এ হেণ্ডফুল অফ ডেটচ – মূল: তৈয়ব চালী- ভাবানুবাদঃ ৰাজশ্ৰী শৰ্মা

এ হেণ্ডফুল অফ ডেটচ্ ( A handful of dates)
মূলঃ তৈয়ব চালী, ইংৰাজী অনুবাদঃ ডেনিচ জনচন ডেভিছ
অসমীয়া ভাবানুবাদঃ ৰাজশ্ৰী শৰ্মা

মই চাগৈ সেই সময়ত নিচেই সৰু ল’ৰা আছিলোঁ। যদিও মোৰ তেতিয়া বয়স সঠিককৈ কিমান আছিল মনত নাই, কিন্তু মোৰ মনত আছে যে ককাৰ লগত ক’ৰবালৈ গ’লে মানুহে মোৰ মূৰত থপৰিয়াই বা গালত টিপি মৰম কৰিছিল। ককাক পিছে তেওঁলোকে তেনেকুৱা একো কৰা নাছিল। আচৰিত কথাটো হ’ল যে মই দেউতাৰ লগত কেতিয়াও ফুৰিবলৈ যোৱা নাছিলোঁ। আচলতে মই ৰাতিপুৱা মছজিদলৈ কোৰাণ পঢ়িবলৈ যোৱাৰ বাহিৰে দিনটোৰ বেছি সময় ককাৰ সৈতে তেওঁৰ কামত লগৰী হৈ ঘূৰি ফুৰিছিলো।
মছজিদটো, নদীখন আৰু পথাৰখন- এইকেইটা লৈয়েই আমাৰ পৃথিৱীখন ঘুৰিছিল। মোৰ সমনীয়াবোৰে কোৰাণ পঢ়িবলৈ যাবলৈ বেয়া পাইছিল, মই আকৌ বৰ ভাল পাইছিলোঁ। মোৰ মনৰ পৰা নতুন কথা শিকাৰ উৎসাহটোৱেই ইয়াৰ প্ৰধান কাৰণ আছিল। কোনোবা আহিলে শ্বেখ চাহাবে মোক থিয় হৈ দয়া-পৰৱশতাৰ অধ্যায়টো মুখস্থ মাতিবলৈ দিছিল। সেয়া শুনি তেওঁলোকেও মোক গালত ককাৰ লগৰ মানুহখিনিৰ দৰে মৰম কৰিছিল।
সঁচাকৈয়ে মছজিদটো মোৰ বৰ মৰমৰ আছিল, আৰু নদীখনো। ৰাতিপুৱা কোৰাণৰ পাঠ শেষ কৰিয়েই মই ফলিখন দলিয়াই দৌৰি আহি মাৰ ওচৰ পাওঁ। মায়ে যতনাই দিয়া জলপান খিনি কোনোমতে নাকে-কাণে গুজিয়েই নদীখনত জঁপিয়াবলৈ লৰ ধৰোঁ। সাঁতুৰি সাঁতুৰি ভাগৰ লাগিলে পাৰত বহি চাই ৰৈছিলোঁ নৈখনৰ একাঁ বেঁকা সোঁতবোৰ, নৈখন পূবমুৱাকৈ বৈ গৈ দূৰৰ একাচিয়া উদ্ভিদৰ হাবিখনত সোমাই গৈছিল। বহুত ধৰণৰ কল্পনা কৰিছিলোঁ তেতিয়া। যেনে হাবিখনত ঢেৰ দৈত্য আছে, জোঙা নাক, দীঘল আঙুলি আৰু সিহঁতৰ মোৰ ককাৰ দৰে দীঘল দীঘল দাঢ়ি আছে! মোৰ এইবোৰ অন্ত নোহোৱা প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ ককাই প্ৰত্যেকবাৰ নিজৰ নাকৰ আগটো খজুৱাই লৈছিল, ককাৰ দাঢ়িও আছিল ধকধকীয়া বগা। এনেকুৱা বিতোপন শুকুলা বস্তু আৰু মই দ্বিতীয়টো দেখাও নাছিলোঁ তেতিয়ালৈকে। ককা বেছ ওখও আছিল। কাৰণ আমাৰ ওচৰ-পাঁজৰৰ আটায়ে ককাক মূৰ তুলিহে কথা কৈছিল। ককাই ঘৰবোৰত সোমোৱাৰ সময়তো যথেষ্ট চাপৰিহে সোমাব লাগিছিল। মই কল্পনা কৰিছিলোঁ যে এদিন ময়ো ককাৰ দৰেই ঋজুদেহী, ওখ-পাখ সন্মানীয় মানুহ হ’ম, দীঘল দীঘল খোজেৰে চাৰিওপিনে খোজ কাঢ়ি ফুৰিম!
