ওমলা ঘৰৰ কথা (অনামিকা বৰুৱা)
: পাৰ হৈ যোৱা সময়খিনি হ’ল অতীত যাক মই পাব নোৱাৰোঁ| আহিব ধৰা সময়খিনি হ’ল ভৱিষ্যত যাৰ বিষয়ে মই একো নাজানো| মোৰ হাতৰ মুঠিত থকা সময়খিনিয়েই হ’ল বৰ্তমান যাক মই মোৰ ইচ্ছামতে নিয়ন্ত্ৰণ কৰিব পাৰো| এই যে আজি, কালি আৰু কাইলৈ এই তিনিকালক কিহে বান্ধি ৰাখিছে জানা নে? ’কৰ্ম’ই| আজি তুমি যি কৰিবা সেয়া এদিন অতীত হ’ব| আৰু ’আজি’ক ভৰ কৰিয়েই এদিন তোমাৰ ভৱিষ্যতে গঢ় লৈ উঠিব| সময় আগবাঢ়িব| আজিৰ পৰা গৈ যিদিনা তুমি ভৱিষ্যতত ভৰি থবা সিদিনা এটা সুন্দৰ অতীত সুঁৱৰি তোমাৰ ভাল লাগিব| গতিকে বাবা এইটো তোমাৰ জীৱন গঢ়াৰ সময়| তুমি এজন ছাত্ৰ| এজন শিকাৰু| পৰীক্ষা কৰি চাব পৰাকৈ তোমাৰ এতিয়াও ইমান অভিজ্ঞতা নাইহোৱা যে তুমি নিজাববীয়াকৈ কিবা সিদ্ধান্ত ল’বা| ভালকৈ পঢ়া| তাৰ বাহিৰে তোমাৰ আৰু বেলেগ কাম নাই|
: পঢ়ি ভাল নালাগে মা| সেই একেসোপাকে আৰু কিমান পঢ়িম! ব’ৰিং কাৰবাৰ|
: ভালতো নালাগেই বাবা| পঢ়ি কোনে ভালপায়! কিন্তু নপঢ়িলেওটো নহ’ব| কাৰণ ভাৰতত শিক্ষাৰ ব্যৱস্থাটোৱে এনেকুৱা যে আক্ষৰিক শিক্ষাৰ আনুষ্ঠানিক মানপত্ৰ এখন নহ’লে ভৱিষ্যতে তোমাৰ উন্নতিৰ সকলো পথ ৰুদ্ধ| গতিকে আন যিয়েই নকৰা পঢ়িব লাগিব|
: তুমি নিজে একেৰাহে কিমান সময় পঢ়িছিলা মা?
: মই কেতিয়াও বেচি সময় নপঢ়িছিলো বাবা| কাৰণ স্কুল-কলেজত ক্লাচ কৰোঁতেই মই মোৰ পঢ়া লগে লগে সম্পূৰ্ণ কৰি লৈছিলো| একেৰাহে বহুত সময় বহি পঢ়াৰ ধৈৰ্য্য মোৰ নাছিল|
: তুমি বহুত চোকা আছিলা?
: চোকা নহয় কিন্তু যিখিনি পঢ়িছিলো পাৰিছিলো|
: তুমি টিউচন লৈছিলা?
: টিউচন লোৱা দূৰৰ কথা মই নতুন কিতাপেই কিনি নাপালো কোনোদিনে| মামাই মোতকৈ এক শ্ৰেণী ওপৰত পঢ়িছিল| গতিকে মামাৰ কিতাপবোৰেই মই পঢ়ি গৈছিলো| বহীও পুৰণা বহীৰ পাত থাকি গ’লে সেইবোৰ উলিয়াই লৈ বহী চিলাওঁ| তাৰ পাছত আৰু লগা হ’লে বগা দিস্তা কাগজ আনি পাতবোৰ সমান জোখত ভাঁজ কৰি থৈ দিওঁ| ৰাতি ককাই ডিউটিৰ পৰা আহি বহী চিলাই কৰি দিয়ে| তোমালোকৰ দৰে আমি সকলোবোৰ বস্তু উভৈনদীকৈ পোৱা নাছিলো| বৰমাই দুবাৰমান টিউচন লৈছিল| মামাই কিন্তু ক্লাচ চিক্সৰ পৰাই অংক আৰু ইংৰাজীত সদায় টিউচন লৈছিল| আচ্ছা তুমি যে ক’লা ব’ৰিং কাৰবাৰ, ব’ৰ মানে আচলতে কিনো? মানুহে বিৰক্তিবোধ কৰে| মানুহৰ আমনি লাগে| কিন্তু তোমালোকে যেতিয়াই তেতিয়াই হকে নহকে কথাই কথাই খালি ব’ৰ হোৱা যে? আজিকালি ভণ্টিয়েও কয় ব’ৰ হৈ গৈছো| তোমালোককনো লাগে কি?
