এশ বেপাৰীৰ বেপাৰ আৰু গণৰাজ্যৰ যুগ-সন্ধি (অজয় লাল দত্ত)
এতিয়া এনে কুটিল সময়ৰ সন্ধি-ক্ষণেদি আমি গতি কৰিছো যে গান্ধীৰ দেশত সকলোতকৈ দৰিদ্ৰ জনৰ কথা আমি বাৰে বাৰে আওকান কৰিছো৷ বাৰে বাৰে সংবিধান প্ৰণয়ন, সংশোধন অথবা সংসদত যি কোনো বিল উত্থাপনৰ সময়ত বাৰে বাৰে আওঁৰোৱা হয়, এই নীতিয়ে যাতে ভাৰতবর্ষৰ আটাইতকৈ দৰিদ্ৰজনকো যেন স্পর্শ কৰিব পাৰে৷ ইয়াৰ সুফল, সেই সকলে যাতে পায় আৰু জীৱনৰ মান উন্নীত কৰণৰ জৰিয়তে দেশৰ প্ৰগতিত অৰিহণা যোগাব পাৰে৷
কিন্তু, প্ৰকৃত পক্ষে ঘটিছে কি? সাধাৰণ মানুহৰ বাবে বুলি শ্লোগান দি ঠিক কৰা সকলো সা-সুবিধা আঁচনিৰ সুফল পাইছে বা গ্ৰাস কৰিছে কোনে? মধ্যবর্গৰ এচাম সুবিধাবাদীয়ে নহয়নে?
ট্ৰেক্টৰ প্ৰদান আঁচনিৰ সুফল পাওঁতা সকল, আত্ম-সহায়ক গোটবোৰ প্ৰকৃত পক্ষে হৈছেগৈনে? নে ফাইনান্স কৰিব পৰা গাঁৱৰ ধনীজনৰ বাবে ট্ৰেক্টৰ আনি দি কমিচন খাইছে আত্ম-সহায়ক গোট সমূহে৷ চাবচিডিত দিয়া সামগ্ৰী বা সুবিধাৰ এনে ফলাফল এতিয়া অসমৰ গাঁৱে-ভূঞেঁ সহজলভ্য৷ এইবোৰক বাধা প্ৰদান কৰি, প্ৰকৃত হিতাধিকাৰীৰ জীৱনৰ মান উন্নীত কৰণৰ দ্বায়িত্ব কোনে লব লাগিব? তাৰ উত্তৰ, গাওঁ সভাই৷ গাওঁবুঢ়া বা অন্য মুখীয়ালৰ নেতৃত্বত এনে সজাগ গাওঁ সভাৰ সৃষ্টি আৰু কার্যকৰীকৰণৰ অবিহনে আজি ভাৰতবর্ষৰ গাওঁ সমূহত সামূহিক কল্যাণ সম্ভৱ নহয়৷
গান্ধী পৰিয়ালৰ ৰাজীৱৰ পৰা ৰাহুললৈকে সকলোৱেই উন্নয়নৰ ধনৰ বিশ শতাংশইহে প্ৰকৃততে সুফল দিয়াকৈ ৰূপায়িত হোৱাকৈ ব্যৱহাৰ হয় বুলি মানি আহিছে৷ তাৰ অর্থ বৰমূৰীয়া প্ৰধান সকলৰ চকুৰ আঁৰত থকা নাই কথাবোৰ৷ তথাপি তাৰ প্ৰতিব্যৱস্থা গ্ৰহণ নোহোৱাকৈ থকাটো অন্য এক দুখ লগা কথা৷ কিন্তু, নিজৰ গাঁৱৰ কথা আমি নিজেই চিন্তা কিৰব লাগিব৷ চৰকাৰী আঁচনিৰ প্ৰকৃত সুফল ৰাইজে পোৱাৰ বাবে নাগৰিক সমাজৰ নেতৃত্বত গাওঁ সভাৰ সৱল প্ৰদক্ষেপ গ্ৰহণ আজিৰ যুগৰ অন্য এক প্ৰত্যাহ্বান৷ গাওঁ সভাৰ দ্বাৰা গাওঁ নিয়ন্ত্ৰণৰ বিষয়টোত কোনোবাই নক্সাল-পন্থীৰ ধাৰণাৰ লগত যোগসূত্ৰ উলিয়াব পাৰে কিন্তু সি তৃণমূল পর্যায়ত আঁচনি কার্যকৰীকৰণ আৰু দুর্নীতি কমোৱাৰ এক সৱল পদক্ষেপ হব সি নিশ্চিত৷
দেউতাই কোৱা শুনো, শৰৎ সিংহদেৱৰ আমোলত হেনো, সুলভ মূল্যৰ দোকান সমূহ পৰিচালনাৰ বাবেও স্থানীয় গ্ৰাহক, গঞা ৰাইজৰ এক সর্বদলীয় কমিটিৰ ব্যৱস্থা আছিল৷ সেই কমিটিয়ে কিমান বস্তু আহিছে, কিমান বিক্ৰী কৰা হৈছে, সকলো বস্তুৰ হিচাব ৰাখিছিল আৰু সমুখৰ ব্লেক বর্ডত ষ্টক লিখাৰ ব্যৱস্থা আছিল৷ সর্বদলীয় গোট হোৱাৰ বাবে বিশেষ ৰাজনৈতিক দলৰ প্ৰভূত্বত ব্যাঘাত জন্মিছিল আৰু সমালোচকৰ সদা-উপস্থিতিয়ে সকলো সুকলমে চলাত সহায় কৰিছিল৷ ৰাজহুৱা বিতৰণ ব্যৱস্থাত চলি থকা দুর্নীতি আৰু চাউল অহা নাই, কেৰাচিন অহা নাই বুলি সুলভ মূল্যৰ দোকানীৰ ভেকাহি শেষ কৰা আৰু মনে মনে ব্লেকত বিক্ৰী কৰাৰ বিপক্ষে এই ব্যৱস্থাৰ পুনঃপ্ৰতিস্থা হব পাৰে এক কার্যকৰী দৰৱ৷ আজিৰ তাৰিখত সুলভ মূল্যৰ দোকানখনৰ চাটাৰ বন্ধ কৰি থোৱাটোৱেই যেন নিয়ম হৈ পৰিছে৷ “এখন সুলভ মূল্যৰ দোকান লৈ লব পাৰিলে দোকান নোখোলাকৈয়ে মাহেকত লাল হৈ থাকিব পাৰি” এনে ধাৰণাৰ পৰা মুক্ত কৰিবৰ বাবে নাগৰিক সমাজৰ সৱল প্ৰদক্ষেপৰ প্ৰয়োজন নাইনে?
