ওলোটা খৰৰ বিপৰীতে খৰ (দীপজ্যোতি নাথ)

১) গিৰিয়েকে আলু-পিঁয়াজ খিনি আনি দিয়ে, ক’ৰ কিমান কষ্টৰ টকাৰে আনি দিয়ে বাৰু? তাতে যিহে বজাৰৰ জুই-ছাঁই দাম, ঘৰত সোমাই থাকি ‘ঘৰ ঘৰ কা এলান্ধু’ চিৰিয়েলবোৰ চাই থাকিলে কি বুজিবা দেশৰ খবৰ…. ।

 

২) পত্নী মানে ঘৰ লাগে আমুক লাগে তামুক লাগে , ই.এম.আই দি ভাগৰি যোৱা জীৱন। মা দেউতাৰৰ পৰা আঁতৰাই আৰু ককায়েক-ভায়েকৰ পৰা আঁতৰাই নিজাকৈ ঘৰ এখন থকা সুখটো কেৱল পত্নীয়ে পায় !

 

৩) পত্নী মানেই ষ্টাৰ প্লাছৰ চিৰিয়েল। চিৰিয়েলৰ হিৰো কেইজনক খুউব ভাল লাগে চাগে!!! আমি অফিচৰ কামত ফাঁকি দি দিনৰ দিনটো ফেচবুক নকৰোঁ। বন্ধু কেইজনৰ খবৰ আৰু নজনা কথা জানিবলৈহে কৰোঁ। মই তেতিয়া তুমি ঘৰত অকলে কামেই কৰি আছা নে চিৰিয়েলেই চাই আছা সুধিছোঁ নেকি? দিনটো কাম-কাজ কৰি ঘৰলৈ উভতি আহিলে পানী এগিলাছ নিদি চিৰিয়েলবোৰ চাই থকা দেখিলে কাৰ খং নুঠিবনো?

 

৪) পত্নী মানেই মুখৰ বান্ধ নথকা। কেৱল পেতেৰ পেতেৰ…. এদিন গা বেয়া হৈ মুখ বন্ধ থাককচোন, এহাজাৰ টকা এনেই হাঁহিমুখে দি দিম ।

 

৫) প্ৰেমিকা মানে খৰছৰ আহিলা। কথাতো মিছা নহয়। মোৰ গাড়ীখন যদি BMW, তেতিয়া বেলেগৰ প্ৰেমিকাও মোৰ গাড়ীত উঠিবলৈ বিচাৰিব। ছোৱালীৰ আশা পুৰণ কৰাতো আমাৰ কৰ্তব্য ।

 

৬) সীতাক বিচাৰি ঘূৰি ফুৰোঁ যদিও ৰাম হৈ তোমাক মাৰ ঘৰলৈ পঠিয়াই দিবলৈ খুউব মন আছিল।

 

৭)পুৰুষ হয় জীৱিত নহয় বিবাহিত! -ৱাহ ৱাহ ৱাহ!

নাৰী মানেই শোষণকাৰী ।

(এইয়া বিতৰ্কৰ বাবে লিখা লেখা নহয় দেই। মাথোঁ এনেই ব্যংগ ভাবে লিখা হৈছে)

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
bibahito
8 years ago

Tumar kothabur hunile ene lage jen bhupendar homadhir usorot bohi jibon kotai dim… Teur dore

Copying is Prohibited!