এৰি থৈ অহা চহৰখন – উত্তম কলিতা

এখন নদী বুকুত সাৱটি জীপাল হৈ থাকে এখন প্ৰাচীন চহৰ
আৰু চহৰখন বুকুত সাৱটি জীপাল হৈ থাকোঁ মই,
কুঁৱলী সনা দুহাতেৰে মুখ ঢাকি ৰৈ থাকে এখন চিনাকি চহৰ
আৰু আঙুলি ফাঁকৰ ধূসৰ দৃষ্টিত অচিনাকি হৈ গৈ থাকোঁ মই৷
মোৰ উশাহ- নিশাহ বন্দী হৈ আছে এই চহৰৰ কোনোবা এটা উপপথত,
মোৰ কৈশোৰে বিচৰণ কৰি আছে এই চহৰৰ কোনোবা এটা উপপথত,
মোৰ যৌৱনে বিদ্ৰোহ কৰি উঠিছিল এই চহৰৰ কোনোবা এটা উপপথত,
মই মোৰ সতে চিনাকি হৈছিলোঁ আৰু হেৰুৱাই পেলাইছিলোঁ নিজকে এই চহৰৰ কোনোবা এটা উপপথত৷
স্মৃতিৰ কোঠালী দখল কৰি শুই থাকে এখন প্ৰাচীন চহৰ
আৰু চহৰখনৰ স্মৃতি সাৱটি অনিদ্ৰাত চটফটাওঁ মই৷
আজি ভঙ্গ কৰোঁ নেকি মোৰ স্ব-নিৰ্বাসনৰ চুক্তি…
চাওঁ নেকি পাখি লগা ঘোঁৰাত উঠি কেনেকৈ উৰি গ’ল সময়,
নদীৰ গৰা খহাদি কেনেকৈ খহি খহি শেষ হ’ল সময়,
দিখৌৰ ভটিয়নী সোঁতেৰে কেনেকৈ দূৰলৈ বৈ গ’ল সময় …
সুধি চাওঁ নেকি কাৰোবাক
এই চহৰতো জোনাক নামিছিলনে?
আছিল নে বসন্তৰ গান আৰু চকুলোৰ বান?
এই চহৰতো গোলাপ ফুলিছিলনে?
উৰিছিল নে পখিলা আৰু বিদ্ৰোহৰ নিচান?
এতিয়াও একেদৰেই আছেনে এই চহৰৰ চিনাকি নাগৰিক?
হাৰি হাৰি এতিয়াও শেষত জিকি যায়নে জীৱন যুঁজৰ অক্লান্ত সৈনিক?
এন্ধাৰৰ অৰণ্য একোখন পোহৰাবলৈ যিসকলে নিজকে জ্বলাইছিল মমৰ দৰে,
জিৰাবলৈ দি তেখেতসকলৰ আশীৰ্বাদৰ ছাঁত
এতিয়াও শিকাবনে আমাক জীৱনৰ আদিপাঠ?
ভিৰৰ মাজতো অকলশৰে দেখি আগবাঢ়ি আহিবনে কোনোবা বন্ধুৰ প্ৰসাৰিত দুহাত?
এখন নদী বুকুত সাৱটি জীপাল হৈ থাকে এখন প্ৰাচীন চহৰ
আৰু চহৰখন বুকুত সাৱটি জীপাল হৈ থাকোঁ মই,
কুঁৱলী সনা দুহাতেৰে মুখ ঢাকি ৰৈ থাকে এখন চিনাকি চহৰ
আৰু আঙুলি ফাঁকৰ ধূসৰ দৃষ্টিত অচিনাকি হৈ গৈ থাকোঁ মই৷■■

Leave a Reply

Your email address will not be published. Required fields are marked *

Copying is Prohibited!