আজি অসমৰ ঠায়ে ঠায়ে কেৰাচিন বিস্ফোৰণ সংঘটিত হৈছে৷ মানুহ জ্বলি মৰিছে৷ জ্বলাৰ যান্ত্ৰণা কোনে অনুভৱ কৰিব পাৰে ! এইসকল সাধাৰণ মানুহৰ জীৱনলৈ ভাৰতীয় প্ৰগতিৰ পৰশত আজিও লাইট নোহোৱা, ৰন্ধন গেছৰ ব্যৱস্থা কৰিব নোৱাৰা অৱস্থা৷ চাওকচোন, এইখিনি মানুহে সন্ধিয়া চাকিটো, লেমটো জ্বলাবলৈকো প্ৰাণৰ সংশয়৷ কেতিয়া ফুটে কি ঠিক৷ কেৰাচিন বিস্ফোৰণত আহত সকলৰ বাবে আজিও কোনো চৰকাৰী সাহাৰ্য্যৰ কথা ঘোষণা নোহোৱাটো অতীৱ আচৰিত কথা৷ ৰাজহুৱা বিতৰণ বিভাগ তথা শোধনাগাৰৰ তথা বিতৰকৰ ভুলৰ বলি হৈ দেহা জ্বলি যোৱা এই সকলক যথেষ্ট ক্ষতি পূৰণৰ ব্যৱস্থা দিয়াৰ ব্যৱস্থা হবই লাগিব৷ (দোষীক বিচাৰি শাস্তি দিয়াটো বাৰু দূৰলৈকে থলো৷)
আজি সাধাৰণ মানুহ বা সজাগ মানুহৰ কণ্ঠ হৈ মাত মতা আন্না হাজাৰেৰ কথা নুশুনিবৰ বাবে ৰাজনৈতিক নেতা সকলে কিমানযে ফাল্টু হৈ-হাল্লা কৰিছে চাওকচোন৷ যি কেইজনে আন্নাক নির্বাচনত জয়ী হৈ আহি কথা কবাহি ধৰণৰ কথা কয়, সাধাৰণ মানুহৰ বাবে তেওঁলোকে পাঁচবছৰীয়া একছত্ৰী ঠিকা পাইছে ধৰণৰ মনোভাৱ প্ৰদর্শন কৰিছে, সেয়া এক দুর্ভাগ্যজনক কথা৷ বিল পাছ বা নীতি নিয়ম নির্দ্ধাৰণৰ বাবে নির্বাচিত জনৰহে কথা শুনা যাব বুলি দম্ভালি মৰা সকলে কিন্তু অর্থনৈতিক নীতি নির্ধাৰণৰ আগতে পুঁজিপতি বেপাৰী আম্বানী, টাটা, বিৰলা, মিট্টল, মহিন্দ্ৰাক মাতি আনি তেওঁলোকৰ শ্ৰুতলিপিতহে মানি চলে৷
এশ বেপাৰীৰ বেপাৰ আৰু চুপাৰ প্ৰফিটৰ যোগেদি এই দেশৰ উন্নতি হ’ব নে বাকী এশ বিশ কোটিৰ উন্নতিৰে দেশ চুপাৰ পাৱাৰ হব সেয়াই আজিৰ দিনৰ প্ৰশ্ন হৈ পৰিছে৷ এশ বেপাৰীয়ে হাতত জোৰ লৈ ইণ্ডিয়া ইংকৰ জয়যাত্ৰা কৰা বুলি গৌৰৱ কৰি আজি, সন্ধিয়া চাকি জ্বলাবলৈ গৈয়ো বিস্ফোৰণত দেহা জ্বলা সাধাৰণ মানুহৰ কথা আমি বাৰু পাহৰি যোৱা নাইনে?
সাধাৰণ মানুহৰ তথা মধ্যবিত্তীয় টেক্স-পেয়াৰ সকলৰ ওপৰত মাধমাৰ শোধোৱা আৰু কাণ নকৰা নীতিৰে গণৰাজ্য আজি এক যুগ-সন্ধিত থিয় হোৱাহি নাইনে?