ওপঙা হাঁহটো – পুলকেশ শৰ্মা
প্ৰতিযোগিতা! আজিৰ দিনত এই শব্দটিৰ প্ৰাসংগিকতা বহুত৷ ল’ৰা-ছোৱালীক ভাল স্কুলত নাম লগাই দিয়াৰ প্ৰতিযোগিতা, ধনী হোৱাৰ প্ৰতিযোগিতা, ডাঙৰ গাড়ী লোৱাৰ প্ৰতিযোগিতা, যেন ডাৰউইনৰ বিখ্যাত সূত্ৰৰ নিৰ্মোহ প্ৰতিফলন “Survival of the fittest”৷ প্ৰতিযোগিতাৰ দৌৰাত্মত আমি পাহৰি গৈছো সফলতাৰ সংজ্ঞা৷ মহানগৰীত থকা চাৰিমহলীয়া অট্টালিকা নতুবা এখন দামী গাড়ীয়ে সফলতা নুসূচায়৷ সফলতা বা success এটা বৰ আপেক্ষিক বস্তু৷ কাৰোবাৰ সফলতা কাৰোবাৰ বিফলতাও হব পাৰে৷ আমি দৈনন্দিন জীৱনৰ পৰা বহুত উদাহৰণ লৈ সফলতা বা success ৰ সংজ্ঞা নিৰূপণ কৰিব পাৰো৷
মোৰ গাঁৱৰ ল’ৰা এজনৰ কথা কব বিচাৰিছোঁ৷ দেউতাক আছিল কাঠ মিস্ত্ৰী৷ বিভিন্ন ৰোগত আক্ৰান্ত দেউতাকে পিছলৈ একো কাম কৰিব নোৱাৰা হ’ল৷ তথাপি অদ্ভুত পৰিশ্ৰমৰ মাজেদিও মাক আৰু দেউতাকে পৰিয়ালটো চম্ভালি লোৱাৰ চেষ্টা কৰিছিল৷ বতাহ বা বৰষুণ দিলে সিহঁত উজাগৰে আছিল৷ কাৰণ বতাহৰ লগত যুদ্ধ কৰিব পৰা ঘৰ নাছিল সিহঁতৰ৷ বিজুলীৰ ব্যৱস্থা নাছিল৷ আকাশৰ তৰাই সিহঁতৰ ঘৰৰ মজিয়া পোহৰাইছিল৷ বহু সময়ত মোৰ মা দেউতাই সহায় কৰিলেও সিহঁতে ৰাতিৰ পিছত ৰাতি খালী পেটে শোৱাৰ কথাও মই জানো৷ মাক দেউতাক আৰু তিনিটা ল’ৰা-ছোৱালীৰ সংসাৰ খনত দৈন্য মই ভালদৰেই দেখিছো৷ মোৰ মনত পৰে সৰুতে মাই কেনেকে চেকনি লৈ মোৰ পিছে পিছে দৌৰিছিল “বাবা অলপ পঢ়া শুনাত মন দে বুলি”৷ আজি উপলব্ধি কৰো যে মাই তেনেকৈ মোৰ পিছত নপৰিলে হয়তো মই আজিৰ অৱস্থা নাপালোহেঁতেন, কাৰণ মাৰ চেকনিৰ ভয়তেই মোৰ পঢ়া মেজখনৰ লগত দেখা দেখি হৈছিল৷ মোৰ নিজৰ বৰ বিশেষ ধাউতি নাছিল৷ কিন্তু মই যেতিয়া সেই দৰিদ্ৰ ঘৰখনৰ কথা ভাবো, কিনো আছিল সিহঁতৰ পৰিবেশ, য’ত মাক দেউতাকে পঢ়া শুনা কৰিবলৈ কহানিও কোৱা নাছিল, কিন্তু ডাঙৰ লৰাটোৱে প্ৰথম বিভাগত মেট্ৰিক পাছ কৰিছিল৷ এয়া আজিৰ পৰা পচিশ বছৰমান আগৰ কথা৷ কিবা কঠিন নৰিয়াত দেউতাক ঢুকোৱাৰ খবৰ পাইছিলো৷ লাহে লাহে লৰাই বি এচ ছি পাছ কৰিলে৷ কেইমাহমান আগত মই গাঁৱলৈ গৈছিলো৷ ল’ৰাজন এতিয়া গাঁৱৰ ওচৰৰ স্কুল এখনৰ মাষ্টৰ আৰু এজনী ছোৱালীৰ দায়িত্বশীল পিতৃ৷ ভনীয়েকক বিয়া দিলে৷ বুঢ়ী মাকক জীৱনৰ শেষ সময়খিনি আৰামেৰে কটাবলৈ সকলো সুবিধা কৰি দিছে৷ ছোৱালীজনীক এটা আপোচবিহীন ভৱিষ্যত দিয়াৰ পৰিকল্পনা কৰিছে৷ আৰু চৰকাৰী সহায় নোহোৱাকৈ ধুমুহাৰ লগত যুঁজিব পৰাকৈ এটা ঘৰ সাজি উলিয়াইছে৷ আজি তাৰ পাৰ কৰি অহা উজাগৰী নিশাবোৰ হয়তো কিছুমান পাহৰিব নোৱাৰা স্মৃতি মাথোঁ৷ মোৰ মনটো ভাল লাগি গৈছিল৷ মাজে মাজে ভাবো এয়াই সফলতা নহয়নে!