মই ভাৱোঁ যে ময়ো কিজানি তেওঁৰ প্ৰিয় নাতি আছিলোঁ, এনেও মোৰ সম্পৰ্কীয় আটাইকেইটা ভাই-ককাইৰ ভিতৰত মোৰেই মগজুটো ভাল আছিল। সিহঁত বৰ অঁকৰামুৱা আছিল। ময়েই কেৱল বুজি পাইছিলোঁ ককাই কেতিয়া মই হঁহাটো বিচাৰে বা কেতিয়া মনে মনে বহি থকাটো বিচাৰে। তেওঁৰ নামাজৰ সময়খিনিও মই জানিছিলোঁ। জায়নামাজখন যতনাই দিছিলোঁ, অজু কৰিবলৈ পানীও ওচৰতে থৈছিলোঁ। আন কামত ককা ব্যস্ত নাথাকিলে মই কোৰাণ পাঠ কৰি শুনাই তেওঁক আনন্দ দিছিলোঁ। তেওঁৰ চকুৱে মুখে মোক লৈ গৰ্ব উপচি পৰিছিল তেতিয়া।
এদিনাখন মই ককাক আমাৰ ওচৰৰে মাচুদ কাৰ বিষয়ে সুধিছিলোঁ। মই ক’লোঁ,-“ককা, আপুনি আমাৰ ওচৰৰ মাচুদকাকাক ভাল নাপায় যেন লাগে দেখোন।”
“সি, মহা অকৰ্মণ্য এটা। মই তেনেকুৱা মানুহ একেবাৰে ভাল নাপাওঁ।”নাকৰ আগটো লাহেকৈ খজুৱাই ককাই উত্তৰ দিছিল।
“অকৰ্ম্মণ্য মানে?”
ককাই তেতিয়া অলপপৰ ভাবিলে, আমাৰ সন্মুখৰ বিশাল পথাৰখন এক্ষন্তেক চালে। তাৰ পাছত ক’লে,- “চা, সৌ মৰুভূমিৰ সীমাৰ পৰা ইফালে নীল নদীৰ পাৰলৈ এই প্ৰায় এশ পূৰামান মাটি, খেজুৰৰ বাৰী গোটেইখন। লগতে লাগনি গছো বহুত। দেউতাক ঢুকুৱাৰ পাছত আটাইখিনি মাচুদৰে হ’ল।”
ককা মনে মনে থকাৰ সময়খিনিত মই ভাবিলোঁ এই ক’লা মাটিত গজা খেজুৰৰ মালিক যিয়েই নহওঁক লাগিলে মোৰ কি! মোৰ কথা হ’ল মই এই পথাৰখনত খেলিব পালেই হ’ল!
ককাই ক’ব ধৰিলে, -“শুন, আজিৰ পৰা চল্লিছ বছৰ আগতে কিন্তু এই গোটেইখিনি মাচুদৰে আছিল, কিন্তু এতিয়া তাৰে তিনিভাগৰ দুভাগেই মোৰ।”
মই তেতিয়াহে এইটো কথা গম পালোঁ। কাৰণ মই ভাবিছিলোঁ যে এইখিনি মাটিৰ মালিক অতীজৰে পৰাই আমাৰ ককাই আছিল।
“মই যেতিয়া প্ৰথম এইখন গাঁৱলৈ আহোঁ, তেতিয়া এবিঘা মাটিও মোৰ নাছিল। আটাইখিনিৰে মালিক আছিল মাচুদ। লাহে লাহে দিন সলনি হ’ল। আৰু আল্লাই কৰিলে সি সিপুৰীলৈ যোৱাৰ আগতে বাকীখিনিও ময়ে কিনি পেলাম।”
ককাৰ কথাবোৰ শুনি কিয় জানো মোৰ বৰ ভয় লাগিছিল। মাচুদকালৈ বৰ দুখ লাগিছিল। ককাই কোৱাটো সঁচা নহ’বলৈ আশা কৰিছিলো। মাচুদ কাকাই মাৰা জলপ্ৰপাতৰ দৰে হাঁহিটো, সুৰীয়া মাতেৰে গোৱা গানবোৰ মনত পৰিছিল। আমাৰ ককাক আমি কেতিয়াও হঁহা দেখা নাছিলো।
মই মাচুদকায়েনো কিয় মাটিবোৰ বিকিলে সুধিলোঁ।
“তিৰোতা!” -ককাই অপৰিসীম ঘৃণাৰে উচ্চাৰণ কৰিলে। “মাচুদে বহুকেইজনী তিৰোতাক বিয়া কৰাইছিল। প্ৰত্যেকখন বিয়াতেই দুই-এপুৰাকৈ মাটি বিকি আছিল।”