: আমাৰ পচন্দমতে চব কৰিবলৈ পাব লাগে|
: যেনে?
: খেলা-ধূলা, ঘূৰা-ফুৰা, পঢ়া-শুনা নাই খালি মস্তি আৰু টাইম পাচ্|
: তাকে কৰিবলৈ পালে হৈ যাব?
: ওঁ হৈ যাব|
: ওহোঁ নহ’ব|
: কিয় নহ’ব?
: চোৱা, জীৱ জগতত মানুহেই একমাত্ৰ এনে প্ৰাণী যাক সৰলীকৰণ কৰা নাযায়| যেনেকৈ গৰুৱে ঘাঁহ খায়, ঘোঁৰাই দৌৰে, কুকুৰে ভুকে, মেকুৰীয়ে মিঁউ মিঁউ কৰে ন| এই যে গৰু, ঘোঁৰা, কুকুৰ, মেকুৰী বুলি কওঁতে ইহঁতৰ শাৰীৰিক অবয়ৱটোৰ লগতে ইহঁতৰ চাৰিত্ৰিক বৈশিষ্ট্যবোৰো মনলৈ আহে| কিন্তু মানুহ বুলি ক’লে শাৰীৰিক অবয়ৱটোৰ বাদে মানুহৰ মাজত তুমি আন একোৰে মিল নোপোৱা| খুব সাধাৰণ ভাবে তুমি ভাবা মানুহে কি খায় বুলি সুধিলে তাৰ উত্তৰ কেবল ভাত বা ৰুটি নহয়| এই খাদ্যৰ তালিকা ইমানেই দীঘল যে কৈ শেষ কৰিব নোৱাৰি| ঠিক তেনেকৈ সাজ-পোছাক, আচাৰ-ব্যৱহাৰ, ৰহণ-চহন, চিন্তা-ভাবনা প্ৰতিটো কথাতে ইমান প্ৰভেদ আছে যে এইবোৰ কাৰণতে মানুহে নিজক লৈয়ে কেতিয়াও সন্তুষ্ট নহয়| যিমান পালেও এক ধৰণৰ অসন্তুষ্টি এক ধৰণৰ অতৃপ্তিয়ে মানুহক অহৰহ খেদি ফুৰে| তুমি যে ক’লা অকল ঘূৰা-ফুৰা, খেলা-ধূলা কৰিবলৈ পালেই তোমাৰ ভাল লাগিব বুলি সেয়া মিছা কথা| দুদিনমানৰ পিছত তেনেকৈ থাকিও তোমাৰ আমনি লাগিব| তুমি যে কম্পিউটাৰত গেমবোৰ খেলা আটাইবোৰ লেভেল পাৰ কৰাৰ পাছত তোমাৰ আকৌ সেই গেমটো খেলিবলৈ মন যায় জানো?
: নাযায়| গেমটো কমপ্লিট হ’লেই মই সেইটো ডিলিট কৰি পেলাওঁ|
: সেইটোৱে কথা| মানুহ নতুনত্ব প্ৰিয়| কিন্তু পঢ়া-শুনাত এই কথাটো নাখাতে|
: পঢ়ি যে ভাল নালাগে|
: আমাক সৰুতে আইতাই এষাৰ কথা প্ৰায়ে কৈছিল-পঢ়ায়, পঢ়ে, ৰোৱে পান; এই তিনিয়ে নিচিন্তে আন| পঢ়ায়: কোনে? শিক্ষকে| তেওঁ যেতিয়া পঢ়ায় বা শিক্ষাদান কৰে তেতিয়া সেই কাৰ্য্য কৰোঁতে এনেকৈ নিমজ্জিত হৈ পৰে যে পঢ়োৱাক বাদ দি বাকী আন সমস্ত কথা তেওঁ পাহৰি যায়| পঢ়ে: কোনে? ছাত্ৰই| পঢ়োঁতে তেওঁ যদি মগ্ন হৈ পঢ়ে তেতিয়াহে তেওঁ সফলতা লাভ কৰিব পাৰিব| আৰু যিয়ে পান ৰোৱে তেওঁ হেনো সাৱধানেৰে, মনোযোগেৰে যদি নোৰোৱে পান গছ জীয়াব নোৱাৰে| কোৱা শুনো পানবাৰী সকলোৱে পাতিব নোৱাৰে হেনো| মূল কথাটো হ’ল এই তিনিওটা কাৰ্য্যতেই মনোযোগ, একাগ্ৰতা আৰু ধৈৰ্য্য লাগে| অন্যথা সফলতা লাভ কৰিব নোৱাৰি| তুমি এতিয়া ছাত্ৰ| তোমাৰ কাম হ’ল পঢ়া| পঢ়াক বাদ দি আন কোনো পথ তোমাৰ বাবে খোলা নাই| যিটো কাম তুমি কৰিবই লাগিব তাক ভাল লগা বেয়া লগাৰে জোখা কিয় বাবা? মোক এজন মানুহে কৈছিল Student Life is the Best Part of the Life. মই পঢ়ি থকা অৱস্থাত এই কথাষাৰ বুজি পোৱা হ’লে আজি মোৰ পৰিচয় বেলেগ হ’লহেতেন কিজানি!
: মা, তোমাৰ কেতিয়াও আমনি নালাগে?
: লাগে কিয় নালাগিব| মই মানুহ নহয় নেকি?
: তেতিয়াহ’লে তুমি যে কেতিয়াও ক’তো যাওঁ বুলি নোকোৱা| খালি ঘৰটোতে সোমায় থাকা কিতাপ পঢ়ি পঢ়ি|
: তুমি কোৱাচোন মানুহে কিয় ঘূৰে?
: কিয় আকৌ ভাল লাগিবলৈ| এণ্টাৰটেইন্মেণ্ট বিচাৰি|
: মোৰ মতে অকল Entertainment=মনোৰঞ্জন বিচাৰিয়ে নহয়; দৈনন্দিন জীৱনত এটা পৰিবৰ্তন বিচাৰি অলপ সকাহ বিচাৰি মানুহে ফুৰিবলৈ যায়| মোৰ ক্ষেত্ৰত সেইটো নহয়| প্ৰথম কথা হ’ল বাহিৰলৈ যাবলৈ আমাৰ সামৰ্থ্য নাই| আৰু কিবা কাৰণত যাব পাৰিলেও দেউতাই যাব নোখোজে| ভয় কৰে| দ্বিতীয়তে ইয়াত মোৰ এনে কোনো লগ নাই যাৰ সৈতে কথা পাতি অলপ সময় কটাই মই আনন্দ পাব পাৰোঁ| আমাৰ ঘৰৰ ওচৰ-পাজৰৰ মানুহৰ ঘৰলৈ গৈ এনেয়ে কথা চোবাই থাকিবলৈ মই বেয়া পাওঁ| মোৰ সময়ো নাই| তাতকৈ ভাল কিতাপ এখন পঢ়িলে মই বহুত বেচি আনন্দ পাওঁ|
: মা তুমি কিতাপ পঢ়ি বহুত ভালপোৱা?
: অঁ পাওঁ| কিতাপ মোৰ আটাইত্কৈ প্ৰিয় আৰু বিশ্বস্ত বন্ধু| মোৰ সৰ্বকালৰ লগৰী|
: আমাৰ ঘৰত থকা সকলোবোৰ কিতাপ তুমি পঢ়িলা?
: অঁ পঢ়িলো| গুৱাহাটীৰ পৰা অনা আৰু সহিত্যসভাত কিনাখিনি বাকী আছে| পঢ়িম লাহে লাহে|
: আৰু জ্ঞানমেলাত কিনাকেইখন পঢ়িলা?
