ গৈ থাকে। মহিলাসকলে পাৰে। অভ্যস্ত তেওঁলোক। অভ্যাসৰ জোৰ। এনেই নকয় নহয় বোলে অভ্যাসে নৰ কৰ্ণপথে কৰে শৰ।  মই কিন্তু অকপটে স্বীকাৰ কৰোঁ যে আজিৰ যুগত এই অভ্যাস পুৰুষ-মহিলা উভয়েই কৰা উচিত। ল’ৰা-ছোৱালীকো আনকি সৰুৰে পৰা নিজৰ কাম নিজে কৰাৰ অভ্যাস কৰোৱাব লাগে। কাৰণ কোন সময়ত কোনে কি কাম কৰিবলগীয়া হয় কোনে জানে? কাম কৰাৰ অভ্যাসে জীৱনৰ ভেঁটি কেতিয়াও দুৰ্বল নকৰে মজবুতহে কৰে। অভাৱ-অনাটনে পিষ্ট কৰা অধ্যৱসায় আৰু একাগ্ৰতাইহে নিশ্চিতভাৱে সফলতা আঁজুৰি আনে। কালি মোৰ সহকৰ্মী প্ৰবাল ৰাজখোৱাই মোক ফ’ন কৰি কৈছে বোলে আমাৰ নতুন প্ৰডাকচন মেনেজাৰ অনুপম হাজৰিকা একেবাৰে দুখীয়া ঘৰৰ ল’ৰা। মাকে আনৰ ঘৰে ঘৰে কাম কৰে আমাৰ ৰাধাবাইৰ দৰে। তেওঁ নিজেও বোলে এটা সময়ত লোকৰ ঘৰত হালোৱা খাটি পঢ়িছিল। বৰ কষ্টেৰে পঢ়া-শুনা কৰি আজি তেওঁ আমাৰ কোম্পানীৰ এজন শীৰ্ষ বিষয়া হ’লগৈ। এয়া কোনোপধ্যে উলামুলা কথা নহয় কিন্তু। বয়সতো আমাতকৈ সৰু হ’ব বোলে। তথাপি কিন্তু আমাৰ ‘বছ’ এতিয়া। ছাৰ। সেয়াহে সফলতা! সেয়াহে আচলতে জীৱন! জুয়ে পোৰা সোণ! মই ভাৱিছিলোঁ ময়েই কিজানি আটাইতকৈ বেছি কষ্টত ডাঙৰ হোৱা ল’ৰা। পিছে অনুপম হাজৰিকাৰ জীৱন আৰু সফলতাই মোকো তুচ্ছ কৰি পেলালে। আচৰিত!

খিতলিংক্লেক….
ইস্!ভাগিল নহয় কাপটো। কাটিলেও আঙুলিটো। ডিটাৰজেন্টৰ পানী আৰু তেজ মিহলি হৈ অদ্ভুত মিশ্ৰণ এটাৰ সৃষ্টি হৈ বেচিনৰ পাইপেৰে ওলাই গৈছে। নিলে। ভালকৈয়ে নিলে এবখলা। বুঢ়া আঙুলিৰে তৰ্জনীৰ কাট খোৱা মূৰটোক টিপা মাৰি ধৰি ডেটল বিছাৰিলোঁ। ক’তবা থাকিল! নাই দেখোন ইয়াত। ইয়াতো নাই। অ’ পালোঁ পালোঁ। এইটো। ডেটল বুলিলে আচলতে ভয়েই লাগে মোৰ। সৰুতে চাইকেল চলাওঁতে আঁঠুৰ ঘিলাদুটা প্ৰায়েই ঘেলঘেলীয়া হৈছিল। কাষতে থকা মনো দদাইদেউৱে মোক জোকায়— ‘তোৰ যে আঁঠুদুটাই অনবৰত হাঁহিয়েই থাকে পাই।’ মায়ে ডেটল পানীৰে ধুই মলম-চলম অলপ লেপি দিব খোজে। ভয়ৰ ছোটত পলাওঁ। ভঁৰালৰ গাধৈৰ ডুলিৰ ভিতৰত সোমাই লুকাই থকাৰ উদাহৰণো আছে। বাপৰে, কম যন্ত্ৰণা দিয়েনে ডেটলে? হ’ব পাৰে সেয়া মুহূৰ্ত্বৰ বাবেহে। কিন্তু ঘাত পৰিলে একেবাৰে জুই হৈ যায়। ভকভক ভকভক। নোৱাৰি আৰু। তাতকৈ পেন্ট কোঁচাই হাঁহিমুখীয়া আঁঠুদুটা উলিয়াই লৈ লেঙেৰাই থকাই ভাল। অধিক যন্ত্ৰণাৰ ভয়ত কেতিয়াবা কিছুমান যন্ত্ৰণা এনেকৈয়ে কঢ়িয়াই লৈ ফুৰা নাযায় জানো? ডেটল বোলোতে সেয়ে মালৈ মনত পৰি গ’ল। এতিয়া আঙুলিটো কাটোতে মা থাকিব লাগিছিল কাষত। কি কি যে কৰি ধৰফৰাই নাথাকিলেহেঁতেন!