মই মনতে হিচাপ কৰিলোঁ, তেনেকৈ হ’লেও দেখোন মাচুদকাকাৰ কমেও নব্বৈজনী ঘৈণীয়েক থাকিব লাগিছিল। তেনেকুৱাতে মনলৈ আহিল মাচুদকাকাৰ ঘৈণী তিনিজনী, তেওঁৰ খোৰা গাধটো, তাৰ ফটা-ছিটা পিঠিত দিয়া কাপোৰখন, তেওঁৰ উঁৱলি যোৱা শতচ্ছিন্ন গাত লোৱা চোলাটো! এইবোৰ ভাবি থাকোঁতেই দেখিলো খোদ মাচুদ কাকাই আমাৰ ঘৰলৈ আহি আছে। ককাই এবাৰ মোৰ মুখলৈ চালে।
“আমি আজি খেজুৰ পাৰিম, আপুনি আহিব নেকি?” – মাচুদকায়ে সুধিলে।
মোৰ এনে লাগিল তেওঁ যেন ককা নগ’লেহে ভাল পাব, কিন্তু ককা জাঁপ মাৰি বহাৰ পৰা উঠিল। তেওঁৰ চকুদুটা জিলিকি উঠিল আৰু মোকো হাতত ধৰি টানি তুলিলে। সোনকালেই আমি আটায়ে খেজুৰ কটা ঠাইডোখৰ পালোঁহি। কোনোবা এজনে ককাক চামৰা লগোৱা টুল এখন বহিবলৈ বুলি দি গ’ল। মই কাষত থিয় হৈয়েই থাকিলোঁ। মানুহো ভালেকেইজন গোট খাইছিল তাত। আটায়ে মোৰ চিনাকি আছিল যদিও মই মাচুদকাকালৈহে চাই আছিলো। তেওঁ মানুহ বোৰৰ পৰা আলেঙে- আলেঙে থাকি এনে ভাৱত আছিল যেন এইবোৰৰ লগত তেওঁৰ কোনো ধৰণৰ লেঠা নাই, ইপিনে যে মালিক তেঁৱেই আছিল। মাজে মাজে মাত্ৰ খেজুৰৰ ঠোক মাটিত পৰিলে তেওঁ মূৰ তুলি ওপৰলৈ চায়।
এবাৰত ল’ৰা এটাই এডাল গছৰ একেবাৰে ওপৰত উঠি লৈ কাঁচিখনেৰে ঠোক কাটোঁতে তেওঁ চিঞৰি উঠিল,- “ঐ ল’ৰা, চাবি কিন্তু! ঠাৰিডালত হে কাটিবি, গুটিৰ বুকুত ঘাঁ লগাই নেপেলাবি।” কিন্তু তেওঁৰ চিঞৰ-বাখৰক আনবোৰে ইমান প্ৰয়োজনীয় বুলি ভৱা নাছিল। ল’ৰাটোৱেও গছৰ একেবাৰে ওপৰত উঠিয়েই ঘপিয়াই থাকিল। এবাৰত ঠোকটো হুৰুস কৈ আহি মাটিত পৰিল।
মোৰ পিছে মনত ‘গুটিৰ বুকু’ কথাটো বাজি থাকিল। ভাবিলোঁ, – গছজোপাৰো জীৱ আছে, চকুৰ আঁৰত কলিজা এটায়ো ক’ৰবাত ঢপঢপাই আছে কিজানি! মনত পৰিল, মই সৰু থাকোঁতে এবাৰ মাচুদকায়ে কৈছিল,-” সোণটো, এই গছবোৰৰো প্ৰাণ আছে, ইহঁতৰো দিল আছে, সুখ আছে দুখ আছে; ইহঁতো ইনচান।” মোৰ ভিতৰি ভিতৰি বৰ লাজ লাগিছিল।
সন্মুখলৈ চাই দেখোঁ মোৰ বন্ধুবোৰে পৰুৱাৰ জাকৰ দৰে খেজুৰৰ তলে তলে ঘূৰি ফুৰিছে খেজুৰ বুটলি। এঠাইত খেজুৰবোৰ দম দমকৈ ভগোৱা হৈছে। ডাঙৰ খৰাহীৰে বস্তাত ভৰাইছে, ত্ৰিশ বস্তালৈকে গণিব পাৰিলোঁ। লাহে লাহে মানুহ কমি আহিল, হুছেইন নামৰ বেপাৰীজন, আমাৰ পূবলৈ থকা বাগানখনৰ গৰাকী মৌচা আৰু আগতে নেদেখা দুজনমান মানুহহে বাকী থাকিল।