: পঢ়িলো| জ্ঞানমেলাত বেচি কিনা নাছিলো নহয়| কথা-ৰত্নাকৰ, মই শ্বাহৰুখ খান হ’ব খোজোঁ আৰু দুখনহে কিনিছিলো|
: মা তুমি কি পঢ়ি ভালপোৱা গল্প নে উপন্যাস নে কবিতা?
: মই উপন্যাস পঢ়ি বেচি ভালপাওঁ|
: তুমি পঢ়া কিতাপবোৰৰ কথাবোৰ তোমাৰ মনত থাকে? মানে কোনখনত কি আছে?
: থাকেতো| কেতিয়াবা দুই এখনৰ মনত নাথাকে|
: ইমানবোৰ কিতাপ তোমাৰ কেনেকৈ মনত থাকে মা? তোমাৰ মেম’ৰি বহুত শ্বাৰ্প মোৰহে নহয়|
: শ্বাৰ্প বুলি কোনো কথা নাই বাবা| কিতাপ পঢ়াত মোৰ আগ্ৰহ আছে| হেঁপাহ আছে| গতিকে ভাললগাখিনি মোৰ মনত ৰৈ যায়| তোমৰোতো ভাল লগাবোৰ মনত ৰৈ যায়| তুমি যে টিভি চোৱা; কোনোবা এটা গান বা এটা চিনৰ টুকুৰা দেখিলেই কৈ দিব পাৰা সেইটো কোনখন চিনেমাৰ হয় নে নহয়?
: হয়| মা, তুমি সেইদিনা Dual Survivor ৰ এপিচ’দটো নাচালা| চাব লাগিছিল জানা| আমাজনৰ হাবিত David আৰু (এ সিজনৰ নামটো পাহৰিলো) কম্পাচ নোহোৱাকৈ এটা বেজীৰ সহায়ত তেওঁলোকে কেনেকৈ দিশ নিৰ্ণয় কৰাৰ চেষ্টা কৰিছিল নহয় এমেজিং| চৌদিশে মাত্ৰ পানী আৰু পানী আৰু পানীৰ ওপৰতে দুডাল গছত কি বুদ্ধিৰে তেওঁলোকে নিশা কটাবলৈ বিচনা তৈয়াৰ কৰি লৈছিল| পোক-পৰুৱা-মহ আদিৰ পৰা ৰক্ষা পৰিবলৈ ধোঁৱাই থকা কিবা এটা জুইত জ্ব্লাই লৈছিল| এই মানুহ দুজনক কিন্তু মানিব লাগিব মা|
: আচলতে প্ৰকৃতিয়ে আমাক মুক্তহস্তে দান দিছে বাবা আমিহে তাৰ অপব্যৱহাৰ কৰিছো| আমাৰ স্বাৰ্থত প্ৰকৃতিক অবাবতে ধ্বংস কৰিছো| তুমি জুৰাছিক পাৰ্ক, লষ্ট ৱৰ্ল্ড চাইছিলা?
: চাইছিলো নেকি ভালকৈ মনত নাই| কিন্তু Avatar, 2012, Journey to the centre of the Earth এইকেইখন চাই মোৰ বহুত ভাল লাগে|
: আৰু কি কি চাই ভাল লাগে?
: ডিস্ক’ভাৰিত দিয়া গোটেইবোৰ প্ৰগেম মোৰ ভাল লাগে| বিশেষকৈ Dual Survivor, World War II in colour, Curiosity, One man army আৰু National Geography ত Deadliest warriors, IC-814 Hijack, Aeroplane crash investigation, Bruce Lee the Legend এইবোৰ চাই মোৰ ভাল লাগে|
: এই গোটেইবোৰ কথা তোমাৰ মনত থাকে| বাৰ্মুদা ট্ৰায়েংগল অথবা ব্লেক হোলৰ ওপৰত দিয়া যিকোনো ন’ট তোমাৰ মনত থাকে| Encyclopedia ৰ সৰু বৰ প্ৰায়বোৰ কথা তোমাৰ মনত থাকে| মহকাশৰ বিষয়ে তোমাৰ আৰু অধিক জানিবৰ মন যায়| তাৰমানে এইবোৰত তোমাৰ আগ্ৰহ আছে, তুমি মনোযোগ দিয়া| গতিকে এই সকলোবোৰ তোমাৰ মনত থাকে| খালি পঢ়াটো মনত নাথাকে কাৰণ তুমি সময়মতে ভালকৈ নপঢ়া|
: আকৌ ঘূৰি পকি পঢ়ালৈকে আহিলা?