আঙুলিটোৰ কটাখিনি লাহেকৈ মেলি চালোঁ। উফ, বাৰুকৈয়ে ফালিছে। ডাক্তৰে দেখা হ’লে চিলাই পৰিব বুলিয়েই কৈ দিলেহেঁতেন চাগে। ভাগ্য ভাল সদ্যহতে ডাক্তৰৰ ওচৰলৈ যোৱাৰ কথা ভৱা নাই মই। পানীৰ টেপটো খুলি কটাখিনি ধুই দিছোঁ। ভীষণ চেকচেকাইছে। হাড়লৈকে বিষাইছে। সৰু সৰু চিচাৰ টুকুৰা লাগি থাকিব পাৰে। চকুৰে মনিব নোৱাৰা অকণমানি টুকুৰা এটাইও অঘটন ঘটাই দিয়ে কেতিয়াবা। ডেটল? সানিব লাগিব। লগতে বেণ্ডেজ অকণমানো মেৰিয়াই ল’ব লাগিব। নহ’লে অফিচলৈ গৈ কম্পিউটাৰৰ মাউচটো ধৰিবলৈও হাজিৰা এটাৰ প্ৰয়োজন হ’ব। সোঁহাত। কপাল ভাল মোৰ। বাওঁহাত হোৱাহ’লে খেলা খতমেই আছিল। ছেঃ বাচনখিনিও আধা ধোৱা হৈ থাকিল। থাকক। ৰাধাবাই আহিবই। কেনেবাকৈ নাহিলেও কিবা এটা কৰিব লাগিব আৰু।

ৰ’দে খাওঁ খাওঁ কৰিছে এই পুৱাতেই। ফটাফট গাটো তিয়াই অফিচ যাব লাগে। যাব লাগে বুলি ভাবোঁতেই আকৌ মনত পৰিল জোতাযোৰৰ কথা। কি আচৰিত বাৰু? নাই বুলি এনেকৈনো নাইকীয়া হৈ যাব লাগেনে জোতাযোৰ?  দুলীয়াজানলৈ যাবৰ দিনা বাৰাণ্ডাত থকা শ্বু-ৰেকতে দেখি যোৱা যেন লাগিছিল। সাধাৰণতে তাতেই থাকে। কিন্তু নিলে কোনে? কেনেকৈ নিলে? গ্ৰীলখনতো মস্ত তলাটো ওলমি আছিল। সাংঘাটিক ৰহস্য। চোৰ নেকি? ধেৎ, জোতা এযোৰ নিবলৈকে সোমাবনে চোৰ? সোমালে যদিওনো কোনফালে সোমালে? না, নহয়। অন্য কিবা মেজিক। কাৰোবাৰ ভৰিত ক’ব নোৱাৰাকৈ গুচি গ’ল নেকি? পিছে কোনো অহাওতো নাই মোৰ ইয়ালৈ। নাহেও। আৰু গ’লেওবা নিওঁতাজনৰ নিজৰ জোতাযোৰতো থাকি যাব লাগিছিল। নে ময়েই কেনেবাকৈ ক’ৰবাত এৰি থৈ আহিলোঁ নেকি? ওহোঁ, ইম্প’চিবল! ইমানো বেহুচ নহয় আৰু মই। নে কাৰোবাক দিলোঁ নেকি? নাই দিয়াতো! কিয় দিম বাৰু? পাহৰি গৈছোঁ নেকি? না, হ’বই নোৱাৰে। কিয় পাহৰিম? বিচনাৰ তল, টেবুলৰ তল, চ’ফাৰ তল, বাহিৰ-ভিতৰ একো বাকী ৰখা নাই। সকলোতে বিচাৰিছোঁ। পিছে নাই। ভাবিছিলোঁ অনুপম হাজৰিকাৰ ৱে’লকাম চেৰিমনিলৈ ক’লা পেন্ট আৰু আকাশ-নীলা ৰঙৰ চোলাটোৰ সৈতে জোতাযোৰ পিন্ধি যাম। ভাল লাগিব। ডিপাৰ্টমেণ্টৰ সকলোৱেই চাগে আজি সাজি-কাচি আহিব। কিমানে চাগে নতুন ‘বছ’ক ইমপ্ৰেছড কৰিবলৈ যত্ন কৰিব! তাৰমাজতে মইও সামান্য নিজকে সজাই পৰাই নিয়াৰ কথা অৱশ্যেই ভাবিছিলোঁ। বছ্ ইমপ্ৰেছড নহ’লেও অন্ততঃ সুদক্ষিণাই  নিশ্চয় ক’লেহেঁতেন…’লুকিং হেণ্ডচাম য়াৰ, কাম লে’টছ হেভ এ চেল্ফি’। পিছে নহ’বগৈ আৰু এতিয়া। ছেঃ কিবা নিজলৈকে পুতৌ জন্মিছে। নিধক কটা! কিখন যে ভাবিছোঁ আৰু। ক’ত ধনীৰ জীয়াৰী আধুনিকা সুদক্ষিণা আৰু ক’ত মই!!

জোতাজোৰ খুব কমেই পিন্ধো মই। শেষবাৰ কেতিয়া পিন্ধিছিলোঁ ঠিক মনতেই নাই। কিন্তু নাই, পিন্ধা নাই বহুত দিন। কম পিন্ধো মানে তাৰো কাৰণ আছে। ক্ষয় গৈ নাইকীয়া হোৱাৰ ভয়। হা হা হা…মোৰ কথা শুনিলে মানুহে ভাৱিব, কি মহা কৃপণ মানুহ এইটো! ক্ষয় যায় বুলি জোতাও কমকৈ পিন্ধে! হেৰি কৰিও চাগে তিনিবাৰমান ঘূৰি চায় এইডালে! কিন্তু কথাটো তেনেকুৱা নহয়। জোতাযোৰ আচলতে বৰ মৰমৰ মোৰ। এই জোতাযোৰৰ বিকল্প এযোৰ পৃথিৱীত নাই বুলিয়েই ভাবোঁ। বৰ্তমান কৰি থকা চাকৰিটোৰ ইণ্টাৰভিউ দিবৰ সময়ত মোৰ এযোৰ ভাল জোতা বাদ চেণ্ডেলেই নাছিল। যিমানহে অভাৱী আছিলোঁ আমি, জোতা এযোৰ গোটেই ল’বলৈও সাধ্য নাছিল। সৰুতেই দেউতা নাইকীয়া হ’ল। ভনীজনী আৰু মোক লৈ মায়ে কিদৰে চম্ভালিছিল জীৱনৰ সংঘৰ্ষ, সেয়া আমাৰ তিনিওটাৰ বাহিৰে বেলেগে নুবুজিবই যেন লাগে। আৰ তাৰ ঘৰত ধান ৰোৱা-কটা কৰি, ধান-চাউল চালি-জাৰি কোনোৰকম দুবেলা দুমুঠিৰ যোগাৰ কৰিছিল মায়ে। পিছলৈ অৱশ্যে মই টিউশ্যন কৰি মাক কিছু সকাহ দিছিলোঁ। কিন্তু বিলাসিতা বহু নিলগত আছিল। বাৰু, বাদ দিওঁ। সেইবোৰ বহুত কথা। ভাৱি ভাৱি শেষ কৰিব নোৱাৰা। মুঠতে এটাই কথা, সময়ৰ নিষ্ঠুৰ ৰূপটো মোৰ আৰু দেখিবলৈ বাকী নাই।  মই পিছে জোতা এযোৰক লৈ ইমান মূৰ ঘমোৱাও নাছিলোঁ। নাই নাই আৰু। হাৱাই চেণ্ডেলেৰেই কিমান ইণ্টাৰভিউ দিলোঁ হিচাপ নাই। আৰু এটা দিম। তাতেনো কি মহাভাৰতখন অশুদ্ধ হ’ব? অৱশ্যে ভাল জোতা এযোৰ হোৱা হ’লে ভাল আছিল বুলি নভৱাকৈও থকা নাছিলোঁ। কাৰণ, ইমান ডাঙৰ কোম্পানীৰ ইণ্টাৰভিউ, কেণ্ডিডে’টবোৰো নিশ্চয় বৰ ধনী ঘৰৰ হ’ব, আপডেটেড, স্মাৰ্ট লুকিং। তদুপৰি মোৰ এটা বিশ্বাসো আছিল যে, বসন-ভূষণে মানুহৰ ব্যক্তিত্বত আকৰ্ষণ সানে। কিন্তু চৰম অভাৱৰ সন্মুখত তেনে বিশ্বাসৰ অস্তিত্বইবা ক’ত? গতিকে বাকী সকলো কথা বাদ দি অভাৱেৰেই সাহসী হৈ উঠিছিলোঁ। যি হ’ব দেখা যাব।

মায়ে কিন্তু লক্ষ্য কৰিছিল মোৰ জোতা এযোৰৰ অভাৱ। ডাঙৰ কোম্পানীৰ মোটামুটি ডাঙৰ পোষ্ট এটাৰ বাবে ইণ্টাৰভিউ দিবলৈনো ল’ৰাটোক হাৱাই চেণ্ডেল এযোৰ পিন্ধাই কেনেকৈ পঠিয়াও? এয়া আছিল মাৰ চিন্তা। সেয়ে তেওঁ আগদিনা মনো খুড়াৰ ওচৰলৈ গৈছিল মই গম নোপোৱাকৈ। খুড়াৰো অৰ্থনীতি অৱশ্যে ইমান ভাল নাছিল। তথাপি লগে লগে তেওঁ মোক বজাৰৰ পৰা দামী ক’লা ৰঙৰ জোতা এযোৰ আনি দিছিল। খাডিমছৰ ধুনীয়া চামৰাৰ জোতা এযোৰ। এনেকুৱা এযোৰ ধুনীয়া জোতা মই আচলতে আনৰ ভৰিতো দেখা নাই কাহানিও। দেখা নাই মানে লক্ষ্য কৰাৰ অভ্যাসো নাই। জোতা পিন্ধি নোপোৱা মানুহৰনো আনৰ জোতালৈ লক্ষ্য কৰাৰ প্ৰয়োজন কি? সেইযোৰেই মোৰ জীৱনৰ প্ৰথম জোতা। আৰু সেইযোৰেই এইযোৰ, যিযোৰ এতিয়া মোৰ ওচৰত নাই। হেৰালে। কিয় জানো