মিহি মিহিকৈ নাক বাজি থকা শুনি মই ঘূৰি চাই দেখিলোঁ যে ককাৰ টোপনি আহিছে। ইপিনে মাচুদে আগৰ দৰেই ইফাল-সিফাল কৰি আছে। মুখত খেজুৰ দুটামান ঠানিৰে সৈতে ভৰাই লৈ এনেকৈ চোবাই আছে যেন পেটটো ফুলিহে আহিছে, মুখত থকাখিনি পেলাবয়ে নে গিলিয়ে থ’ব ঠিকেই কৰিব পৰা নাই।
হঠাতে ককা জাঁপ মাৰি উঠিল আৰু খেজুৰৰ বস্তাবোৰৰ কাষ পালেগৈ! তেওঁৰ পিছে পিছে হুছেইন, আমাৰ কাষৰ বাগানখনৰ মালিক মৌচা আৰু সেই অচিনাকি মানুহ দুজন। মাচুদকালৈ চালোঁ, তেঁৱো লাহে লাহে সেইফালেই আহি আছিল‌। যেন মনেৰে তেওঁ ঘূৰিহে যাব বিচাৰিছে, কিন্তু ভৰিদুখনে কোনোমতেহে টানি টানি আনিছে ঠিক তেনেদৰে। মানুহ কেইজনে বস্তাকেইটা চালে, দুটামান খেজুৰো চোবাই চালে। ককাই মোকো এমুঠি দিলে। মই সেইকেইটা চোবাই চোবায়েই মাচুদকালৈ লক্ষ্য কৰিলোঁ। দুয়োহাতেৰে একাঁজলি খেজুৰ লৈ নাকৰ ওচৰলৈ নি গোন্ধ লৈ আকৌ থৈ দিলে।
এইবাৰ আটায়ে বস্তাবোৰ ভগাবলৈ ধৰিলে। হুছেইনে ল’লে দহবস্তা, মৌচাই ল’লে পাঁচ বস্তা, অচিনাকি মানুহ দুজনেও পাঁচ পাঁচকৈ ল’লে আৰু আমাৰ ককায়ো ল’লে পাঁচ বস্তা। একো বুজি নাপাই মই মাচুদকাৰ মুখলৈ চালোঁ। কি কৰোঁ কি নকৰোঁ কৈ তেওঁ কেৱল চকুকেইটা পিৰিক-পাৰাক কৰি আছিল।
“তুমি এতিয়াও মোক পঞ্চাশ পাউণ্ড দিবলৈ আছা কিন্তু। বাকী কথা পিছত পাতিম।” -ককাই তেওঁক ক’লে। হুছেইনৰ লগুৱা কেইটাই গাধটো আনিলে, অচিনাকি দুজনে ঊঁট আৰু বস্তাবোৰ বোজাই কৰি দিলে। গাধটোৰ বিকট চিঞৰত ঊঁটকেইটাই নিজৰ আপত্তি দেখুৱালে আৰু নিজবাট ল’লে। মই মাচুদকাৰ কাষলৈ যাব খুজিছিলোঁ, তেওঁৰ শতচ্ছিন্ন কাপোৰৰ আগটো চুই চাবলৈ বৰকৈ মন গৈছিল মোৰ। তেওঁৰ ডিঙিয়েদি কচাইৰ সন্মুখত থিয় দি থকা ছাগলীটোৰ দৰেই কিবা এটা শব্দ বাহিৰ হ’ল। মোৰো বুকুখন যেন কিহবাই ঠাহ মাৰিহে ধৰিলে। ডিঙিটোত সোপা মাৰি ধৰা যেন অনুভৱ হৈছিল মোৰ তেতিয়া।
মই যিমান জোৰেৰে পাৰোঁ তাৰপৰা দূৰলৈ দৌৰ মাৰিলো। পিছফালৰ পৰা ককাই মোক চিঞৰি মাতোঁতে অলপ ৰৈছিলোঁ যদিও আকৌ মই নিজৰ বাটত দৌৰি থাকিলোঁ। সেই মূহুৰ্তত মোৰ তেখেতলৈ তীব্ৰ ঘৃণা উপজিছিল। তাৰপৰা যিমান জোৰে পাৰোঁ দৌৰি মই যেন পলাবহে বিচাৰিছিলো। বুকুখন কিবা এটা অদৃশ্য বোজাৰে গধুৰ হৈ পৰিছিল মোৰ।
একাচিয়া গছৰ হাবিখন পাৰ হৈয়েই আপোন নৈখনৰ ভাঁজখিনিৰ ওচৰ পায়েই মই নাজানো কিয় ডিঙিলৈ আঙুলি সুমুৱাই অলপ আগতে খোৱা সেই খেজুৰ মুঠি বমি কৰি উলিয়াই দিলোঁ।

০০০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments