এলানি কবিতা – প্ৰণৱ কুমাৰ বৰ্মন
এক
~~~~~~~~~~~~~~~~~
সাগৰৰ গল্প
সাগৰ, কিয় নুশুৱা সাগৰ?
তুমি নুশুলে ময়ো শুব নোৱাৰোঁ
সাগৰ, স্মৃতিয়ে আমনি কৰিছে?
কোন আহিছিল তোমাৰ বুকুলৈ?
সাতুৰি-নাদুৰি তোমাৰ হৃদয়ত
খোজ থৈ গুচি গ’ল
দুনাই নাহিল কোনোদিনে তোমাৰ
ভালপোৱাৰ শংখ বিচাৰি!
ৰৈ আছা সাগৰ
আকৌ আহিব বুলি?
তুমিতো কালহীন সাগৰ
দুই
~~~~~~~~~~~~~~~~~
কিয়নো উভতি আহিছোঁ
অলেখ মৃত্যুৰ পথ পাৰ হৈ আহি
তোমাৰ উপলা নদীত মোৰ এই ভালপোৱাৰ আৰাধনা
প্ৰেমেই শেষ আশ্ৰয়
মণিকূটৰ চাকি ঘোষা
তোমাৰ আয়ুৰে মই জানো জী আছোঁ?
তোমাৰ চকুপানীৰে মই জানো কান্দিছোঁ?
তোমাৰ চাৱনিৰে চাইছোঁ জানো পৃথিৱীক
নে জীৱনক
তুমি মই কোন কাৰ ক্ৰীড়নক!
কিয়নো আহিছোঁ উভতি মৃত্যুপথ পাৰ হৈ
তোমাৰ নদীত স্নানেৰে পৱিত্ৰ হ’বলৈ!
তিনি
~~~~~~~~~~~~~~~~~
তুমি মোৰ জীয়াই থকাৰ আন নাম
মোৰ অনাদিৰো অনাদি স্মৃতি তুমি
যেতিয়া জীয়াই আছিলোঁ তুমিয়েই মোৰ উশাহ আছিলা
সেউজীয়াবোৰ মোৰ ভিতৰলৈ সোমাই আহিছিল
বৰষুণ সৰিছিল মেঘ অনুদিত হৈ বুকুৰ পঁজাত
যেতিয়া জীয়াই আছিলোঁ জোনটো জোনাকী পৰুৱা হৈ উৰি ফুৰিছিল মোৰ চুবুৰীত তোমাৰ হাঁহিটি
তুমি মোৰ জীয়াই থকাৰ আন নাম
মোৰ সমাধিৰ স্মৃতিফলক!
চাৰি
~~~~~~~~~~~~~~~~~
কবিৰ নিলাম
খুব সহজ ভাবেই মই মোক বিক্ৰি কৰি দিম
বিজ্ঞাপন আঁৰি দিম জনবহুল পথৰ আকাশত
যে এজন দুখী মানুহৰ নিলাম হ’ব
তেওঁ বিপ্লৱৰ পথেদি আহি
তেজৰ দুৰ্গন্ধত এদিন মূৰ্চা গৈছিল
শৱদেহ গণি গণি জীৱনৰ সচিবালয়ত তেওঁ কেৰাণী শ্যেলিৰ পদত জীৱনপাত কৰিছিল
মাজে মাজে যিজোপা গছৰ ছায়াত ভাগৰ নিৰাময়ৰ বাবে পৰম প্ৰশান্তিৰে জিৰাইছিল
সেইজোপা প্ৰেমৰ গছ কালধুমুহাত বাগৰি পৰিছিল তেওঁৰ দেহৰ ওপৰত
কোনো শুভ সংবাদত উজ্জ্বল হৈ উঠিবলৈ খিৰিকী খোলা নাছিল তেওঁৰ হৃদয়ৰ
সেয়ে প্ৰায়ে নিৰাশাৰ টোপনি তলত চকুমুদি পৰি আছিল শেতেলিত তেওঁ
মাজে মাজে তেওঁ আত্মহত্যা কৰিছিল নিজৰে আন্ধাৰত
চিঞৰিবলৈ গৈও ৰৈ গৈছিল
কোন ঘাতকে টেটু চেপি ধৰিছিল তেওঁৰ
মাজে মাজে কান্দিবলৈ গৈও কান্দিব পৰা নাছিল
কোনোবাই লৈ গৈছিল চকুপানীবোৰ
মৃত্যুৰ স’তে কথা পাতি পাতি তেওঁ ক্লান্তিত হুমুনিয়াহ কাঢ়িছিল
এনে এক বিজ্ঞাপনেৰে খুব সহজভাবেই মই মোক বিক্ৰি কৰি দিম
বজাৰত মেলি দিম নিজকে
আহক আহক
আহক আহক
তাজা তাত্কা এজন কবিৰ নিলাম চলিছে
প্ৰিয় পাঠক, কিনিবনে মোক?
পাঁচ
~~~~~~~~~~~~~~~~~
তুমি মোক কিয় ভালপোৱা তাৰ কাৰণ নাই
মই তোমাক কিয় ভালপাওঁ তাৰো কাৰণ নাই
ভালপোৱাৰ কাৰণ একেটাই
মোৰ জীৱনত তোমাৰ
তোমাৰ জীৱনত মোৰ
বিকল্প নাই
ছয়
~~~~~~~~~~~~~~~~~
কেৱল তোমালৈয়ে চাই থাকোঁ কিয়
কিয় সপোনলৈ তুমি আহিবা বুলি টোপনিৰ চহৰত ৰৈ থাকোঁ
কিয় তুমি গুচি যোৱাক লৈ ইমান অভিমান
কিয় ইমান শূন্যতা
কিয় মৃত্যুৰ ঘোৰাঁ আহে চেঁকুৰি
এই কথা বুজাবলৈ পৃথিৱীৰ ভাষাৰ মাজত এটা ভাষা নাই
■■■