ঐ ধুনীয়া ছোৱালী (উৎপল খাটনীয়াৰ)

ঐ ধুনীয়া ছোৱালী,
তোমাৰ জাজ্বল্যমান চাৱনিত
মোক জ্বলি চাৰখাৰ হ’বলৈ দিয়া।
বুকুৰ মাজত ক্রমাৎ বাঢ়িবলৈ ধৰা
বেদনাৰ জল্লোচ্ছ্বাসখিনিক
তুমিয়ে আহি ভেটা দিয়া।
তোমাৰ জাজ্বল্যমান চাৱনিত
মোক জ্বলি চাৰখাৰ হবলৈ দিয়া।
ঐ ধুনীয়া ছোৱালী,
কিমান আওৰাম আৰু
অপেক্ষাৰ নেওতা!
অসহনীয় জীৱনৰ কাঁচিদৰীয় অপাঙ্গবোৰ
তোমাৰ অবৰ্ত্তমানত।
কোনেও নুশুনাকৈ এবাৰ উচুপিব পৰা হ’লে
তোমাৰেই কোলাত মুখ গুজি
আৰু তুমি জুমি জুমি চালাহেঁতেন
মোৰ হৃদয়ৰ স্পৰ্শকাতৰ যন্ত্রনাবোৰ!
এবাৰলৈ মাথোঁ এবাৰলৈ সিঁচি দিয়া
মোৰ এই তপত চকুপানীত
এমুঠি আশাৰ পানচৈ।
ঐ ধুনীয়া ছোৱালী,
তোমাৰেই লাজুকী হাঁহিত
গুণগুণাইছিলোঁ এমুঠি প্রেমৰ গান, প্রেমৰ কবিতা।
তোমাৰ বুকুৱেদি বৈ যোৱা নৈখনত
সাঁতুৰি-নাদুৰি,ককবকাবলৈ মন গৈছে মোৰ।
নিজকে জ্বলাই নিঃশেষ কৰিবলৈ মন গৈছে,
তোমাৰ হৃদয়ৰ কোঠালীয়ে কোঠালীয়ে আগবঢ়া
জেদ আৰু অহংকাৰৰ মাজত।
ঐ ধুনীয়া ছোৱালী,
তোমাৰ জাজ্বল্যমান চাৱনিত
মোক জ্বলি চাৰখাৰ হবলৈ দিয়া।
বুকুৰ মাজত ক্রমাৎ বাঢ়িবলৈ ধৰা
বেদনাৰ জল্লোচ্ছ্বাসখিনিক
তুমিয়ে আহি ভেটা দিয়া
তোমাৰ জাজ্বল্যমান চাৱনিত
মোক জ্বলি চাৰখাৰ হবলৈ দিয়া।
—–**—–

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
10 years ago

..pohi bhal lagil…!
______shared in my page-
http://www.facebook.com/gamkharu

Copying is Prohibited!