ওলোটা খৰ (মাধুৰীমা ঘৰফলীয়া)

ওলোটা খৰ

১) পত্নী মানেই আলু পিঁয়াজৰ পৰা আদি কৰি বজাৰৰ তালিকা।
-এৰা বজাৰ কৰি অনা সোপাই আলু পিঁয়াজ পত্নীয়ে অকলে খাই যে !

২) পত্নী মানে ঘৰ লাগে আমুক লাগে তামুক লাগে, ই.এম.আই দি ভাগৰি যোৱা জীৱন।
-ঘৰটো, ঘৰটোৰ বাবে লোৱা আচবাববোৰৰ সৈতে পত্নীয়ে অকলে থাকে যে ! নিজাকৈ ঘৰ এখন থকা সুখটো কেৱল পত্নীয়েহে পায়!

৩) পত্নী মানেই ষ্টাৰ প্লাছৰ চিৰিয়েল।
-তুমি অফিচৰ কামত ফাঁকি দি দিনৰ দিনটো ফে’চবুক কৰা। মই জানো তেতিয়া কিবা কওঁ? ঘৰলৈ আহিও মাজৰাতিলৈকে ফে’চবুককে কৰি থকা, তেতিয়া জানো মই কিবা কওঁ? কিন্তু মই যেতিয়া নিজৰ সকলো কাম সুচাৰুৰূপে কৰিও টিভিত কিবা এটা চাওঁ, তোমাৰ কিয় গা জ্বলে?

৪) পত্নী মানেই মুখৰ লাগ-বান্ধ নথকা। কেৱল পেতেৰ পেতেৰ…

-এদিন গা বেয়া হৈ মুখ বন্ধ থাককচোন ,গোটেই ঘৰখন মৰিশালিৰ দৰে লাগিছে বুলি তুমিয়েই মন মাৰি থাকিবা।

৫) প্ৰেমিকা মানে খৰচৰ আহিলা।
-প্ৰেমিকা যদি খৰচৰ আহিলাই হয়,কিয় তেনে আহিলা গোটাই লোৱা? কিয় পাছে পাছে ঘূৰি ফুৰা?

৬) সীতাক বিচাৰি ঘূৰি ফুৰা ,অথচ নিজকে চিকুটি নোচোৱা তুমি ৰাম হ’ব পাৰিছা নে নাই !

৭) পুৰুষ হয় জীৱিত, নহয় বিবাহিত !
-ৱাহ ৱাহ ৱাহ ! বিনামূল্য পোৱা ধুবুনী, ৰান্ধনী, কাম কৰা বাই , মানসিক আৰু শাৰীৰিক তৃপ্তি দিয়া এটা প্ৰাণী যিটিয়ে বিবাহৰ নামত নিজৰ সকলো সম্পৰ্ক এৰি আহি তোমাক আকোঁৱালি লয় তেওঁ আকৌ তোমাৰ বাবে যম হে হ’ল নে???

 

Subscribe
Notify of

1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Jir Jir Junak
9 years ago

Khubei xundar..
Khuhutia aalap..
Alochana..
Likhani….
Hahibor karone logote gyan orjonar xampurna xambhar..

Copying is Prohibited!