তেতিয়াই মোৰ মনত ভাৱ হৈছিল যে, এই জোতাযোৰৰ বাবেই যেন মই চাকৰিটো পাইছিলোঁ। হয়তো খুব লাকী জোতা আছিল। বহু ইণ্টাৰভিউ দি দি ভাগৰি পৰাৰ পাছত নিজৰ ‘লাক’ৰ ওপৰত আস্থা নাইকীয়া হৈছিল মোৰ। সেয়ে ‘লাক’ৰ ক্ৰেডিট জোতাযোৰকেই দিছিলোঁ। গতিকে জোতাযোৰৰ প্ৰতি মোৰ অগাধ মৰম নাথাকিবইবা কিয়? জোতাযোৰ ক্ষয় গৈ নাইকীয়া হোৱাৰ ভয়ে মোক আমনি নকৰিবইবা কিয়? সেয়ে খুব বেছি গুৰুত্বপূৰ্ণ আৰু শুভকামতহে পিন্ধি গৈছিলোঁ জোতাযোৰ। এতিয়া জোতাযোৰ নিৰুদ্দিষ্ট হোৱা কথাটোৱে মোক স্বাভাৱিকতে বৰকৈ ব্যথিত কৰিব। স্বাভাৱিক কথা।

উৱা, ন বাজিলেই দেখোন। প্ৰডাকচন মেনেজাৰে দহ বজাত অফিচ জইন কৰিবহি। তাৰপাছতেই এম, ডিৰ লগত সকলোৰে মিটিং। ৱেলকাম চেৰিমনি, খানা-পিনা। ইফালে মই বপুৰাই চাহ একাপৰ বাহিৰে পেটত একো পেলাবই নোৱাৰিলোঁ এতিয়ালৈকে। হ’ব কেণ্টিনতে খাই ল’ম কিবা এটা। ঘড়ীটো ক’ত থলোঁ? অ’ এইটো। ম’বাইল? ল’লো। ৰুমাল খন? আছে। অ’কে, ডেন ৰে’ডি। যাব লাগে এতিয়া। দেৰি হৈছে। গ্ৰীলখন জপাই তলাটো ওলোমাই দিওঁ। আৰু চাবিটো এই টাবটোৰ তলতেই থৈ যাওঁ ৰাধাবাইয়ে পাব পৰাকৈ।
— ছাৰ…
— অ’ ৰাধাবাই আহিলা? ভালেই হ’ল দিয়া। মই তোমাৰ কথাই চিন্তা কৰি আছিলোঁ। ভালে আছানে?
— ভাল ছাৰ, আছোঁ। আপোনাৰ?
— ভাল ভাল। সব ঠিক-ঠাক। পিছে হেৰি নহয় ৰাধাবাই, বাচনবোৰ ধুবলৈ লৈছিলোঁ। কাপ এটা ভাঙি আঙুলিটো কাটিলে। সেয়েহে ধোৱা নহ’ল। এটা কাম কৰিবাচোন। পর্দাকেইখন বৰ লেতেৰা হ’ল অ’। পাৰিলে ধুই থৈ যাবাচোন। আৰু দুপৰীয়া ভাত খাবলৈ নাহো আজি। অফিচতে খানা আছে। চাবিটো লোৱা।
—- হ’ব ছাৰ….ৰাধাবাইয়ে সোঁহাতৰ টোপোলাটো বাওঁহাতলৈ নি চাবিটো ল’লে।
— ঠিক আছে তেন্তে, মই আহোঁ।
— ছাৰ…..
— কোৱা….