সফলতা বুজিবলৈ আমি আম্বাণী বা টাটাৰ কহিনী পঢ়িব নালাগে৷ আমাৰ আশে পাশে ঘটি থকা কিছুমান ঘটনাৰ সঠিক বিশ্লেষণ কৰিয়েই সফলতাৰ ব্যাখ্যা আগঢ়াব পাৰি৷ যিটো উঠি অহা ল’ৰা-ছোৱালীৰ বাবেও realistic আৰু easy to follow হয়৷ এখোপ আগুৱাই গৈ আব্দুল কালামদেৱে কৈছিল “Don’t read success stories, you will get only a message. Read failure stories, you will find some ideas to get success”. আজিৰ সমাজখনত যেনেকে সুখৰ সংজ্ঞাৰ পৰিবৰ্তন হৈছে, সফলতাক লৈও misconception আছে৷ আজিৰ দিনত আমাৰ ভিতৰৰ অহংকাৰখিনিক যদি সন্তুস্ত কৰিব পাৰো বা ভিতৰৰ ঈৰ্ষাখিনিক যদি সন্তুষ্ট কৰিব পাৰো আমি সুখী৷ ভাল দৰমহাৰ চাকৰি এটা হলেই সফল৷ আচলতে নহয়৷ অসমৰেই IAS officer এজনে আত্মহত্যাৰ পথ বাছিলোৱা ঘটনাটো সৌ সিদিনাৰ৷ Blue Whale খেলি কিশোৰৰ মৃত্যু হোৱাৰ খবৰো আজি সহজলভ্য৷ কৰবাতটো কিবা কেৰোণ আছে৷ মই ভাবো সুখ আৰু সফলতাৰ প্ৰকৃত ব্যাখ্যাৰ প্ৰয়োজন আছে৷
স্বামী বিবেকানন্দৰ লিখনি এটাৰ অসমীয়া অনুবাদ এনে ধৰণৰ, “অনন্ত ধৈৰ্য্য, অখণ্ড পবিত্ৰতা আৰু অসীম অধ্যৱসায়ে জীৱনৰ মহৎ উদ্দেশ্য সাধিত কৰে৷ “কৰবাত পঢ়া মোৰ মনত পৰে “shortcut to success is extreme hardwork and extreme patience”.সফলতা বাহ্যিক নহয়৷ সফল হোৱা জনেহে অনুধাৱন কৰিব পাৰে সফল হোৱাৰ আনন্দ৷ সফলতা বা সুখৰ মাপকাঠি স্থাৱৰ বা অস্থাৱৰ সম্পত্তিৰ দ্বাৰা কৰাটো অনুচিত৷ এনেকুৱা হলে অসমৰেই জেলত থকা দুৰ্নীতিৰে অৰ্থৰ পাহাৰ গঢ়া সদাগৰ সকল হবগৈ একো একোজন সফল ব্যক্তি৷ কিন্তু দুখৰ বিষয় যে এয়াই হবলৈ গৈ আছে৷ আৰু ইয়াৰ বিৰূপ প্ৰভাব নতুন প্ৰজন্মৰ ওপৰত পৰিছে৷
মই নিজকে সৌভাগ্যৱান বুলি ভাৱো কাৰণ সৰুকালছোৱা মই গাঁৱত অতিবাহিত কৰিছো৷ সেই সামাজিক মূল্যবোধ, পৰিবেশ, খাদ্য আজি পাবলৈ টান৷ যা হওক মূল কথালৈ আহোঁ৷ আমাৰ গাঁৱৰ ঘৰৰ সম্মুখত এটা ডাঙৰ পুখুৰী আছিল৷ পুখুৰীটো আজিও আছে৷ ওচৰৰ হাঁহবোৰ প্ৰায়ে আমাৰ পুখুৰীত চৰিব আহিছিল৷ পুখুৰীপাৰত বহি মোৰ হাঁহকেইটাক লৈ কৌতূহলৰ অন্ত নাছিল৷ কিমান সহজে আৰু আনন্দেৰে সিহঁত পানীত ওপঙি থাকে৷ মই দেউতাক জনাইছিলো মোৰ কৌতূহলৰ কথা৷ এদিন দেউতাই পুখুৰীত মাছ মাৰিবলৈ যাওঁতে লগত মোক লৈ গৈছিল৷ হাঁহ এটা তেতিয়াও পানীত ওপঙি আছিল৷ দেউতাই মোক হাঁহটোৰ বিৰামহীন ঠেং দুখনলৈ আঙুলিয়াই দিছিল৷ মই দেখিছিলো পানীত ওপঙি থাকিবলৈ হাঁহটোৱে কৰা আবিৰাম সংগ্ৰাম৷ আজিও সফলতাৰ কথা ওলালে মোৰ মনত পৰে সেই ওপঙা হাঁহটোৰ কথা৷
মোৰ দৃষ্টিত স্থায়ী সফলতা (sustainable success) হল ওপঙা হাঁহটোৰ দৰে, যি শান্তভাবে সহজেই পানীত ওপঙি থকা যেন লগে যদিও তাৰ পানীৰ তলত থকা ঠেং দুখনৰ অবিৰাম চেষ্টাৰ কথা কোনেও নাজানে৷