: অঁ| সেইটোতো থাকিবই ন? আচ্ছা এইবাৰ অনিৰুদ্ধৰ পাৰ্চেন্টেজ কিমান আছিল?
: ৯.৮৮%|
: ৰোহনৰ?
: নাজানো|
: সিদ্ধাৰ্থৰ?
: ৮.২৫%|
: তাৰ যোৱাবাৰতকৈ পঢ়া ভাল হৈছে| তোমাৰহে বেয়া হৈছে|
: ক’ত বেয়া হৈছে মোৰো ভাল হৈছে| মোৰ ৮.৭৫%| যোৱাবাৰ মোৰ ৭.৮৭% হে আছিল|
: কিন্তু অনিৰুদ্ধৰ যে সদায় ইমান ভাল হয় তোমাৰ কিয় নহয়?
: সি চোকা আক’|
: তুমিতো গাধা নহয়| পঢ়িলে তুমিও পাৰা কিন্তু নপঢ়া| তোমাৰ অসুবিধাটো ক’ত হয়? তোমাৰ কিতাপ নাই নে বহী নাই নে কলম নাই নে সময় নাই? একেখিনিকেইতো সিয়ো পঢ়ে তেন্তে সি যদি পাৰে তুমি কিয় নোৱাৰা?
: তুমি কৈছিলা কাৰো লগত কম্পেয়াৰ্ কৰিব নাপায় বুলি এতিয়া আকৌ তুমিয়ে কম্পেয়াৰ্ কৰিছা! আৰু তাৰ টিউচন আছে|
: মই তুলনা নাইকৰা মাত্ৰ সুধিছো তোমাৰ অসুবিধাটো ক’ত হৈছে| ইমানদিনে টিউচনটো দৰকাৰী বুলি নাই ভবা কাৰণেই নাই দিয়া| তোমাকতো সদায় মই চাওঁৱেই দেখোন| একোতো নুবুজাকৈ নাথাকা| তুমি নিজেও ভালকৈ জানা মোৰ লগত পঢ়াখিনি তুমি ভালকৈ পঢ়া বুলি| এইবাৰে চোৱা দেউতা নাথাকিব বুলি হিন্দী আৰু সংস্কৃত বাদ দি বাকী সকলো বিষয় প্ৰায় তোমাৰ পঢ়া হৈ গৈছিল| গতিকে বছৰেকীয়া পৰীক্ষাত তুমি নিজে পঢ়ি পৰীক্ষা দিওঁতেও ভাল হ’ল| তাৰমানে তুমি গাধা নহয়| অলপ চেষ্টা কৰিলেই তুমিও ১০০% নম্বৰ পাব পাৰা|
: মা তুমি ভাবা নেকি যে অকল পঢ়া-শুনাতেই এজন ল’ৰা বা ছোৱালীৰ যোগ্যতা প্ৰকাশ পায়?
: নাভাবো| কিন্তু আন যিয়ে নকৰা পঢ়াতো প্ৰথম তাৰপাছতহে খেলা-ধূলা, গান-নাচ বা আন পৰদৰ্শিতাৰ কথা আহি পাৰে| এইবাৰ তুমি নৱম শ্ৰেণীত| নৱম আৰু দশম এই দুটা শ্ৰেণীত যদি তুমি আশানুৰূপ নম্বৰ নোপোৱা তেন্তে তোমাৰ ভৱিষ্যতৰ উন্নতিৰ বাটটোৰ ইয়াতেই কেৰোণ ধৰিব| তুমি মনে বিচৰা ধৰণেৰে আগবাঢ়িব নোৱাৰিবা| আমি তোমাক পঢ়া বুলি ক’ব পাৰো, পঢ়াৰ যোগাৰখিনি আনি দিব পাৰো কিন্তু পঢ়াৰ কামটো তুমিয়েই কৰিব লাগিব|
: তুমি পঢ়ালে মোৰ পঢ়ি ভাল লাগে|
: মইতো সদায় পঢ়াব নোৱাৰো বাবা| আজিকালি অফিচৰ পৰা আহি মোৰ ভাগৰ লাগে| তাতে ভণ্টিকো পঢ়াব লাগে| এইবাৰ তোমাৰ অংকখন সঁচাকৈ বৰ টান| মই নোৱাৰো| সেইকাৰণেতো টিউচন দিছো|
: মা, জানা কালি ছাৰে অংক কৰিবলৈ দিওঁতে মই ফাৰ্ষ্টতে কৰি দিলো|
: কোনোবাই তোমাক প্ৰশংসা কৰিলে তোমাৰ কেনে লাগে?
