কঁঠালৰ তৰকাৰী- পাপৰি শৰ্মা

উপকৰণ: –
১. সৰু কঁঠাল – ১টা
২. লং – ১টা
৩. ইলাচি – ১টা
৪. দালচেনি – ১টুকুৰা
৫. তেজপাত – ১টা
৬. পিঁয়াজ(মজলীয়া জোখৰ) – ৪টা
৭. আদা, নহৰুৰ পেষ্ট – ১চামোচ
৮. ৰেড চিলি পাউদাৰ – ১/২ চামোচ
৯. জিৰা গুড়ি – ১/২ চামোচ
১০. ধনীয়া গুড়ি – ১/২ চামোচ
১১. মিট মছলা – ১/২ চামোচ
১২. গৰম মছলা – ১/২ চামোচ
১৩. দৈ – ৪ চামোচ
১৪. চেনি – ১চিকুট
১৫. নিমখ, হালধি, ৰিফাইন – প্ৰয়োজন মতে
১৬. ঘিঁউ – ১/২ চামোচ

প্ৰণালী: –
১. কঁঠালটো বাকলি গুচাই সৰু সৰু টুকুৰাকৈ কাটি ল’ব
২. কঁঠালখিনি ধুই এটা কেৰাহীত পানী দি, নিমখ আৰু হালধি ১চামোচকৈ দি সিজাই ল’ব৷ সিজিলে পানী টুকি ঠাণ্ডা হ’বলৈ দিব
৩. কেৰাহীত ৰিফাইন দি গৰম হ’লে কঁঠালখিনি ভাজি তুলি থ’ব
৪. কেৰাহীত আকৌ ৪ চামোচ ৰিফাইন দি গৰম হ’লে চেনি ১ চিকুট দিব
৫. চেনিখিনি সোণালী বৰণ ল’লে লং, ইলাচি, দালচেনি আৰু তেজপাত দিব
৬. পিঁয়াজ ৪টাৰ পেষ্ট বনাই তেলত দি ভাজিব
৭. আদা+নহৰুৰ পেষ্ট, ৰেড চিলি পাউদাৰ, জিৰা গুৰি, ধনীয়া গুৰি, মিট মচলা, হালধি দি ভালকৈ ভাজিব
৮. দৈ ৪ চামোচ দিব
৯. কঁঠালখিনি দি নিমখ দিব আৰু সাৱধানে লৰাই ভাজিব
১০. পানী দি ঢাকোন দিব
১১. পানী শুকাই মছলাবোৰ ভালদৰে কঁঠালত লাগি ধৰা যেন পালে গেছ বন্ধ কৰিব
১২. গৰম মছলা আৰু ঘিঁউ দি ভালদৰে মিহলাই গৰমে গৰমে ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰক৷

Subscribe
Notify of

0 Comments
Inline Feedbacks
View all comments
Copying is Prohibited!