— ছাৰ, আপোনাক নোকোৱাকৈ মই সেইদিনা আপোনাৰ জোতা এযোৰ লৈ গ’লো (বাওঁহাতৰ টোপোলাটো দেখুৱাই ক’লে)। হাকোটা লগাই উলিয়ালোঁ। মোক মাফ কৰি দিব।
— কিন্তু কিয়? ….যিমান আচৰিত হৈছোঁ, তাৰে প্ৰায় আধাখিনি লুকুৱাই থলোঁ ৰাধাবাইৰ পৰা।
— নহয় মানে ছাৰ, ল’ৰাটোৰ চাকৰিৰ ইণ্টাৰভিউ এটা আছিল। তাক ভাল জোতা এযোৰ লাগিছিল। কিনিবতো নোৱাৰোঁৱেই, আপোনাৰ বাহিৰে কাকো খুজিবও নোৱাৰোঁ। সেয়েহে ভাবিলোঁ…
— কিন্তু…
— নহয় ছাৰ, আপোনাৰ ফোন নম্বৰটো থকা হ’লে মই আপোনাক সুধিয়েই নিলোঁহেঁতেন। মোৰ খুব বেয়াই লাগিছে ছাৰ। ….ৰাধাবাইৰ মাতটো থোকাথুকি হোৱা যেন লাগিল। বেয়াও লাগিছে, বেচেৰী মানুহজনীয়ে কেনেকৈ স্বীকাৰ কৰিছেহি নিজৰ দোষ! হয়তো চৰম অপৰাধবোধত ভূগিছে।
— ঠিক আছে, ঠিক আছে, বুজিলোঁ, হ’ব দিয়া, একো নাই। কিনো ডাঙৰ কথাটো? ….ৰাধাবাইক স্বাভাৱিক কৰিবলৈ যত্ন কৰিলোঁ।
— নহয় ছাৰ, কথাটো ডাঙৰেই দিয়কচোন। আপুনি নথকা অৱস্থাত জোতাযোৰ লৈ গৈছোঁ। কিন্তু মোৰ অন্য কোনো উপায়ো নাছিল ছাৰ।
— ৰাধাবাই, হ’ব দিয়া, মোৰ ঘৰৰ পৰাহে নিছা তুমি। মই অকণো বেয়া পোৱা নাই। বুজিছোঁ মই সকলো। পিছে হেৰি নহয়, তাৰ ইণ্টাৰভিউ কেনে হ’ল?
— সি চাকৰিটো পালে ছাৰ…ৰাধা বাইয়ে হাঁহি হাঁহি হুকহুকাই কান্দি পেলালে। বহুদিনৰ পাছত কাৰোবাক হাঁহি হাঁহি কন্দা দেখিলোঁ। ইয়াৰ আগতে মোৰ মাক দেখিছিলোঁ, মই চাকৰি পোৱাৰ দিনা।
— ৱাহ ৰাধাবাই, ইমান ভাল খবৰ ! তুমি আক’ কান্দিছা কিয়? কিমান ভাগ্যৱতী তুমি চোৱাচোন। ….ৰাধাবাই ফেঁকুৰি উঠিল।
— ল’ৰাটো বৰ কষ্টত ডাঙৰ হ’ল ছাৰ…
— বুজিছোঁ। আৰু সেইবাবেইতো সি আজি সফল। আৰু সেয়া তোমাৰ বাবেই হৈছে দিয়াচোন। হ’ব দিয়া নাকান্দিবা। মোক মিঠাই খুৱাব লাগিব কিন্তু। ক’ত চাকৰি পালে সি?
— আপোনাৰ অফিচতে পাইছে ছাৰ….
— কি কোৱা তুমি ৰাধাবাই? কি নাম তাৰ?
— অনুপম হাজৰিকা…
নামটো উচ্চাৰিত হোৱাৰ ঠিক আগে আগে মই নিশ্চিত হৈছিলোঁ, ৰাধাবাইৰ মুখৰ পৰা এই নামটোৱেই ওলাব। মোৰ কেনে লাগিছে মই ঠিক ধৰিব পৰা নাই। ৰাধাবাইক এইমুহূৰ্তত মই কি ক’ব লাগে সেয়াও মোৰ মূৰত খেলোৱা নাই। মগজুটো বিৰাট এটা শূণ্যৰে ভৰি পৰিছে। তেওঁৰ হাতত থকা টোপোলাটোলৈকে হয়তো থৰ লাগি চাই আছোঁ মই। বুকুৰ এফাল হয়তো মধুৰ আৰু আনফাল ভাৰ ব’ব নোৱাৰাকৈ গধূৰ হৈ পৰিছে । ভাবিছোঁ, ইমান কাকতালীয় হ’ব পাৰেনে কথাবোৰ? এনেকুৱাও হয়নে? মন গৈছে, ৰাধাবাইৰ হাতৰ পৰা টোপোলাটো আনি যেন বুকুত সাৱটি ল’ম…….

Leave a Reply

Your email address will not be published. Required fields are marked *

Don`t copy text!