: ভাল লাগে| জানা মা জিতা দিদিয়ে সদায় কয় অম্লানৰ নিচিনাকৈ কোনেও পঢ়িব নোৱাৰে| মানে Lesson reading দিওঁতে|
: এতিয়া চোৱা কাইলৈ যেতিয়া তুমি ভাল পাৰ্চেন্টেজ লৈ পাচ কৰিবা তেতিয়া আমাৰো ভাল নালাগিব জানো? মাক-দেউতাকে সন্তানৰ পৰা ইয়াকেতো আশা কৰে কিন্তু তুমি হ’লা এলেহুৱা| কষ্ট কৰিব নোখোজা| তোমাক সকলোবোৰ ওপৰতে লাগে| তোমাতকৈ ভণ্টি ভাল| তাই কৰিম বোলাতো কৰিহে এৰে|
: এইটো একদম সঁচা কথা ক’লা মা| ভণ্টিক কিন্তু মানিব লাগিব| তাই স্কুল গৈয়েই কে.জি.তো মেডেল পালে ওৱানতো পালে| মইহে আজিলৈকে একো নাপালো| এবাৰহে মাত্ৰ এদিনো স্কুল ক্ষতি নকৰাৰ কাৰণে পুৰস্কাৰ এটা পাইছিলো|
: ভণ্টি তোমাৰ দৰে নহয়| তাইৰ আগ্ৰহ আছে| একাগ্ৰতা আছে| ধৈৰ্য্য আছে| আৰু তুমি সদায় দোমোজাত থাকা|
: দোমোজা মানে?
: Doubt. সন্দেহ| তুমি সদায় নিজকলৈ কন্ফিউজদ্| কিবা এটা কৰিবলৈ গৈ তুমি পাৰিম বুলি আগবাঢ়ি যোৱাতকৈ পাৰিম জানো বুলি পিছ হুঁহকিহে আহা| ড্ৰয়িং স্কুলত নাম লগাই দিলো| দুদিনমান ধাম-ধুম ড্ৰয়িং কৰিলা তাৰপাছত বাদ দিলা| দবাত নাম লগাই দিলো দুমাহমান গৈ তালৈয়ো নোযোৱা হ’লা| গিটাৰখন স্কুলত লাগে কাৰণেই কোনোৰকমে এবছৰ শিকিলা| এতিয়া এদিনো নবজোৱা| তোমাৰ প্ৰতিটো কামতে মই তোমাৰ পিছত লাগি থাকিবতো নোৱাৰো! জ্ঞানমেলা আৰু সাহিত্যসভাৰ পৰা অনা কিতাপবোৰ পঢ়িলা?
: গোটেইবোৰ নাইপঢ়া|
: কি কি পঢ়িলা?
: Journey to the centre of the Earth, Around the world in 80 days, Adventures of Tom Sawyer হাক্লবাৰী ফিন, কাজিৰঙাৰ অভিযান, সুন্দৰপুৰৰ গৌৰৱ পঢ়িলো|
: বাকী George and the big bang, Secret seven ৰ ছিৰিজটো, নীলা চৰাইৰ সাধু কিতাপখন আৰু নীতি ছিৰিজৰ সাধুখিনি?
: নীতি ছিৰিজৰ সাধুকিতাপকেইখন অনাৰ দিনাই পঢ়িলোঁ| বাকীখিনি নাইপঢ়া|
: মই যে তোমাক এন্ ফ্ৰাংকৰ ডায়েৰী আৰু বিষ্ণুৰাভাৰ সান্নিধ্যত কিতাপ দুখন পঢ়িবলৈ দিছিলো নপঢ়িলা?
