“এলিয়েন” — নিয়ন্ত্ৰণহীন বৰ্তমান , ভয়ংকৰ ভৱিষ্যত্ । (দেৱব্ৰত গগৈ)
“এলিয়েন” — নিয়ন্ত্ৰণহীন বৰ্তমান , ভয়ংকৰ ভৱিষ্যত্ ।
দেওঁবাৰ 27 আগষ্ট 2011 চন । এক নজীৰবিহীন দুৰ্ঘটনা ঘটি গ’ল , গুৱাহাটী মহানগৰীত । যিটো দুৰ্ঘটনাক আমি সকলোৱে প্ৰায় আওকাণ কৰিলো । আমি দুৰ্ঘটনাতো সংবাদমাধ্যমত চালো বা পঢ়িলো আৰু আওকাণ কৰিলো । সন্ধিয়া ছয় বাজি গৈছে মাথো , ৰাধাগোবিন্দ পথেৰে , গুৱাহাটী কৰ্মাছ কলেজৰ ফালৰ পৰা তীব্ৰ গতিত ছখনকৈ বাইক গণেশগুৰিৰ ফালে গৈ আছে । বেগ অতি কমেও 100 কি:মি: প্ৰতি ঘণ্টা । সেয়া হৈছে এটা বাইক গ্ৰুপ , কিবা নাম এটাও দিছে । যিখন বাইকেই জি.এছ ৰোডৰ ডাউন টাউনৰ সমীপৰ পেনটালুনৰ ওচৰৰ পৰা ঘুৰি আহি পুনৰ কৰ্মাছৰ ওচৰ প্ৰথমে পাবহি সেইখনৰ আৰোহীয়ে পাব 1,500 টকা । দেওঁবৰীয়া সন্ধিয়া , মানুহবোৰে অলসভাবে দিনটো ঘৰতে কটাই অলপ বাহিৰলৈ ওলাই অহাৰ সময় সেইয়া । সেয়ে আবেলিলৈকে পাতল হৈ থকা ৰাজপথতো পথাচাৰী ,গাড়ী আৰু আন সাধাৰণ বাইকেৰে ভৰি পৰিছে । তেনে এক ব্যস্ত ৰাজপথত প্ৰায় এশ কি:মি: বেগত ছখনকৈ বাইক অগাপিছাকৈ , একেবেঁকা গতিৰে প্ৰতিযোগিতাৰ মনোভাবেৰে চলালে , বাইক কেইখনৰ আৰোহীসকলৰ মানসিক ভাৰসাম্যতাৰ প্ৰতি এক প্ৰশ্ৰবোধক চিন সৃষ্টি হোৱাটো নিতান্তই স্বাভাৱিক কথা । হয়, তেওঁলোক মানসিক ভাৰসাম্যহীন হবই লাগিব নতুবা তেওঁলোক আমাৰ সমাজ জীৱনৰ প্ৰতি অজ্ঞাত কোনোবা অচিন গ্ৰহৰ প্ৰাণী — মানে “এলিয়েন” ! আৰু তেনে এলিয়েনে সেই গতিত বাইক চলালে যি আশংকা কৰা যায় সেইটোৱেই হ’ল । অৱিশ্বাস্যভাবে ছখনকৈ বাইকে নিয়ন্ত্ৰণ হেৰুৱাই একেলগে দুৰ্ঘটনাত পতিত হ’ল । এখনৰ আৰোহীজন প্ৰায় 50 ফুট ওপৰলৈ উফৰি থিতাতে প্ৰাণ বায়ু উৰি যায় । বাকীবোৰে কম বেছি পৰিমাণে আঘাট প্ৰাপ্ত হয় । আন ছয়জনকৈ সাধাৰণ পথাচাৰীয়ে আঘাট পায় । সেইসময়ত পথটোৰে গৈ থকা আন কেইবাখনো যান-বাহনৰো ক্ষতি হয় । লগে লগে ঠাইটুকুৰাত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় । বন্ধুজনৰ মৃতদেহটো তাতে এৰি আন এলিয়েনবোৰে নিজৰ আঘাটপ্ৰাপ্ত দেহাৰেই গণৰোষৰ ভয়ত বাইকলৈ পলাই পত্ৰং দিয়ে ।
তজবজীয়া দেহাৰে ভৰপুৰ এটি মন আৰু শৰীৰ লৈ আন বয়সৰ মানুহে কৰিব নোৱাৰা কিছুমান কাম কৰিবলৈ বিচৰা সময়খিনিয়েই হৈছে মানুহৰ যৌৱনৰ সময় । কিন্ত এই যৌৱন নিয়ন্ত্ৰণহীন হলেই সি হৈ পৰে ভয়ংকৰ । তাৰ ফলাফলৰ কথা ইতিহাসে কয় আমাক । আশী দশকৰ প্ৰায় বিফল অসম আন্দোলন , নব্বৈ দশকৰ মুক্তি বাহিনীৰ আত্মঘাটী বিপ্লৱ এনে নিয়ন্ত্ৰণহীন যৌৱনৰে ফলাফল । মুক্ত অৰ্থনীতিয়ে মানুহৰ প্ৰয়োজনীয় সামগ্ৰীৰ নাটনি ঘটাইছে আৰু নহলেও জীৱনটো চলাই নিব পৰা সামগ্ৰী বজাৰত সুলভ কৰি দিছে । মানুহক বেছিকৈ দুৰ্নীতিগ্ৰস্ত হ’বলৈ শিকাইছে আৰু এনে এক সন্ধিক্ষণতে বৰ্তমানৰ কম মেধা সম্পন্ন যুৱকসকল হৈ পৰিছে নিয়ন্ত্ৰণহীন আৰু মেধাসম্পন্ন যুৱকসকল ব্যস্ত হৈ পৰিছে কেৱল নিজকে লৈ , নিজৰ কেৰিয়াৰক লৈ । সমাজ তেওঁলোকৰ বাবে এক আচহুৱা আৰু আমনিদায়ক বিষয় আৰু তাত হাত উজান দিছে দুয়োবিধ যুৱকৰে আৰ্থিক আৰু চাৰিত্ৰিকভাবে দুৰ্নীতিগ্ৰস্ত পিতৃ-মাতৃয়ে । এনেকৈয়ে তেওঁলোক অগ্ৰসৰ হৈছে এক ভয়ংকৰ ভৱিষ্যতৰ দিশে ।
Val lagil. Aajikali ene ghotona jothesto shulov hoi poril aamar shunor aasam khonot. Aaji kunuye lachit, silarai hobo nibisare, bisare bodon hoboloi. Aagoloi ene lekha odhik pam buli aasha korilu.