এৰি অহা নগৰত এতিয়া দোভাগ নিশা -(কৌশিক দাস )

koushik das_poemএকু‌ৰি বছৰৰ পাছত হঠাতে মোৰ বাটত আহি পৰিল
সেই চিনাকী নগৰ
পুৱাৰ বেলিৰ তিৰবিৰণিত উজলি উঠিছে
নগৰৰ গম্বুজবোৰ
সৌৱা, সৌ কেঁকুৰীটোতে আছিল ৰহমানৰ চাহৰ দোকান,
আমাৰ যৌৱনৰ প্রথম আড্ডা
আড্ডাৰ আগেৰে পাৰহৈ গৈছিল
যুৱতী উপাসনা-উন্মনা-আৰাধনা-অভিলাসা,
স্তব্ধ হৈ গৈছিল জ্বলন্ত চিগাৰেট নাচি থকা
আমাৰ হাতবোৰৰ স্পন্দন
মুখখন ঘূৰাই কাহি কাহি পাৰহৈ গৈছিল ধনাই বু‌ঢ়া
আড্ডাৰ আগেৰে
আমাৰ হাতৰ জ্বলন্ত চিগাৰেটৰ পৰা আঁতৰাই নিছিল তেওঁ
কেটাৰেক্ট পৰা দুটি চকু
তেতিয়াই আমি চিঞৰিছিলোঁ
জোকাইছিলোঁ
লাখুটিডাল কা‌ঢ়ি লৈছিলোঁ
হয়, এয়াই সেই ৰহমানৰ চাহৰ দোকান,
আমাৰ যৌৱনৰ প্রথম আড্ডা
আকৌ আড্ডা মাৰিম !
আকৌ এবাৰ আড্ডা মাৰিম !
সেই আড্ডাত সৌৱা এতিয়া এদল নতুন ডেকা,
হাতে হাতে জ্বলন্ত চিগাৰেট
মুখখন ঘূৰাই দিওঁতেই কাহে ধৰিল
বুকুৰ ভিতৰৰ পৰা ওলাই আহিল গোটা কফ্‌
সিহঁতে এতিয়া 
চিঞৰিব
জোকাব‌
লাখুটিডাল কা‌ঢ়ি ল’ব
মই লৰি পলাবলৈ চেষ্টা কৰি কৰি
নৰ্দমা এটাত বাগৰি পৰিলোঁ
নগৰৰ নৰ্দমা-
একু‌ৰি বছৰৰ আৱৰ্জনা গেলি আছিল তাত
কোনোবা এম্বুলেঞ্চৰ অচিনাকী চালকে 
যেতিয়া মোক উলিয়াই আনিলে
তেতিয়া সেই এৰি অহা নগৰত দোভাগ নিশা !!

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!