: ইমান শকত সেই দুখন! বিষ্ণুৰাভাখন তুমি পঢ়ি শুনাবানা| তুমি পঢ়িলে শুনি ভাল লাগে| বিষ্ণুৰাভা আৰু ফণী শৰ্মাৰ বেপাৰৰ কথা শুনি হাঁহি উঠি গৈছিল|
: দেউতাক পঢ়ি শুনাব কবা|
: এ দেউতাই পঢ়িলে শুনিবলৈ বেয়া|
: কালি দেউতাই তোমাক কিয় খং কৰিছিল নো?
: দেউতাই অনবৰতে খালি পঢ় পঢ় কৈ থাকে| মই নপঢ়ো বুলি কৈছিলো সেইকাৰণে খং কৰিছিল|
: তুমিনো দেউতাক পঢ় বুলি কোৱাৰ সুবিধাটো কিয় দিয়া? দেউতাই কোৱাৰ আগতেই কিয় কিতাপ নোলোৱা?
: আৰে দেউতাই শুই উঠাৰ পৰাই পঢ় পঢ় বুলি চিঞৰে| তুমিতো তেনেকৈ নিচিঞৰা|
: মই তোমাক পঢ়ুৱাওঁ কাৰণে মই জানো তোমাৰ কিমানখিনি পঢ়া হৈ আছে বা নাই হোৱা| দেউতাই নাজানে সেয়ে চিঞৰি থাকে| দেউতাই ভাবে দিনে ৰাতিয়ে পঢ়িলেই মানুহে পাৰে| মই অৱশ্যে তেনেকৈ নাভাবো| কিন্তু তুমি এতিয়া আগৰদৰে এঘণ্টা বা দুঘণ্টা পঢ়িলেই নহ’ব| বেচিকৈ পঢ়িব লাগিব বুজিলা|
: মা, তুমি কথাবোৰ ইমান ধুনীয়াকৈ কেনেকৈ বুজোৱা? তুমি আচলতে টিচাৰ হ’ব লাগিছিল|
: হোঁ শিক্ষকেই হ’ব খুজিছিলো| নোৱাৰিলো আৰু| তোমাক যে মই ইমানখিনি Feed back দিলোঁ তুমি এতিয়া মোক কি দিবা?
: কি লাগিব?
: E.V.S আৰু হিন্দীৰ এটা এটা পাঠ সম্পূৰ্ণ কৰি দিব লাগিব|
: মা, This is geju|
: Not geju| মোক লাগিব| মোৰ বহুত সময় গ’ল| কাম আছে মোৰ|
: মই নকৰো| তুমি সদায় এনেকৈ ঠগা মোক|
: নকৰিবাচোন চাম মই|
: চাবা|
: ও চাম| তুমিও চাবা আকৌ মই মা দেউতা নহয় কিন্তু|
: মা তুমি এনেকৈ কিয় ভয় খুওৱানো? ৰাতি কৰি দিলে হ’ব?
: নহ’ব দিনতেই লাগিব| ৰাতি অংক কৰিবা|
: অ’কে অ’কে কৰি দিম| তুমি তেতিয়া মোক ক’ৰবালৈ লৈ যাবা?
: ক’লৈ যাবা?
: এনেই হেষ্টি টেষ্টিত আইচ্ক্ৰীম খাই আহিম আৰু Tell me why খন লৈ আহিম| এইমাহত নাইঅনা নহয়|
: তেতিয়াহ’লে তুমি এতিয়াই গা ধুই আহি পঢ়াত বহাঁ| মই পাছত কাপোৰ ধুম| ভণ্টি শুই থাকোতেই যাব লাগিব|
: ভণ্টিক নিনিয়া?
: তাইক নিব পাৰি জানো?
: অঁ তাইক আকৌ গোটেই বজাৰখনেই লাগে নহয়! মা মই ভালকৈ পঢ়িলে তুমি মোক ভাল পাবা?
: মইনো তোমাক কেতিয়া বেয়া পাওঁ?
: খং কৰি থাকা যে?
: খং কৰাৰ সুবিধাটো তুমিহে দিয়া মোক| এতিয়া যোৱা গা ধুই আহাঁ|
: মা তুমি বহুত ভাল……